ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/৯৯ পৃষ্ঠা ১
  • প্ৰচাৰ কাৰ্য্যই আমাক পৃথক কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰচাৰ কাৰ্য্যই আমাক পৃথক কৰে
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • যীচুৰ দৰে উৎসাহেৰে প্ৰচাৰ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • ‘মঙ্গলৰ শুভবাৰ্ত্তা অনাজনক কেনে সুন্দৰ দেখা যায়’
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • প্ৰেমৰ বাবে আমি প্ৰচাৰ কৰোঁ!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • শুভবাৰ্তা কোনে প্ৰচাৰ কৰিছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/৯৯ পৃষ্ঠা ১

প্ৰচাৰ কাৰ্য্যই আমাক পৃথক কৰে

১ বহুতো লোকে সোধে, “কি কাৰ্য্যই যিহোৱাৰ সাক্ষীসকলক অন্য ধৰ্ম্মবিলাকৰ পৰা পৃথক কৰে?” আপুনি কিদৰে উত্তৰ দিব? আপুনি হয়তো বাইবেল আধাৰিত আমাৰ বিশ্বাসৰ বিষয়ে বৰ্ণনা কৰিব। কিন্তু আপুনি আমাৰ পৰিচৰ্য্যা কাৰ্য্যৰ বিষয়ে চিন্তা কৰিছেনে যিহে আমাক অন্য ধৰ্ম্মবিলাকৰ পৰা পৃথক কৰে?—মথি ২৪:১৪; ২৮:১৯, ২০.

২ বৰ্তমান সময়ত কিছুমান ধৰ্ম্মীয় লোকে তেওঁলোকৰ বিশ্বাসৰ সম্পৰ্কে আনক কবলৈ অনুপ্ৰেৰিত হৈছে। তেওঁলোকে হয়তো ভৱিব পাৰে যে নৈতিকৰূপে জীৱন নিৰ্বাহ কৰিবলৈ, কৈচৰৰ নিয়ম পালন কৰা বা আনৰ বাবে তেনেধৰণৰ কাৰ্য্য কৰাই যথেষ্ঠ। যিহেতু, বাইবেলে উদ্ধাৰৰ বাবে যি কৈছে সেই সম্পৰ্কে তেওঁলোকে আনক কবলৈ কৰ্তব্যবোধ নকৰে। আমি তেওঁলোকৰ পৰা কেনেকৈ পৃথক?

৩ আন ধৰ্ম্মবিলাকৰ কাৰ্য্যৰ তুলনাত আমাৰ উদ্যমী পৰিচৰ্য্যা কাৰ্য্য সম্পূৰ্ণকৈ জিলিকি আছে। আধুনিক দিনৰ সাক্ষীসকলে প্ৰাৰম্ভিক খ্ৰীষ্টীয়সকলক অনুকৰণ কৰি ১০০ বছৰতকৈ বেছি সময় ধৰি কৰ্তব্যনিষ্ঠাৰে পৃথিৱীৰ সকলো দিশত শুভবাৰ্ত্তা প্ৰচাৰ কৰি আহিছে। আমাৰ লক্ষ্য হৈছে এইদৰে কাৰ্য্য কৰি যিমান সম্ভৱ হয় অধিক লোকক তেওঁলোকৰ জীৱন ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে নিৰ্বাহ কৰিবলৈ সহায় কৰা।—১ তীম. ২:৪; ২ পিত. ৩:৯.

৪ আপোনাৰ কেনেধৰণৰ সুনাম আছে? আপোনাক এজন ঈশ্বৰৰ বাক্যৰ উদ্যমী প্ৰচাৰকৰূপে জনা যায় নে? (পাঁচ. ১৭:২, ৩; ১৮:২৫) আপুনি কৰা প্ৰচাৰ কাৰ্য্যই আপোনাৰ চুবুৰীয়াক তেওঁলোকৰ ধৰ্ম্ম আৰু আপোনাৰ ধৰ্ম্মৰ মাজত থকা পৃথকতাক ইচ্ছাকৃতভাৱে দৃষ্টি কৰিবলৈ সহায় কৰেনে? আপুনি নিজৰ বিশ্বাসক আনৰ সৈতে ভাগ কৰা এজন আগ্ৰহী ব্যক্তিৰূপে জনা গৈছে নে? নিয়মিতৰূপে পৰিচৰ্য্যা কাৰ্য্যত ভাগ লোৱাৰ বাবে আপোনাৰ দৈনিক তালিকা আছেনে? লক্ষ্য কৰক যে আমি মাত্ৰ আমাৰ নামৰ দ্বাৰাই পৃথকতা নেদেখুৱাও কিন্তু ইয়াৰ সৈতে জড়িত থকা উদ্দেশ্যক কাৰ্য্যত পৰিণত কৰা অৰ্থাৎ যিহোৱাৰ বিষয়ে প্ৰচাৰ কৰাৰ দ্বাৰা আমি নিজকে আনৰ পৰা পৃথকে প্ৰকাশ কৰোঁ।—যিচ. ৪৩:১০.

৫ ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমে আমাক প্ৰচাৰ কাৰ্য্যত ব্যস্ত থাকিবলৈ উৎসাহিত কৰে। (মথি ২২:৩৭-৩৯) সেইবাবে আমি যীচু আৰু পাঁচনিসকলৰ দৰে সকলো পৰিস্থিতিত আনক ৰাজ্যৰ সম্বাদ শুনোৱা সুযোগত ভাগ লওঁ। আহঁক আমি একেৰাহে উদ্যমী হৈ সেই সকলক শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰোঁ যিসকলে শুনিবলৈ ইচ্ছুক। এইদৰে কৰাৰ দ্বাৰা আগ্ৰহীসকলক, “ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ” সহায় কৰিম।—মলা. ৩:১৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক