ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০০ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০০ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ জানুৱাৰী: মণ্ডলীৰ ষ্টকত থকা ১৯২ পৃষ্ঠাৰ যিকোনো পুৰণি কিতাপৰ বিতৰণ। যি মণ্ডলীৰ ষ্টকত এই পুৰণি কিতাপবোৰ উপলব্ধ নাই, তেনে ক্ষেত্ৰত তেওঁলোকে জীৱনৰ কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? বা আপুনি পৰমদেশীয় পৃথিৱীত সৰ্বদা জীয়াই থাকিব পাৰে এই কিতাপবোৰ দিব পাৰে। ফেব্ৰুৱাৰী: পৰিয়ালৰ সুখৰ ৰহস্য। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এক বিষেশ প্ৰচেষ্টা কৰা হʼব। এপ্ৰিল: প্ৰহৰীদূৰ্গ আৰু সচেতন! আলোচনীৰ একোখনকৈ কপি বিতৰণ কৰক। আগ্ৰহী ব্যক্তিসকলক বিচাৰে ব্ৰচাৰখন দি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰক।

▪ বাপ্তিষ্মা লোৱা সকলো প্ৰচাৰকক জানুৱাৰী মাহৰ ১০ তাৰিখত হোৱা সেৱা সভাত উপস্থিত থাকিবলৈ অনুৰোধ কৰা হৈছে, যাতে তেওঁলোকে তেওঁলোকৰ লʼৰা-ছোৱালীৰ বাবে আগতীয়াকৈ চিকিৎসীয় নিৰ্দেশ-পত্ৰ/মুক্তি পত্ৰ আৰু চিনাক্ত কাৰ্ড লব পাৰে।

▪ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিৰ পৰা মাৰ্চ মাহৰ ৫ তাৰিখৰ ভিতৰত চাৰ্কিট ওভাৰচিয়াৰে ৰাজহুৱা ভাষণত নতুন বিষয়বস্তু প্ৰস্তুত কৰা আৱশ্যক, যাৰ বিষয় হৈছে “প্ৰকৃত হৰমাগিদোন—কিয়? আৰু কেতিয়া?”

▪ এইবছৰৰ এপ্ৰিল মাহৰ ১৯ তাৰিখে সূৰ্য্য অস্ত যোৱাৰ পাছত স্মৰণীয় পৰ্ব্ব পালন কৰা হʼব। ইয়াৰ বাবে মণ্ডলীয়ে সুবিধাজনক ব্যৱস্থা কৰা উচিত। যদিও ভাষণ সোনকালে আৰম্ভ কৰা হয়, কিন্তু এই কথা মনত ৰখা উচিত যে সূৰ্য্য অস্ত যোৱাৰ পাছতেহে স্মাৰক প্ৰতীকক সঞ্চালিত কৰা আৱশ্যক। স্থানীয় বাতৰি-কাকত বা বাতৰি মাধ্যয়মৰ যোগেদি আপুনি আপোনাৰ এলেকাত সূৰ্য্য অস্ত যোৱাৰ সঠিক সময়ৰ বিষয়ে খবৰ কৰক। যিহেতু, যদিও প্ৰত্যেক মণ্ডলীয়ে নিজাবৱীয়াকৈ স্মৰণীয় পৰ্ব্বৰ উদ্‌যাপন কৰাটো বাঞ্চনীয়, কিন্তু সকলোৰে বাবে তেনে কৰাটো সম্ভৱ নহয়। সাধাৰণতে বেছি সংখ্যক মণ্ডলীয়ে একেটা ৰাজ্যগৃহক স্মৰণীয় পৰ্ব্ব পালন কৰিবলৈ ব্যৱহাৰ কৰে। তেনে ক্ষেত্ৰত এটা বা অধিক মণ্ডলীয়ে সেই সন্ধ্যাত আন ঠাইত ব্যৱস্থা কৰিব পাৰে। আমি পৰামৰ্শ দিব বিচাৰিছোঁ যে যদি সম্ভৱ হয় এটা মণ্ডলীয়ে স্মৰণীয় পৰ্ব্বৰ কাৰ্য্যক্ৰম শেষ হোৱাৰ পাছত বা আৰম্ভ হোৱাৰ আগত, নতুনকৈ অহা আগ্ৰহী ব্যক্তিসকলৰ সৈতে কথা-বতৰা হʼবলৈ অন্ততঃ ৪০ মিনিট সময়ৰ আৱশ্যক। যান-বাহনবোৰ এনে ঠাইত ৰখা উচিত নহয় যাৰ পৰা অহা-যোৱা কৰা বাটত বাধা সৃষ্টি কৰে, তাৰ প্ৰতিও চকু দিয়া আৱশ্যক। সেইবাবে প্ৰাচীন গোষ্ঠীয়ে স্থানীয়ভাৱে কি ব্যৱস্থা কৰিব পাৰে তাৰ বাবে বিবেচনা কৰাটো উত্তম হʼব।

▪ স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত ২০০০ চনৰ বিশেষ ৰাজহুৱা ভাষণ এপ্ৰিল ১৬ তাৰিখে দিয়া হʼব। তাৰ বিষয়বস্তু হʼব “মানৱজাতিক কিয় মুক্তিপণৰ আৱশ্যক।” তাৰবাবে পৰিলেখ দিয়া হʼব। সেই সপ্তাহত যি মণ্ডলীবোৰত চাৰ্কিট ওভাৰচিয়াৰৰ ভিজিট, চাৰ্কিট সন্মিলন বা বিশেষ সন্মিলন থাকে তেওঁলোকে তাৰ পাছৰ সপ্তাহত এই ভাষণ দিবলৈ ব্যৱস্থা কৰা উচিত। কোনো মণ্ডলীয়ে ২০০০ চনৰ এপ্ৰিল মাহৰ ১৬ তাৰিখৰ আগতে যেন এই ভাষণ নিদিয়ে।

▪ নতুন প্ৰকাশন উপলব্ধ:

১৯৯৮ চনৰ ৱাচ্‌ টাৱাৰ পব্লিকেচন ইনডেক্স

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনবোৰ:

ব্ৰচাৰ: জীৱনৰ উদ্দেশ্য কি?—কানাড়ী, মাৰাঠী আৰু মালয়ালম

▪ অডিও কম্পেক্ট ডিক্স:

বাদ্যসঙ্গীত: চিংগিঙ কিংডম চঙ (এখন ডিক্স)

বাদ্যধ্বনিঃ: কিংডম মেলডিছ, নং ১-৮ (আঠটা ডিক্সৰ চেট)

(আপোনাক আৱশ্যক হোৱা ডিক্সৰ বিশেষ নম্বৰৰ উল্লেখ কৰি অনুৰোধ কৰিব পাৰে)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক