ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০০ পৃষ্ঠা ৮
  • আমি কেনেকৈ যুক্তি দৰ্শোৱা ক্ষমতাক উন্নত কৰিব পাৰোঁ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি কেনেকৈ যুক্তি দৰ্শোৱা ক্ষমতাক উন্নত কৰিব পাৰোঁ
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০০ পৃষ্ঠা ৮

আমি কেনেকৈ যুক্তি দৰ্শোৱা ক্ষমতাক উন্নত কৰিব পাৰোঁ

১ “যুক্তি” শব্দৰ ব্যাখ্যা হৈছে যে “এজন ব্যক্তিৰ কথা কোৱা পদ্ধতিয়ে আনজনৰ বিচাৰ-ধাৰা আৰু কাৰ্য্যত প্ৰভাৱিত কৰা।” প্ৰচাৰ কাৰ্য্যত আপুনি গভীৰভাৱে প্ৰভাৱিত কৰিবলৈ নিজৰ যুক্তি দৰ্শোৱা ক্ষমতাক উন্নত কৰা আৱশ্যক। (পাঁচ. ১৭:২-৪) আপুনি এই ক্ষমতাক কেনেকৈ উন্নত কৰিব পাৰে?

২ ধ্যান কৰাৰ যোগেদি আৰম্ভ কৰিব পাৰি: যেতিয়া আপুনি বাইবেলৰ সত্যতাৰ বিষয়ে অধ্যয়ন আৰু সেই বিষয়বস্তুৰ ওপৰত চিন্তা কৰে তেতিয়া আপুনি সহায় বিচাৰি পাব। যদি কিছুমান বিষয় কিছু জটিল যেন লাগে তেনেহʼলে উত্তৰৰ বাবে অনুসন্ধান কৰি তাৰ ওপৰত ধ্যান কৰক। মাত্ৰ বৰ্ণনাবোৰেই নহয় কিন্তু তাত থকা শাস্ত্ৰীয় পদৰ যুক্তিবোৰো স্পষ্টৰূপে বুজিবলৈ চেষ্ঠা কৰক।

৩ প্ৰচাৰৰ বাবে প্ৰস্তুতি কৰা আৱশ্যক: বিভিন্ন মতৰ লোকক কেনেকৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিব পাৰি তাৰ বিষয়ে চিন্তা কৰক। এনে প্ৰশ্ন সোধক যিয়ে ব্যক্তিজনক চিন্তাশীল আৰু আগ্ৰহী কৰি তুলিব। নিশ্চিত হওঁক যে শাস্ত্ৰীয় বিষয়বোৰ যাতে প্ৰশ্নৰ সৈতে মিল থাকে আৰু তাৰ পৰা যুক্তি দৰ্শাব পাৰে। প্ৰচাৰ কাৰ্য্যত উত্থাপন হোৱা প্ৰশ্নবোৰ আগতীয়াকৈ বিবেচনা কৰি সেইবোৰত কেনেকৈ যুক্তি দৰ্শাব পাৰি তাৰ বিষয়ে চিন্তা কৰক। তাৰ পাছত এনেধৰণৰ আলোচনীৰ বাচঁনি কৰক যিবোৰ প্ৰশ্নৰ সৈতে মিল থাকে আৰু তাৰ দ্বাৰা ভাল পৰিণাম পোৱা যায়।

৪ যীচুৰ আৰ্হিক অনুকৰণ কৰক: শাস্ত্ৰৰ পৰা গভীৰভাৱে যুক্তি দৰ্শোৱা ক্ষেত্ৰত যীচুৱে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। তেওঁ কেনেকৈ শিক্ষা দিছিল তাক জানিবলৈ লূক ১০:২৫-৩৭ পদৰ বিৱৰণিটো বিবেচনা কৰক। ইয়াত দিয়া কাৰ্য্যপ্ৰণালীক লক্ষ্য কৰক: (১) যেতিয়া লোকসকলৰ প্ৰশ্নৰ উত্তৰ দিয়া হয় তেতিয়া শাস্ত্ৰৰ প্ৰতি পোনপটীয়াকৈ মনোনিবেশ কৰক। (২) তেওঁলোকক কবলৈ আমন্ত্ৰণ কৰক আৰু তেওঁলোকে যি উত্তৰ দিয়ে তাক প্ৰশংসা কৰক। (৩) নিশ্চিত হওঁক যে উত্থাপন হোৱা প্ৰশ্ন আৰু শাস্ত্ৰৰ মাজত যাতে মিল থাকে। (৪) এনেধৰণৰ দৃষ্টান্ত ব্যৱহাৰ কৰক যিয়ে তেওঁলোকৰ হৃদয় স্পৰ্শ কৰে আৰু স্পষ্টৰূপে বুজিব পাৰে।—মাৰ্চ ১, ১৯৮৬, প্ৰহৰীদূৰ্গ, পৃষ্ঠা ২৭-৮, অনুচ্ছেদ ৮-১০ চাওঁক।

৫ প্ৰৱন্ধ কৰা সঁজুলিবোৰ ব্যৱহাৰ কৰক: শাস্ত্ৰপদৰ পৰা বিবেচনা কৰা (ইংৰাজী) কিতাপখন প্ৰচাৰ কাৰ্য্যত সহায়ৰ বাবে প্ৰকাশ কৰা হৈছে। ইয়াত এনে বহুতো বিষয় আছে যিয়ে আমাক প্ৰচাৰ কাৰ্য্যত সহায় কৰে, যেনে কেনেকৈ কথোপ-কথন আৰম্ভ কৰিব পাৰি, কেনেকৈ প্ৰশ্নবোৰৰ উত্তৰ দিব আৰু যুক্তি দৰ্শাব পাৰি। এই কিতাপখনে আমাক যুক্তি দৰ্শোৱা ক্ষমতাকো উন্নত কৰিবলৈ সহায় কৰিব। বিবেচনা কৰা কিতাপখন হৈছে এক বহুমূলীয়া সঁজুলি, সেইবাবে প্ৰচাৰ ক্ষেত্ৰত সকলো সময়তে ইয়াক লগত ৰখা আৱশ্যক। যেতিয়া বাইবেল আলোচনাত ভাগ লোৱা হয় ইয়াক ব্যৱহাৰ কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ কৰিব নালাগে। কিতাপখনৰ ৭-৮ পৃষ্ঠাত দিয়া বিৱৰণিসমূহ ব্যৱহাৰ কৰি ভাল প্ৰতিফল পোৱা যায়।

৬ যুক্তি দৰ্শোৱা ক্ষমতাক উন্নত কৰাৰ দ্বাৰা আপুনি প্ৰচাৰ আৰু শিক্ষা দিয়া কাৰ্য্যত নিৰ্পূণ হʼব পাৰিব। (১ কৰি. ৯:২৩) ফলস্পৰূপে ই আপোনালৈ আৰু প্ৰচাৰ ক্ষেত্ৰত লগ পোৱা লোকসকলৰ বাবে বহু আশীৰ্ব্বাদ আনিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক