ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/০০ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/০০ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ মে’ মাহত প্ৰহৰীদূৰ্গ আৰু সচেতন! আলোচনীৰ একোখনকৈ কপি বিতৰণ কৰক। আগ্ৰহী ব্যক্তিসকলক বিচাৰে ব্ৰচাৰখন দি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰক। জুন: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ মনোযোগ দিয়ক। জুলাই আৰু আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিৱীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই ঈশ্বৰীয় নাম যি সদায় স্থিৰ থাকিব, সেই চৰকাৰে যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কিদৰে পাব পাৰে?, আৰু যেতিয়া কোনো আপোনজনাৰ মৃত্যু হয়। ইয়াৰ ওপৰিও আন ব্ৰচাৰসমূহ হৈছে সকলোৰ বাবে এখন কিতাপ, আমাৰ সমস্যাসমূহ—কোনে ইয়াৰ সমাধান কৰিব?, মৃত্যুবিলাকৰ আত্মা—তেওঁলোকে আমাক সহায় কৰেনে অথবা হানি কৰে? তেওঁলোকে বাস্তৱতে অস্তিত্বত আছেনে?, আৰু কি কেতিয়াবা যুদ্ধ বিহীন সংসাৰ সম্ভৱ হʼবনে?

▪ সকলো প্ৰচাৰকক এইটো স্মৰণ কৰাই দিয়াটো আৱশ্যক যে সংস্থাই ঘুৰাই পঠোৱা ঠিকনা কেতিয়াও কোনো ব্যক্তিগত যোগাযোগৰ বাবে ব্যৱহাৰ কৰাটো উচিত নহয়। ইয়াত সন্মিলিত আছে সেই সকলোবোৰ চিঠি আৰু আলোচনী, যিবোৰ সাক্ষী দিবলৈ আগ্ৰহী ব্যক্তি, ঘৰত নথকা, বা এনে ব্যক্তিলৈ ডাক যোগে পঠোৱা হয় যিসকল অগম্য ঠাইত বস-বাস কৰে। যেতিয়া আপুনি ডাক যোগে সাক্ষী দিয়া কাৰ্য্য কৰে, নিজৰ ব্যক্তিগত অথবা স্থানীয় ৰাজ্য গৃহৰ ঘুৰাই পঠোৱা ঠিকনা ব্যৱহাৰ কৰক। অনুগ্ৰহ কৰি সংস্থাৰ ঠিকনা ব্যৱহাৰ নকৰিব।

▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁ নিযুক্ত কৰা কোনো ভাইয়ে জুন ১ তাৰিখে বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ হিচাপ-নিকাচৰ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপৰ্ট পঢ়াৰ পাছত ইয়াক ঘোষণা কৰক।

▪ বহুতো মণ্ডলীত পুৰণি সাহিত্যবোৰ অধিকৰূপে জমা থাকে। অধিককৈ থকা এই সাহিত্যৰ সমস্যাৰ বিষয়ে সেৱা কমিটিত উল্লেখ কৰা আৱশ্যক। বিশেষকৈ সেৱা ওভাৰচিয়াৰসকলে কি কি অৰ্ডাৰ কৰিব লাগে তাৰ প্ৰতি সজাগ হোৱা উচিত যিহেতু এতিয়া আমি আমাৰ প্ৰচাৰ কাৰ্য্যত সাহিত্যবোৰ বিনামূল্যে আগবঢ়াওঁ। অনুগ্ৰহ কৰি চাৰি বা পাচঁ মাহলৈকেহে আপোনাৰ সাহিত্যৰ অৰ্ডাৰ পঠিয়াওঁক। যেতিয়া আপুনি মাহৰূপে এইবোৰ অৰ্ডাৰ কৰিব ই মাহটোৰ কাৰণে সকলোৰে বাবে যথেষ্ট সাহিত্য হোৱা আৱশ্যক।

সংস্থাই পুৰণি কিতাপবোৰ পুনৰ প্ৰিটিং কৰা কাৰ্য্যকো হ্ৰাস কৰিব যেতিয়ালৈকে বাকী থকা স্টকবোৰ শেষ নহয়। সেইবাবে আপুনি যিকোনো কিতাপ বা ব্ৰচাৰৰ অৰ্ডাৰ দিব পাৰে, যদি আপুনি অৰ্ডাৰ কৰা কিতাপবোৰ সংস্থাৰ ওচৰত নাই, তেনেহʼলে আপোনাক পেকিং লিস্টত তেনেধৰণৰ সমসাময়িক কিতাপৰ নাম কোৱা হব। যদি আপোনাক ইয়াৰ আৱশ্যক আছে, তেনেহʼলে অন্য মাহত ইয়াৰ অৰ্ডাৰ পঠিয়াব পাৰে। আমি সকলো মণ্ডলীক অনুৰোধ কৰিছোঁ যে আহিবলগীয়া মাহবোৰত পুৰণি কিতাপবোৰ বিতৰণ কৰিবলৈ বিশেষ চেষ্টা কৰে যেন।

▪ নতুন প্ৰকাশন উপলব্ধ:

দানিয়েলৰ ভৱিষ্যতবাণীত মনোযোগ দিয়ক! —হিন্দী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক