সহায়ৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰক
১ যীচুৱে তেওঁৰ শিষ্যসকলক তেওঁলোকৰ পৰিচৰ্য্যা কাৰ্য্যৰ বাবে যিহোৱালৈ আশীৰ্ব্বাদ বিচাৰি প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰিছিল। (মথি ৯:৩৭, ৩৮) আন্তৰিকতাৰে স্তুতি আৰু ধন্যবাদ, বিনতি আৰু আৰধনাযুক্ত প্ৰাৰ্থনাৰ দ্বাৰা আমি প্ৰদৰ্শন কৰোঁ যে সহায়ৰ বাবে যিহোৱাৰ ওপৰত সম্পূৰ্ণকৈ নিৰ্ভৰশীল। (ফিলি. ৪:৬, ৭) শাস্ত্ৰই আমাক “সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে” সৈতে প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত দিছে আৰু ইয়াক আমি আমাৰ পৰিচৰ্য্যা সম্বন্ধে কৰা প্ৰাৰ্থনাত প্ৰয়োগ কৰিব পাৰোঁ।—ইফি. ৬:১৮.
২ আমি যিহোৱাক তেওঁৰ অতুলনীয় গুণসমূহ আৰু সম্পন্নতা বাবে স্তুতি কৰোঁ। আমি তেওঁক এইবাবেও স্তুতি কৰোঁ কাৰণ তেওঁ আমাক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ দায়ীত্ব দিছে। তেৱেঁ মাত্ৰ আমাৰ পৰিচৰ্য্যা কাৰ্য্যক সফলতাৰে বহন কৰিবলৈ সক্ষম কৰাই সেইবাবে তেওঁ স্তুতি পোৱাৰ যোগ্য।—গীত. ১২৭:১.
৩ যিহোৱাই তেওঁৰ ইচ্ছা আৰু উদ্দেশ্যক বুজিবলৈ অন্তদৃষ্টি প্ৰদান কৰাৰ বাবে আমাৰ ধন্যবাদযুক্ত প্ৰাৰ্থনাৰ দ্বাৰা তেওঁৰ প্ৰতি থকা মূল্যঙ্কান প্ৰদৰ্শন কৰোঁ। আনক ৰাজ্যৰ সত্যতাৰ সম্পৰ্কে কোৱাটো এটা বিশেষ অধিকাৰ নহয়নে? যিহোৱাই আমাৰ পৰিচৰ্য্যা কাৰ্য্যক সম্পন্ন কৰাত সহায় কৰাৰ বাবে আমি তেওঁক ধন্যবাদ কৰোঁ।—গীত. ১০৭:৮; ইফি. ৫:২০.
৪ উপযুক্তৰূপে, যিসকলে আমাৰ বাইবেল অধ্যয়ন স্বীকাৰ কৰে আৰু সত্যক তেওঁলোকৰ হৃদয়ত স্থান দিয়ে তেনে ব্যক্তিসকলক বিচাৰি পাবলৈ যিহোৱালৈ সহায় বিচাৰি নিবেদন কৰোঁ। এইধৰণৰ নিবেদনে এইটো বুজি পোৱাত সহায় কৰে যে মাত্ৰ ঈশ্বৰে আমাৰ পৰিচৰ্য্যা কাৰ্য্যক কাৰ্য্যকাৰী কৰিব পাৰে।—১ কৰি. ৩:৫-৭.
৫ এজনী ভনীয়ে এইদৰে অনুভৱ কৰে, আলোচনী প্ৰবাহত এগৰাকী মহিলাক দিয়া প্ৰহৰীদূৰ্গ আৰু সজাগ হোৱা! আলোচনীবোৰ সেই মহিলা গৰাকীয়ে পঢ়া নাই। ভনীজনীয়ে সেই মূল্যবান আলোচনীবোৰক এনেয়ে অপব্যয় হোৱাটো নিবিচাৰিলে আৰু তাই যিহোৱালৈ প্ৰাৰ্থনা কৰি কলে যে যদি তাই সেই আলোচনীবোৰ নপঢ়ে, তাই অস্বীকাৰ কৰিব পাৰিলেহেতেঁন। যেতিয়া ভনীজনীয়ে পুনৰ সেই মহিলা গৰাকীক সাক্ষাৎ কৰে, তেতিয়া তাইৰ স্বামীয়ে এইদৰে কয়: “এই আলোচনীসমূহক নিয়মীয়াকৈ দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। মই নিয়মীয়াকৈ এই আলোচনীবোৰ পঢ়িছোঁ আৰু সচাঁকৈ সেইবোৰক পছন্দ কৰোঁ।”
৬ নিৰুৎসাহ, বিদ্ৰূপৰ প্ৰতি আওকাণ কৰিবলৈ আৰু মানুহৰ প্ৰতি থকা ভয়ক আতঁৰাই পেলাবলৈ আৰু ৰাইজৰ আগত সাহসেৰে সাক্ষী দিয়া কাৰ্য্য কৰিবলৈ নম্ৰ আৰু আন্তৰিকতাৰে যিহোৱাক মিনতি কৰিব পাৰোঁ, যাতে আমি এইবোৰ সমস্যাক অতিক্ৰম কৰিব পাৰোঁ। (পাঁচ. ৪:৩১) যদি আমি একেৰাহে “সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে” আমাৰ পবিত্ৰ সেৱাত আজ্ঞানুবৰ্তী হৈ সেইমতে কাৰ্য্য কৰি প্ৰাৰ্থনাত লাগি থাকোঁ আমি যিহোৱাৰ সহায়ৰ প্ৰতি নিশ্চয়তা লাভ কৰিব পাৰিম।—১ যোহ. ৩:২২.