ঈশ্বৰক বিশ্বাস নকৰা ব্যক্তিৰ সৈতে কিদৰে কথা-বতৰা হব?
১ পʼলেণ্ডৰ এগৰাকী অধ্যাপিকাই আফ্ৰিকাৰ এগৰাকী মিছনাৰীক “মই ঈশ্বৰক বিশ্বাস নকৰোঁ” বুলি কয়। যিহেতু ভনী গৰাকীয়ে সেই মহিলাৰ সৈতে আলোচনা কৰিবলৈ সফল হয় আৰু জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? নামৰ কিতাপখন তেওঁলৈ আগবঢ়ায়। যেতিয়া মিছনাৰী ভনী গৰাকীয়ে পাছৰ সপ্তাহত পুনৰ সেই অধ্যাপিকাৰ ওচৰলৈ যায়, তেতিয়া তেওঁ কয়: “মই এতিয়া ঈশ্বৰক বিশ্বাস কৰিছোঁ!” তেওঁ সৃষ্টি কিতাপখন আৰম্ভণিৰ পৰা শেষৰলৈকে পঢ়ি বাইবেল অধ্যয়ন কৰিবলৈ বিচাৰিলে। যিসকলে কয় যে তেওঁলোকে ঈশ্বৰক বিশ্বাস নকৰে, তেনে ব্যক্তিসকলক আপুনি কেনেকৈ সফলতাপূৰ্বক সাক্ষী দিব পাৰে? সৰ্ব্বপ্ৰথমে তেওঁলোকে সেইদৰে দাবী কৰা বিভিন্ন কাৰণসমূহক বিবেচনা কৰক।
২ ঈশ্বৰক বিশ্বাস নকৰাৰ কাৰণসমূহ: ঈশ্বৰক বিশ্বাস নকৰা সকলো ব্যক্তিয়ে জন্মৰ পৰা নাস্তিক নহয়। বহুতে প্ৰকাশ কৰে যে তেওঁলোকে এক সময়ত ধৰ্ম্ম পালন কৰিছিল আৰু ঈশ্বৰক বিশ্বাস কৰিছিল। কিন্তু, শৰীৰিক অৱস্থা গুৰুত্বজনক বা পৰিয়ালৰ সমস্যা বা অন্যায়ৰ বাবে তেওঁলোকৰ বিশ্বাস দূৰ্ব্বল হৈ পৰিল। আনসকলে, তেওঁলোকৰ স্কুল, কলেজ বা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা বিষয়বিলাকৰ বাবে ঈশ্বৰক প্ৰতি বিশ্বাস নাইকিয়া হʼল। কিন্তু মন কৰিবলগীয়া কথা এই যে বহুতো নাস্তিক ব্যক্তিয়ে মন পৰিৱৰ্তন কৰিলে আৰু তেওঁলোকে যিহোৱা ঈশ্বৰক দৃঢ় বিশ্বাস কৰি তেওঁৰ সাক্ষী হʼল।
৩ পেৰিছত থকা এগৰাকী মহিলাই জন্মৰে পৰা হাড়ৰ ৰোগত পীড়িত আছিল। যদিও তেওঁ কেথলিকৰূপে বাপ্তিষ্মা গ্ৰহণ কৰে, তথাপিও ঈশ্বৰক বিশ্বাস নকৰোঁ বুলি কৈছিল। যেতিয়া তেওঁ এগৰাকী নানক প্ৰশ্ন কৰে যে কিয় ঈশ্বৰে তেওঁক এইধৰণৰ ৰোগ দিলে, উত্তৰত নানগৰাকীয়ে কয়: “কিয়নো তেওঁ আপোনাক প্ৰেম কৰে।” তেওঁ এইধৰণৰ যুক্তিহীন দৃষ্টিভঙ্গীক অস্বীকাৰ কৰে। ফিনলেণ্ডত বাস কৰা আন এজন ডেকা ব্যক্তিৰ বিষয়ে বিবেচনা কৰক যিজনে দুৰাৰোগ্য মাংসপেশীৰ ৰোগত পীড়িত হৈছিল আৰু গোটেই জীৱন হুইল চেয়াৰত কটাব লাগিব বুলি চিকিৎসকে কৈছিল। সেই ডেকাজনৰ মাকে তেওঁক পেন্টাকষ্ট ধৰ্ম্মৰ এজন ব্যক্তিৰ ওচৰলৈ লৈ গৈছিল যি জনে ৰোগ নিৰাময় কৰিব পাৰে বুলি দাবী কৰিছিল। কিন্তু সেই ব্যক্তিজনে তেওঁৰ ৰোগ সুস্থ কৰিব নোৱাৰিলে। ফলস্বৰূপে ডেকাজনে ঈশ্বৰৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাইছিল আৰু নাস্তিক হৈ পৰিছিল।
৪ হণ্ডৰাছত থকা এজন ব্যক্তিয়ে কেথলিক পৰিয়ালত জন্ম গ্ৰহণ কৰে, কিন্তু তেওঁ সমস্থত্ববাদী দৰ্শনশাস্ত্ৰ আৰু নাস্তিকবাদীৰ ওপৰত আধাৰিত বিষয়সমূহক অধ্যয়ন কৰে। বিশ্ববিদ্যালয়ত শিকোৱা হৈছিল যে মানুহ ক্ৰমবিকাশৰ দ্বাৰা উৎপত্তি হৈছে আৰু সেই শিক্ষাই তেওঁক ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস হ্ৰাস কৰে। ঠিক তেনেদৰে, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা এগৰাকী মহিলাই মেথডিষ্ট পৰিয়ালত ডাঙৰ-দীঘল হয়। কলেজত মনোবিজ্ঞান শাস্ত্ৰৰ শিক্ষা গ্ৰহণ কৰে। কেনেকৈ ঈশ্বৰৰ প্ৰতি থকা তেওঁৰ বিশ্বাস লুপ্ত হʼল? এইবুলি সোধাত, তেওঁ কয়: “শিক্ষা শেষ হোৱাৰ কিছুমাহৰ পাছত ধৰ্ম্মৰ প্ৰতি থকা সমূলি বিশ্বাস হেৰুৱাই পেলালোঁ।”
৫ সৰল লোকৰ হৃদয় স্পৰ্শ কৰা: যিসকল ব্যক্তিয়ে কয় যে তেওঁলোকে ঈশ্বৰক বিশ্বাস নকৰে, কিন্তু তেওঁলোকে এইটো জানি আনন্দিত হʼব যে অসুস্থ শৰীৰ, পৰিয়ালৰ সমস্যা, অন্যায় আৰু অন্যান্য সমস্যাসমূহৰ সমাধান আছে। সাধাৰণতে তেওঁলোকে এইধৰণৰ প্ৰশ্নৰ উত্তৰ পাবলৈ ইচ্ছুক, যেনে ‘বৰ্তমান সময়ৰলৈকে দুষ্টতা কিয় অস্তিত্ব আছে?’ মাত্ৰ কিয় ধাৰ্ম্মিক লোকসকলেহে কষ্ট ভূগিব লগীয়া হয়?’ আৰু ‘জীৱনৰ অৰ্থ কি?’
৬ ছুইট্জাৰলেণ্ডত বাস কৰা এহাল দম্পতী আছিল যিসকলে বাল্যকালৰে পৰা ঈশ্বৰক বিশ্বাস নকৰিছিল। যেতিয়া তেওঁলোকে প্ৰথমবাৰৰ বাবে এক সাক্ষী দম্পতীৰ পৰা সত্যৰ বিষয়ে জানিব পাৰে, তেওঁলোকে সত্যৰ প্ৰতি সঠিক প্ৰতিক্ৰিয়া নেদেখুৱায়। যিহেতু তেওঁলোকৰ গুৰুত্বৰ পৰিবাৰিক সমস্যা আছিল আৰু বিবাহ বিচ্ছেদৰ বাবে বিবেচনা কৰি আছিল। যেতিয়া সাক্ষী দম্পতীয়ে তেওঁলোকক পুনৰ সাক্ষাৎ কৰে, তেওঁলোকে সেই দম্পতীক বাইবেলৰ পৰা বৰ্ণনা কৰে যে কেনেকৈ তেওঁলোকৰ সমস্যাৰ সমাধান পোৱা যাব। শাস্ত্ৰ বচনৰ পৰা এই কাৰ্য্যকাৰী পৰমাৰ্শ শুনি তেওঁলোকে অতি আচৰিত হয় আৰু তেওঁলোকে বাইবেল অধ্যয়ন কৰিবলৈ মান্তি হʼল। তেওঁলোকৰ বৈবাহিক জীৱন উন্নত হʼব ধৰিলে আৰু তেওঁলোকে আধ্যাত্মিকত উন্নতি কৰি বাপ্তিষ্মা ললে।
৭ ঈশ্বৰক বিশ্বাস নকৰা এজন ব্যক্তিক আপুনি কি কʼব: যেতিয়া কোনো এজনে আপোনাক কয় যে তেওঁ ঈশ্বৰক বিশ্বাস নকৰে, তেওঁ কিয় তেনেদৰে কয় তাৰ কাৰণসমূহ বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। ইয়াৰ কাৰণসমূহ এইটোনে যে তেওঁ লাভ কৰা শিক্ষা, তেওঁ সন্মূখীন হোৱা সমস্যাসমূহ বা ধৰ্ম্মীয় কপটাচৰণ আৰু মিছা শিক্ষাসমূহ? আপুনি তেওঁক সুধিব পাৰে: “আপুনি সকলো সময়তে এইদৰে ভাবেনে?” বা “আপুনি এনে সিদ্ধান্তত উপনীত হোৱা কাৰণসমূহ কি কি মোক জনাবনে?” তেওঁৰ উত্তৰে আপোনাক কি কʼব লাগে তাক জনাত সহায় কৰিব। যʼত তৰ্কমূলক আলোচনাৰ আৱশ্যক, তাত আপুনি সৃষ্টিকৰ্ত্তা আছেনে যিজনে আপোনাৰ বাবে চিন্তা কৰে? কিতাপখন দিব পাৰে।
৮ আপুনি এজন নাস্তিকবাদী ব্যক্তিক এইদৰে প্ৰশ্ন সুধি কথা-বতৰা আৰম্ভ কৰিব পাৰে:
▪ “আপুনি কেতিয়াবা আচৰিত হৈছেনে: ‘যদি ঈশ্বৰ আছে তেনেহʼলে এই জগতখনত কিয় ইমান অন্যায়ৰে ভৰি পৰিছে?’ [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক।] ইয়াৰ উত্তৰ পাবলৈ মই আপোনাক বাইবেলৰ পৰা দেখুৱাব পাৰোঁনে?” যিৰিমিয়া ১০:২৩ পদতো পঢ়ক। পঢ়াৰ পাছত তেওঁক প্ৰশ্ন কৰক যে সেই কথাশাৰীৰ ওপৰত আপোনাৰ দৃষ্টিভঙ্গী কি। কি কেতিয়াবা যুদ্ধ বিহীন সংসাৰ হবনে? ব্ৰচাৰখনৰ ১৬ আৰু ১৭ পৃষ্ঠা দেখুৱাক, বা সৃষ্টিকৰ্ত্তা কিতাপখনৰ ১০ অধ্যায় ব্যৱহাৰ কৰিব পাৰে। তেওঁক আলোচনী লৈ পঢ়িবলৈ আমন্ত্ৰণ জনাওঁক।—অধিক পৰামৰ্শৰ বাবে, ৰীজনিং কিতাপৰ ১৫০-১৫১ পৃষ্ঠা চাওঁক।
৯ সাধাৰণতে, সকলো নাস্তিকবাদী লোকে সত্যক স্বীকাৰ নকৰিব। কিন্তু এনে বহুতোলোক আছে যিসকলে আনৰ দৃষ্টিভঙ্গীক বিবেচনা কৰিবলৈ আগ্ৰহ কৰে। তেওঁলোকক সত্যৰ প্ৰতি দৃষ্টি দিয়াত সহায় কৰিবলৈ, যথাৰ্থ সিদ্ধান্ত আৰু ঈশ্বৰৰ বাক্যক ব্যৱহাৰ কৰক।—পাঁচ. ২৮:২৩, ২৪; ইব্ৰী ৪:১২.