ঘোষণাসমূহ
▪ নবেম্বৰ: কিংডম নিউজ নং ৩৬, “নতুন শতাব্দীত—আপোনাৰ ভৱিষ্যত কেনে হʼব?” নামৰ ট্ৰ্যাক্টখন বিতৰণ কৰা হʼব। মণ্ডলীয়ে তেওঁলোকৰ এলেকাত থকা প্ৰত্যেক ঘৰত কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখনৰ সৈতে বিচাৰে ব্ৰচাৰ বা জ্ঞান কিতাপখন আগবঢ়াব পাৰে। যদি গৃহস্থই আগতেই জ্ঞান কিতাপ বা বিচাৰে ব্ৰচাৰখন লৈ থৈছে, তেনেহʼলে তেওঁলোকক চিৰকালৰ জীৱন বা সৃষ্টি কিতাপখন দিব পাৰে। ডিচেম্বৰ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখনৰ সৈতে নিউ ৰ্ৱল্ড ট্ৰান্চলেশ্ব্যান্ নামৰ ইংৰাজী বাইবেলখন আগবঢ়াব পাৰে। জানুৱাৰী: বিশংতিতম্ শতাব্দীৰ যিহোৱা সাক্ষীসকল আৰু যিহোৱা সাক্ষীসকলে ঐক্যতাবদ্ধৰূপে গোটেই পৃথিৱীত ঈশ্বৰৰ ইচ্ছাক পূৰ্ণ কৰিছে এই দুখন ব্ৰচাৰ আগবঢ়াব পাৰে। ইয়াৰ উপৰিও উপলব্ধ থকা ১৯২ পৃষ্ঠাৰ পুৰণি কিতাপো আগবঢ়াব পাৰে। ফেব্ৰুৱাৰী: জীৱন—ইয়াত কেনেকৈ আহিল? ক্ৰমবিকাশৰ দ্বাৰা নে সৃষ্টিৰ দ্বাৰা, প্ৰকাশিত বাক্য—এক চৰম অৱস্থাত উপনীত হৈছে! বা মণ্ডলীত উপলব্ধ থকা ১৯২ পৃষ্ঠাৰ পুৰণি কিতাপো আগবঢ়াব পাৰে।
▪ কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখন বিভিন্ন ভাষাত প্ৰকাশ কৰা হৈছে। মণ্ডলীয়ে অতিৰিক্ত ট্ৰ্যাক্টৰ বাবে পলম নকৰাকৈ সংস্থালৈ আৱেদন পঠোৱা আৱশ্যক। যদি কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখন অভিযান শেষ হোৱাৰ পাছতো বাকী আছে তেনেহʼলে ঘৰে ঘৰে আৰু ৰাস্তাত আন ট্ৰ্যাক্টবোৰৰ দৰে ইয়াক বিতৰণ কৰিবলৈ প্ৰচাৰকসকলক উৎসাহিত কৰক। প্ৰচাৰকসকলে গৃহস্থক লগ নোপোৱা ঘৰবিলাকতো এই ট্যাক্টখন এৰি আহিব পাৰে। কিন্তু তেনে কৰোঁতে সাৱধান হওঁক যাতে গৃহস্থৰ বাহিৰে আন লোকে যেন আপুনি এৰি অহা ট্ৰ্যাক্টখন দেখা নাপাই। বাকী থকা কপিবোৰ গুৰুত্বপূৰ্ণ সংবাদ হিচাপে বিতৰণ কৰিবলৈ চেষ্টা কৰা উচিত।
▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁ নিযুক্ত কৰা কোনো ভায়ে ডিচেম্বৰ ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ হিছাপ-নিকাচ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপৰ্ট পঢ়াৰ পাছত ইয়াক ঘোষণা কৰক।
▪ নতুন প্ৰকাশন উপলব্ধ:
যেতিয়া আমাৰ মৃত্যু হয়, তেতিয়া আমালৈ কি ঘটে? —উৰ্দু
▪ নতুন ভিডিঅ কেছেট উপলব্ধ:
যুৱক-যুৱতীসকলে সোধে—মই কেনেকৈ প্ৰকৃত বন্ধু বনাব পাৰোঁ? —ইংৰাজী
▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
কুৰুক্ষেত্ৰৰ পৰা আৰমাগিদোনলৈ—আৰু আপোনাৰ উত্তৰজীৱি —কানাড়ী, তামিল আৰু তেলেগু
▪ অডিঅ কেছেট উপলব্ধ:
সংগীত-অৰ্কেষ্ট্ৰা: ৰাজ্য সঙ্গীত, ১ পৰা ৮ নম্বৰলৈকে (আঠটা অডিঅ কেছেট)
(অডিঅ অৰ্কেষ্ট্ৰাৰ বাবে এলবাম উপলব্ধ নাই)