ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০০ পৃষ্ঠা ১
  • “বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা”
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক”
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০০ পৃষ্ঠা ১

“বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা”

১ পৌলে তীমথিক উপদেশ দি এইদৰে কৈছিল, “বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা।” (১ তীম. ৬:১২) কিয়নো পৌলে নিজেই সেইদৰে জীৱন-যাপন কৰিছিল। জীৱনৰ পাছৰ কালছোৱাত তেওঁ নিশ্চয়তা দি কৈছিল যে তেওঁ ব্যক্তিগতৰূপে উত্তম যুদ্ধত যুঁজ কৰিছিল। (২ তীম. ৪:৬-৮) আনকি সকলো সময়তে তেওঁ সাহস, নিৰ্ভীকতা আৰু সহনশীলতাৰে প্ৰচাৰ কৰিছিল। তেওঁৰ উদাহৰণক অনুকৰণ কৰাৰ দ্বাৰা আমিও সেইদৰে উৎসাহিত হৈ যি ভাল তাকে কৰি আমাৰ খ্ৰীষ্টান বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰিব পাৰোঁ।

২ প্ৰচাৰ কাৰ্য্যত অধিক প্ৰৰিশ্ৰম কৰক: পৌলে প্ৰচাৰ কাৰ্য্যত কঠোৰ পৰিশ্ৰম কৰিছিল। (১ কৰি. ১৫:১০) সেইদৰে আমাৰ প্ৰচাৰ কাৰ্য্যৰ দ্বাৰাই নম্ৰ লোকসকলক বিচাৰি ওলিয়াবলৈ পৰিশ্ৰম কৰোঁনে? (মথি ১০:১১) তাৰে কিছুমান লোকক লগ ধৰাৰ অৰ্থ হৈছে হয়তো ৰাতিপুৱা সোনকালে উঠি ৰাস্তাত যিসকলক লগ পোৱা যায় তেওঁলোকক সাক্ষী দিয়া। ইয়াৰ অৰ্থ এইটোও হʼব পাৰে যে আবেলি বা সন্ধ্যা সময়ত সাক্ষী দিয়া আৰু যেতিয়া লোকবিলাকে চাকৰিৰ পৰা ঘৰলৈ উভতি আহে সেই সময়ত গৈ তেওঁলোকক লগ কৰা।

৩ ইয়াৰ বাবে আমি স্বয়ং নিয়মানুবৰ্তীতা হোৱা আৰু প্ৰচাৰৰ বাবে পুস্তক অধ্যয়নৰ গ্ৰুপে ব্যৱস্থা কৰা সময়ৰ তালিকাৰ অনুসাৰে চলিবলৈ চেষ্টা কৰা আৱশ্যক। উদাহৰণস্বৰূপে, বেথেল পৰিয়ালৰ কিছুমান সদস্যই ৬০ মিনিট বা তাতোতকৈ অধিক সময় যাত্ৰা কৰে যাতে তেওঁলোকৰ মণ্ডলীয়ে নিযুক্তি কৰা প্ৰচাৰ ক্ষেত্ৰত শনিবাৰ আৰু দেওবাৰে ভাগ লʼব পাৰে। আমি সেই প্ৰচাৰক আৰু তেওঁলোকৰ পৰিয়ালক প্ৰশংসা কৰা আৱশ্যক যিসকলে মণ্ডলীৰ সভাবোৰত সময়মতে উপস্থিত হʼবলৈ বহুত দূৰৰ পৰা যাত্ৰা কৰে। এনেধৰণৰ কৰ্তব্যনিষ্ঠা আৰু ব্যক্তিগতভাৱে সংগঠিত কৰি প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা এনে উত্তম আৰ্হিক অনুকৰণ কৰা উচিত।

৪ এনেধৰণৰ আৰ্হিয়ে আমাক সকলোবোৰ আগ্ৰহী ব্যক্তিক বিচাৰি ওলিয়াবলৈ প্ৰেৰণা দিয়ে। আনকি আমি যেতিয়া ৰাস্তাত বা অনিয়মিতৰূপে প্ৰচাৰ কাৰ্য্যত লগ পোৱা ব্যক্তিসকলক কোনো আলোচনী দিওঁ তেতিয়া আমি সেই ব্যক্তিজনৰ নাম, ঠিকনা বা টেলিফোন নম্বৰ নোট কৰি ৰাখিবলৈ ব্যক্তিগতভাৱে চেষ্টা কৰা উচিত। ইয়াৰ দ্বাৰাই আপুনি তেওঁলোকক আগ্ৰহ জন্মাবলৈ আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰিব পাৰে।

৫ নিয়মীয়াকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লওঁক: পাঁচনি পৌলে প্ৰচাৰ কাৰ্য্যত নিতৌ ভাগ লৈছিল আৰু ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। (ৰোমী. ১৫:১৯) আপুনিও তেনেদৰে কৰেনে? আপুনি প্ৰচাৰ কাৰ্য্যত নিয়মীয়াকৈ ভাগ লয়নে? এই মাহৰ প্ৰচাৰ ক্ষেত্ৰত আপুনি নিয়মীয়াকৈ ভাগ লৈছেনে? পুস্তক অধ্যয়নৰ পৰিচালকে নিজৰ গ্ৰুপত থকা সকলো প্ৰকাশকক আগষ্ট মাহত প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাটো আশা কৰে। আপুনি যেনেকৈ প্ৰচাৰ কাৰ্য্যত অংশ গ্ৰহণ কৰিব, তেওঁলোকে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিবলৈ আগ্ৰহী হʼব।

৬ সেইবাবে পাঁচনি পৌলৰ আৰ্হিক অনুকৰণ কৰাৰ দ্বাৰা শুভবাৰ্ত্তাক সম্পূৰ্ণ হৃদয়েৰে প্ৰচাৰ কৰিব পাৰিম আৰু এইদৰে আমি একেৰাহে “বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ” কৰি থাকিব পাৰিম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক