যিহোৱাৰ আশীৰ্ব্বাদে আমাক ধনৱান কৰে
১ এজন ব্যক্তিৰ দৰমাহৰ পৰিমাণ চাই তেওঁৰ সফলতাক জোখা হয়। এইহেতুকে লোকসকলে ভাবে যে যিসকলৰ ওচৰত অধিক ধন-সম্পত্তি আছে তেওঁলোক হৈছে আটাইতকৈ সুখী আৰু অভাৱহীন ব্যক্তি। আচলতে তেওঁলোকে টকা-পইচাৰে সুখ কিনিব পাৰি বুলি ভাবে, কিন্তু এইটো হৈছে তেওঁলোকৰ ভুল ধাৰণা। (উপ. ৫:১২) ভৌতিক বস্তুৰ যোগেদি ‘ধনৱন্ত হবলৈ ইচ্ছা কৰা’ লোকসকলৰ আনন্দ কেতিয়াও স্থায়ী নহয়। (১ তীম. ৬:৯) তাৰ বিপৰীতে, যিহোৱাৰ সেৱকসকলৰ প্ৰকৃত আনন্দ আছে আৰু তেওঁলোক এই জগতৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তি। (হিতো. ১০:২২; প্ৰকা. ২:৯) ই কেনেকৈ হয়?
২ আমি ধনৱান হোৱাৰ প্ৰমাণ: কিয়নো আমাৰ ওচৰত সকলোতকৈ উচ্চ আধ্যাত্মিক অন্তৰ্দৃষ্টি আৰু ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলৰ জ্ঞান আছে। তেওঁৰ পাৰ্থিৱ সংগঠনৰ যোগেদি যিহোৱাই নিজৰ আৰু তেওঁৰ পুত্ৰৰ বিষয়ে একেৰাহে দিয়া শিক্ষা, যিটো আমাৰ বাবে চিৰকলীয়া লাভদায়ক। সঠিক বুজে আমাক যিহোৱাৰ কাষ চাপিবলৈ আৰু তেওঁৰ সৈতে ঘনিষ্ঠ সমন্ধ গঢ়ি তুলিবলৈ সম্ভৱ কৰায়। (যাকো. ৪:৮) এই বুজে আমাক ভাল আৰু বেয়াক বিবেচনা কৰিবলৈ সহায় কৰে আৰু ঈশ্বৰৰ ব্যৱস্থাক পালন কৰাৰ দ্বাৰাই বহুতো বেমাৰ-আজাৰ আৰু বিপদৰ পৰা ৰক্ষা কৰে। এই হেতুকে, আমি ভৰসা ৰাখোঁ যে যিহোৱাই আমাৰ বাবে ঈশ্বৰীয় সন্তোষ আৰু শান্তি প্ৰৱন্ধ কৰিব।—মথি ৬:৩৩.
৩ কিয়নো ঈশ্বৰৰ আত্মাৰ ফল উৎপন্ন কৰা হেতুকে আমি আমাৰ আধ্যাত্মিক ভাতৃতৰ ঐক্যতা আৰু শান্তিৰ আনন্দ লাভ কৰোঁ। আমাৰ মাজত প্ৰেমৰ দৃঢ় বন্ধন থকাৰ বাবে ক্লেশৰ সময়তো আমি ঈশ্বৰ আৰু আমাৰ ভাই-ভনীৰ পৰা পৰিত্যক্ত অনুভৱ নকৰো।—গাল. ৬:১০.
৪ গতিকে, আমাৰ জীৱনৰ প্ৰকৃত অৰ্থ আৰু উদ্দেশ্য আছে। গোটেই পৃথিৱীত শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাটো আমি এক বিশেষ অধিকাৰৰূপে গন্য কৰোঁ। ঈশ্বৰৰ সৈতে ভাল সম্বন্ধ গঢ়ি তুলিবলৈ আৰু সত্য উপাসনাত আমাৰ সৈতে একলগে ভাগ লবলৈ, যেনেকৈ আমি আনক সহায় কৰি যাওঁ ইয়ে আমালৈ চিৰস্থায়ী আনন্দ কঢ়িয়াই আনে। বহুমূলীয়া ধনৰূপী আমাৰ প্ৰচাৰ কাৰ্য্যই যিহোৱালৈ সন্মান আৰু তেওঁৰ নামক পবিত্ৰকৃত কৰাৰ সন্তোষ কঢ়িয়াই আনে। গতিকে আমি এক সঠিক মনোবৃত্তি বজাই ৰাখোঁ। কিয়নো আমি জানো যে অতি সোনকালে ভৱিষ্যতৰ বাবে থকা আশীৰ্ব্বাদসমূহ লাভ কৰিম।
৫ এই প্ৰৱন্ধৰ প্ৰতি আপোনাৰ মূল্যাঙ্কন দেখুৱাক: সেইবাবে আহঁক আমি সকলোৱে যিহোৱাৰ আশীৰ্ব্বাসমূহৰ প্ৰতি মূল্যাঙ্কন দেখুৱাওঁহঁক যিয়ে আমাক সচাঁকৈ পৃথিৱীত সকলোতকৈ ধনৱান ব্যক্তি কৰি তোলে। (হিতো. ২২:৪) ইয়াৰ ওপৰিও, যিহোৱাই আমাৰ প্ৰতি দেখুৱা উদাৰ প্ৰেম আৰু সেইবোৰৰ ওপৰত ধ্যান কৰি তেওঁলৈ অনন্য ভক্তি আগবঢ়াবলৈ নিতৌ সময় ওলিওৱা আৱশ্যক।