ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/৯৯ পৃষ্ঠা ১
  • অন্যলোকে নিজেই লাভৱান হবলৈ তেওঁলোকক শিক্ষা দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অন্যলোকে নিজেই লাভৱান হবলৈ তেওঁলোকক শিক্ষা দিয়ক
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি লাভৱান হৈছেনে?
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ঈশ্বৰৰ নিয়মবোৰ আমাৰ বাবে কিয় লাভজনক?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/৯৯ পৃষ্ঠা ১

অন্যলোকে নিজেই লাভৱান হবলৈ তেওঁলোকক শিক্ষা দিয়ক

১ যিহোৱাই বিচাৰে যে ব্যক্তিগতভাবে সকলো লোকে নিজেই লাভৱান হওঁক। (যিচ. ৪৮:১৭) তেওঁ জানে যে কিহে আমাক প্ৰকৃত সুখ দিব পাৰে। তেওঁ আন্তৰিক ইচ্ছা এই যে মানৱজাতিয়ে তেওঁৰ ব্যৱস্থাবোৰত মনোযোগ দিয়াৰ দ্বাৰা সমস্যাক সামধান কৰা আৰু তেওঁলোকৰ জীৱন আনন্দিত হোৱা। ঈশ্বৰীয় পথত জীৱন-যাপন কৰি আমি নিজেই ব্যক্তিগতভাৱে লাভৱান হব পাৰিম। (গীত. ৩৪:৮) আমি কেনেকৈ আনক সেইদৰে কৰিবলৈ শিক্ষা দিব পাৰোঁ?

২ লোকসকলে কি বিচাৰে? আপুনি যি ঠাইত বাস কৰে তাত থকা গৃহস্থসকলৰ চিন্তা-ধাৰা কি? ঘৰৰ নিৰাপত্তা, নিজৰ বিবাহ-বন্ধনক স্থায়ী কৰা, সন্তানৰ ভৱিষ্যত আৰু তেনেধৰণৰ বিষয়বোৰত তেওঁলোকে বিবেচনা নকৰেনে? যেতিয়া তেওঁলোকে সমস্যাৰ সন্মূখীন হয়, তেতিয়া তেওঁলোকে সহায়ৰ বাবে কিহৰ উপৰত নিৰ্ভৰ কৰে? তেওঁলোকে হয়তো নিজৰ ওপৰত ভাৰসা কৰে, কিছুমানে স্বয়ং সহায় নামৰ কাৰ্য্যক্ৰমৰ সহায় লয় বা অন্যলোকৰ ওপৰত পথ-প্ৰদৰ্শনৰ বাবে নিৰ্ভৰ কৰে। নিজে কেনেকৈ লাভৱান হব পাৰে তাৰে কিছুমান পদ্ধতিত অসঙ্গত আৰু অব্যৱহাৰিক অভিপ্ৰায় থাকে যিবোৰে বহুতো লোকক বিমোৰত পেলায়। আমি তেওঁলোকক প্ৰত্যয় জন্মোৱা উচিত যে ঈশ্বৰৰ বাক্য যি পথ-প্ৰদৰ্শন দেখুৱাইছে সেয়া হৈছে আটাইতকৈ উত্তম। (গীত. ১১৯:⁠৯৮) যদি তেওঁলোকে বাইবেল অধ্যয়ন কৰিবলৈ ইচ্ছা কৰে, আমি তেওঁলোকক ইয়াত কি কৈছে তাক জীৱনত প্ৰয়োগ কৰিলে বৰ্তমান সময়টো কেনেকৈ তেওঁলোকৰ জীৱন পদ্ধতি উন্নত হব তাক দেখুৱাৰ দ্বাৰা পথ-প্ৰদৰ্শন কৰিব পাৰোঁ।​—⁠২ তীম. ৩:​১৬, ১৭.

৩ পৰিয়াল জীৱন উন্নত কৰক: অতি কম সংখ্যক লোকেহে অনুভৱ কৰে যে ইফিচীয়া ৫:২২-⁠৬:৪ পদত দিয়া নিশ্বাসিত উপদেশে সচাঁকৈ পৰিয়ালৰ সমস্যা সামধানৰ বাবে ব্যৱহাৰিক। এইটো এক দম্পতীৰ ক্ষেত্ৰত হৈছিল, যিসকলে তেওঁলোকৰ বিবাহৰ দহ বছৰৰ পাছত পৃথক হবলৈ বিবেচনা কৰিছিল। কিন্তু পত্নীয়ে এজন সাক্ষীৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰিলে, যিগৰাকীয়ে বিবাহিত জীৱনৰ বিষয়ে শাস্ত্ৰীয় উপদেশ দিলে। বাইবেলৰ উপদেশ প্ৰয়োগ কৰাৰ বাবে স্বামীয়ে তাইৰ আচৰণত বহু পৰিবৰ্ত্তন দেখিবলৈ পালে আৰু তেৱোঁ অধ্যয়ন আৰম্ভ কৰিলে। তেওঁ পাছত কʼলে: “এতিয়া আমি এটা প্ৰকৃত সূখী পৰিয়াল জীৱনৰ মূল বিচাৰি পালোঁ।”

৪ জীৱনৰ প্ৰকৃত উদ্দেশ্য: যেতিয়া এজন নিচাজাতীয় দ্ৰব্য সেৱন কৰা এজন ডেকাই এজন সাক্ষীৰ পৰা সহায় বিচাৰিলে, তেতিয়া তেওঁক বুজাই দিয়া হʼল যে যিহোৱাই তেওঁৰ প্ৰতি ব্যক্তিগতভাৱে তত্ত্বাবধান লৈছে। তেওঁ কʼলে ‘মই জানিলো যে মানুহৰ বাবে সৃষ্টিকৰ্ত্তাৰ এটা উদ্দেশ্য আছে আৰু যিসকলে তেওঁৰ অনুগ্ৰহত আছে তেওঁলোকৰ বাবে অনন্ত জীৱন প্ৰদান কৰিছে। আপুনি কল্পনা কৰিব নোৱাৰিব যে এই বিষয়ে মই কিমান আনন্দ অনুভৱ কৰিলোঁ। আজি মোৰ ভাল স্বাস্থ্য আছে, মনত শান্তি আৰু ঈশ্বৰৰ সৈতে এক ঘনিষ্ঠ সমন্ধ থকাৰ বাবে মই আনন্দ উপভোগ কৰিছোঁ।’

৫ ঈশ্বৰৰ বাক্যত পোৱা ব্যৱহাৰিক সহায়ৰ পৰা সকলোৱে লাভৱান হব পাৰে। বাইবেলক আমাৰ পথ প্ৰদৰ্শক হিচাপে ব্যৱহাৰ কৰি, আমি দৃঢ় হওঁ যে এই জগতৰ জীৱনৰ পথতকৈ যিহোৱাৰ পথ হৈছে সকলোতকৈ উত্তম। (গীত. ১১৬:১২) আনক এই বাৰ্ত্তা দিয়া আৰু ইয়াৰ পৰা লাভৱান হবলৈ শিক্ষা দিয়াটো আমাৰ বাবে এইটো হৈছে এটা বিশেষ অধিকাৰ। যিদৰে আমি কৰি যাম, আৰু বহুতো ভাল পৰিণাম দেখিবলৈ পাম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক