ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০০ পৃষ্ঠা ৪
  • আপুনি এজন লাজকুৰীয়া ব্যক্তিনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি এজন লাজকুৰীয়া ব্যক্তিনে?
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • যিহোৱাই আপোনাক শক্তি দিব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০০ পৃষ্ঠা ৪

আপুনি এজন লাজকুৰীয়া ব্যক্তিনে?

১ এজন কিশোৰে নিজৰ পিতৃ-মাতৃৰ পাছত লুকাই আমালৈ চাই থাকিলে আমি আচৰিত নহওঁ। কিয়নো শিশুকালত লাজকুৰীয়া স্বভাৱ থকাটো স্বাভাৱিক। আনকি সাবালকত্ব কালটো বহুতো লোক প্ৰকৃততে লাজকুৰীয়া। যদি লাজকুৰীয়া স্বভাৱে আপোনাৰ প্ৰচাৰ কাৰ্য্যত প্ৰভাৱিত কৰে তেনে ক্ষেত্ৰত আপুনি কি কৰিব পাৰে?

২ লাজকুৰীয়া স্বভাৱক প্ৰতিহত কৰক: ‘গুপ্ত আন্তৰিক মনুষ্যতাৰ’ ওপৰত মনোযোগ দিয়াটো অতি গুৰুত্বপূৰ্ণ। (১ পিত. ৩:৪) যিহোৱা আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি গভীৰ প্ৰেম প্ৰকাশ কৰক। বিশ্বাস ৰাখক, নিস্বাৰ্থ প্ৰেম প্ৰকাশ কৰা উত্তম পথ হৈছে প্ৰচাৰ কৰিবলৈ দিয়া আজ্ঞাক পালন কৰা। ইয়াৰ বাবে নিয়মীয়াকৈ ব্যক্তিগত অধ্যয়ন কৰিবলৈ আৰু সভাত উপস্থিত হবলৈ এখন কাৰ্য্যকাৰী তালিকা তৈয়াৰ কৰক। ইয়াৰ বাবে সহায় বিচাৰি নিয়মীয়াকৈ আৰু বিশেষভাৱে যিহোৱালৈ প্ৰাৰ্থনা কৰক। তেওঁৰ ওপৰত কৰা পূৰ্ণ বিশ্বাস আৰু ভৰসাই আত্মনিৰ্ভৰশীলতা গঢ়ি তুলিব আৰু “ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে কবলৈ অধিক সাহ” দিব।—ফিলি. ১:১৪.

৩ অনুকুল ভাবৰ সৈতে যুঁজ কৰক। ঠিক সেইদৰে তীমথিৰ ক্ষেত্ৰটো হৈছিল আৰু ইয়াৰ বাবে তেওঁ যুঁজ কৰিবলগীয়া হৈছিল। এইহেতুকে, পৌলে তীমথিক “অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো” নিদিবৰ বাবে উৎসাহিত কৰিছিল আৰু স্মৰণ কৰাইছিল যে “ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি, শক্তিৰ . . . আত্মা দিলে।” (১ তীম. ৪:১২; ২ তীম. ১:৭) যিদৰে যিহোৱাই নিজৰ কাৰ্য্যৰ বাবে তীমথিক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিছিল, সেইদৰে আপোনাকো তেওঁ নিজৰ কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰিব, যদিহে আপুনি তেওঁৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি উন্নতিৰ বাবে আগবাঢ়ে।।—গীত. ৫৬:১১.

৪ উদাহৰণস্বৰূপে, এগৰাকী ভনীৰ বিষয়ে বিবেচনা কৰক। যি গৰাকীয়ে তাইৰ সত্যক বিৰোধ কৰা স্বামীৰ পৰা অত্যন্ত ভয়-ভীত হবলগীয়া হৈছিল। কিন্তু ভনীগৰাকীয়ে বাইবেলৰ মথি ১০:৩৭ পদত দিয়া সাৰাংশৰ পৰা যথেষ্ট সহায় লাভ কৰে আৰু একেৰাহে চেষ্টা কৰি থকাৰ বাবে প্ৰচাৰ কাৰ্য্য কৰিবলৈ তাইৰ বাবে সহজ হয়। অৱশেষত তাইৰ স্বামী, মাতৃ, আৰু ভাইসকলেও বাইবেল অধ্যয়ন আৰম্ভ কৰে!

৫ আগতীয়াকৈ তৈয়াৰী কৰা আৱশ্যক: প্ৰচাৰ কাৰ্য্যৰ বাবে যদি আপুনি আগতীয়াকৈ তৈয়াৰ কৰে তেনেহʼলে আপোনাৰ আত্মবিশ্বাস বাঢ়িব। ৰীজনিং কিতাপ বা হৈ যোৱা মাহবোৰৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া কিছুমান বিষয়ৰ পৰা সহজ প্ৰস্তুতিক বাচঁনি কৰি ভালদৰে অধ্যয়ন কৰি তাৰ ওপৰত মনোনিবেশ কৰক। অদৰকাৰী চিন্তাবোৰৰ পৰিৱৰ্ত্তে সঠিকৰূপে চিন্তা কৰক। আন ভাই বা ভনীসকলৰ সৈতে নিবিড়ভাৱে কাৰ্য্য কৰি সাহিয়াল হওঁক। আৰু এইটো কথা মনত ৰাখক যে প্ৰচাৰ কাৰ্য্যত লগ পোৱা বহুতো লোক আপোনাৰ দৰে লাজকুৰীয়া। সকলোকে ৰাজ্যৰ বাৰ্ত্তা কোৱাৰ আৱশ্যক।

৬ যদি আপুনি এজন লাজকুৰীয়া ব্যক্তি, তেনেহʼলে নিৰাশ নহʼব। যদি আপুনি ওপৰত দিয়া বিষয়বোৰৰ দৰে কাৰ্য্য কৰে তেনেহʼলে এজন সফলতাপ্ৰাপ্ত শুভবাৰ্ত্তাৰ প্ৰচাৰক হʼবলৈ যিহোৱাই আপোনাক সহায় কৰিব। তেতিয়া আপুনি প্ৰচাৰ কাৰ্য্যত আনন্দ লাভ কৰিব।—হিতো. ১০:২২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক