সমকক্ষৰ হেঁচা আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা আপোনাৰ বিশেষ অধিকাৰ
১ সাধাৰণতে এজন ব্যক্তিক ভাল আৰু বেয়া কাৰ্য্য কৰিবলৈ সমকক্ষৰ হেঁচাই প্ৰভাৱিত কৰে। কিন্তু যেতিয়া এজন ব্যক্তিয়ে যিহোৱাৰ সাক্ষীসকলৰ সৈতে সঙ্গতি কৰে, তেন্তে তেওঁলোকৰ সঠিক মনোবৃত্তিয়ে সেই ব্যক্তিজনক সৎকৰ্ম্ম কৰিবলৈ উৎসাহিত কৰে। (ইব্ৰী ১০:২৪) যিহেতু যিসকলে সত্যত নাই তেওঁলোকে এজন সত্যত থকা ব্যক্তিক যিহোৱাৰ সিদ্ধান্তৰ অনুসাৰে নচলিবলৈ হেঁচা দিব। সেই বিৰোধ কৰা ব্যক্তিসকল হৈছে—পৰিয়ালৰ সদস্য, সহকৰ্ম্মী, সহপাঠী, ওচৰ-চুবুৰীয়া বা আন আন পৰিচিত ব্যক্তি। তেওঁলোকে হয়তো “খ্ৰীষ্টত থাকি কৰা [আমাৰ] সদাচৰণৰ নিন্দা” কৰিব পাৰে। (১ পিত. ৩:১৬) গতিকে প্ৰচাৰ কাৰ্য্য নকৰিবলৈ অহা সমকক্ষৰ হেঁচাক প্ৰতিৰোধ কৰি কেনেকৈ আমি আমাৰ সঙ্কল্পত থিৰে থাকিব পাৰোঁ?
২ পৰিয়ালৰ সদস্যৰ পৰা অহা হেঁচা: উদাৰহণস্বৰূপে, এগৰাকী বিবাহিতা ভনী আৰু তাইৰ লʼৰা-ছোৱালীয়ে মাত্ৰ সত্যত আছে। কিন্তু সেই ভনীগৰাকীৰ স্বামী হʼলে সত্যত নাই, তেনে ক্ষেত্ৰত সেই স্বামীজনে তেওঁৰ স্ত্ৰী অৰ্থাৎ সেই ভনীগৰাকী আৰু লʼৰা-ছোৱালীক প্ৰচাৰ কাৰ্য্য নকৰিবলৈ বাধা দিব পাৰে। ঠিক একেই ধৰণৰ অৱস্থা মেক্সিকʼত থকা এহাল দম্পতী মাজত দেখা গৈছিল। সেই পৰিয়ালৰ পত্নী আৰু তাইৰ সাতজন লʼৰা-ছোৱালীয়ে সত্যক গ্ৰহণ কৰিছিল। অৱশ্যে প্ৰথমে সেই মহিলা গৰাকীৰ স্বামীয়ে প্ৰচাৰ কাৰ্য্যৰ বাবে তেওঁৰ পত্নী আৰু লʼৰা-ছোৱালীক প্ৰতিৰোধ কৰে। কিয়নো সেই ভনীগৰাকীৰ স্বামীয়ে, ঘৰে ঘৰে প্ৰচাৰ কৰাটো এক মান হানিৰ কাৰ্য্য বুলি বিবেচনা কৰিছিল। কিন্তু সেই ভনীগৰাকী আৰু তাইৰ লʼৰা-ছোৱালীয়ে তেনে বাধাৰ স্বত্ত্বেও নিয়মিতৰূপে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা তেওঁলোকৰ সিদ্ধান্ত অটল হৈ থাকিল। ইয়াৰ ফলস্বৰূপে সম্পূৰ্ণ ১৫ বছৰৰ পাছত সেই ভনী গৰাকীৰ স্বামীয়ে ঈশ্বৰে ব্যৱস্থা কৰা প্ৰচাৰ কাৰ্য্যৰ মূল্যক বুজি পাই আৰু সত্যক স্বীকাৰ কৰিলে। গতিকে ক্ষন্তেক ভাবি চাওঁক, যদি তেওঁৰ স্ত্ৰী আৰু লʼৰা-ছোৱালীয়ে প্ৰচাৰ কাৰ্য্যত একেৰাহে লাগি থকাৰ সিদ্ধান্তত দৃঢ় নোহোৱাহʼলে সেই ব্যক্তিজনে সত্যক গ্ৰহণ কৰিলেহেঁতেন নে?—লূক ১:৭৪; ১ কৰি. ৭:১৬.
৩ সহকৰ্ম্মীসকলৰ পৰা অহা হেঁচা: যেতিয়া আপুনি সহকৰ্ম্মীসকলক সাক্ষী দিবলৈ চেষ্টা কৰে, তেনে ক্ষেত্ৰত সকলোৱে যে আপোনাৰ বাৰ্ত্তাৰ প্ৰতি সঠিক প্ৰতিক্ৰিয়া দেখুৱাব এনে নহয়। এই সন্দৰ্ভত আমি এগৰাকী ভনীৰ বিষয়ে বিবেচনা কৰিব পাৰোঁ। এবাৰ তাই নিজৰ অফিচত থকা সহকৰ্ম্মীসকলৰ সৈতে এই জগতখনৰ শেষ হোৱাৰ বিষয়ে আলোচনা আৰম্ভ কৰে। তাই সহকৰ্ম্মীসকলক বাইবেলৰ পৰা মথি ২৪ অধ্যায়টো পঢ়িবলৈ পৰামৰ্শ দিয়ে, ফলস্বৰূপে তাই সকলোৰে বিদ্ৰূপৰ পাত্ৰ হʼব লগীয়া হয়। কিন্তু এই ঘটনাৰ কিছুদিনৰ পাছত সেই সহকৰ্ম্মীসকলৰ এগৰাকী মহিলাই আহি ভনী গৰাকীক কয় যে তাই বাইবেলৰ পৰা সেই শাস্ত্ৰৰ পদটো পঢ়িলে আৰু সেই শাস্ত্ৰ পদে তাইক সঁচাকৈ প্ৰভাৱিত কৰিলে। তেতিয়া ভনী গৰাকীয়ে সেই মহিলা গৰাকীক এখন আলোচনী দিয়ে আৰু সেই মহিলা গৰাকী আৰু তাইৰ স্বামীৰ সৈতে বাইবেল অধ্যয়ন কৰিবলৈ আয়োজন কৰিলে। প্ৰথমবাৰ অধ্যয়ন কৰোঁতে প্ৰায় পুৱা দুই বাজিছিল। পাছৰ তৃতীয় অধ্যয়নত তেওঁলোকে সভাত উপস্থিত হʼবলৈ আৰম্ভ কৰে, তাৰ পাছত তেওঁলোকে চিগাৰেট খাবলৈ ত্যাগ দিয়ে আৰু ক্ৰমান্বয়ে প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ আৰম্ভ কৰিলে। এতেকে যদি সেই ভনী গৰাকীয়ে তাইৰ সহকৰ্ম্মীসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ চেষ্টা নকৰাহʼলে, তেনে সফলতা লাভ কৰিব পৰিলেহেঁতেঁনে?
৪ স্কুলৰ সহপাঠীসকলৰ পৰা অহা হেঁচা: এইটো স্বাভাৱিক যে যিহোৱাৰ সাক্ষীসকলৰ লʼৰা-ছোৱালীয়ে সহপাঠীসকলৰ হেঁচা আৰু ইতিকিং সন্মূখীন হʼবলগীয়া হোৱাৰ বাবে স্কুলৰ সহপাঠীসকলক শুভাবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ কোণ্ঠাবোধ কৰে। যুক্তৰাষ্ট্ৰত থকা এগৰাকী নবালিকা খ্ৰীষ্টান ভনীৰ সৈতেও সেই একেই অৱস্থা হৈছিল। তাই এইদৰে বৰ্ণনা কৰিছিল: “মই স্কুলৰ সমনীয়া লʼৰা-ছোৱালীবোৰক প্ৰচাৰ কৰিবলৈ ভয় কৰিছিলোঁ, কিয়নো মই ভাবিছিলোঁ যে তেওঁলোকে মই কোৱা ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি ইতিকিং কৰিব।” সেইবাবে তাই স্কুলৰ সহপাঠীসকলক আৰু তেওঁলোকে থকা এলেকাত প্ৰচাৰ কৰাৰ পৰা আঁতৰি আছিল। কিন্তু আপুনি আপোনাৰ স্কুলৰ সহাপাঠীসকলৰ পৰা অহা হেঁচাক কেনেকৈ দৃঢ়ভাৱে প্ৰতিৰোধ কৰিব পাৰে? এনে কৰিবলৈ আপুনি যিহোৱাক ভৰসা কৰক আৰু তেওঁৰ অনুমোদন বিচাৰক। (হিতো. ২৯:২৫) শুভবাৰ্ত্তা প্ৰচাৰ কৰা আপোনাৰ প্ৰণালীক উন্নত কৰি সন্মানিত হʼবলৈ পদক্ষেপ লওঁক। (২ তীম. ২:১৫) সেই কিশোৰী ভনী গৰাকীয়েও স্কুলৰ সহপাঠীসকলক প্ৰচাৰ কৰাৰ বাবে আগ্ৰহী হʼবলৈ যিহোৱাৰ পৰা সহায় বিচাৰি প্ৰাৰ্থনা কৰিলে। ফলস্বৰূপে ভনী গৰাকীয়ে সকলো সুযোগতে নিজৰ সহপাঠীসকলক প্ৰচাৰ কৰিবলৈ ধৰিলে। এইদৰে ভনী গৰাকীয়ে সকলো সহপাঠীকে প্ৰচাৰ কৰিবলৈ সক্ষম হʼল। শেষত তাই এইদৰে কয়: “যিসকল লʼৰা-ছোৱালীয়ে ভৱিষ্যতৰ আশীৰ্ব্বাদ বিচাৰে বা ইয়াৰ আৱশ্যকতা আছে, তেওঁলোকক সহায় কৰিবলৈ যিহোৱাই আমাক ব্যৱহাৰ কৰে।”
৫ ওচৰ-চুবুৰীয়াৰ পৰা অহা হেঁচা: হয়তো আমাৰ এনেধৰণৰ ওচৰ-চুবুৰীয়া আছে বা আমি এনে ব্যক্তিসকলক জানো, যিসকলে আমাক আৰু আমাৰ বিশ্বাসক ভাল নাপায়। যদি আমি তেওঁলোকে কি ভাবিব বুলি ভয় কৰি তেওঁলোকক প্ৰচাৰ নকৰোঁ, তেনেহʼলে নিজকে সোধক: ‘তেওঁলোকে সেই সত্যৰ বিষয়ে জানেনে যি সত্যই অনন্ত জীৱন দিব পাৰে? বাইবেলত দিয়া বাৰ্ত্তাই তেওঁলোকৰ হৃদয় স্পৰ্ষ কৰিবলৈ মই কি কৰা আৱশ্যক?’ এই বিষয়ে এজন চাৰ্কিট ওভাৰচিয়াৰে এইদৰে কয়, যদি আপুনি অলপ অলপকৈ ওচৰ-চুবুৰীয়াক শুভবাৰ্ত্তা প্ৰচাৰ কৰে তেনেহʼলে ভাল ফল লাভ কৰিব পাৰিব। গতিকে ধাৰ্ম্মিকলোকক বিচাৰি ওলিয়াবলৈ প্ৰচেষ্টা কৰা আৰু বুদ্ধিৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰক। তেওঁ অৱশ্যেই আপোনাক সহায় কৰিব।—ফিলি. ৪:১৩.
৬ যদি আমি কৰ্ম্মীবৃন্দ, স্কুলৰ সহপাঠী আৰু আমাৰ ওচৰ-চুবুৰীয়াৰ পৰা অহা হেঁচাৰ বাবে প্ৰচাৰ কৰিবলৈ পাছ হুহঁকি যাওঁ, তেনেহলে বিৰোধীসকলে আনন্দিত হʼব পাৰে। কিন্তু এনে কাৰ্য্যই আমাক বা তেওঁলোকক কোনো প্ৰকাৰৰ লাভ দিব নোৱাৰে। উদাৰহণস্বৰূপে, যীচুক তেওঁৰ সমাজত থকা লোকসকলে বিৰোধ কৰিছিল। আনকি তেওঁৰ সতীয়া ভায়েকেও তেওঁক ককৰ্থনা কৰিছিল। কিন্তু তেওঁ জানিছিল যে একমাত্ৰ ঈশ্বৰৰ প্ৰতি নিষ্ঠা বজাই ৰাখিহে তেওঁলোকক সহায় কৰিব পাৰি। সেইবাবে, যীচুৱে “নিজৰ বিৰুদ্ধে কৰা পাপীবিলাকৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ” দিছিল। (ইব্ৰী ১২:২, ৩) আমিও সেইদৰে কৰা আৱশ্যক। এতেকে ৰাজ্যৰ বাৰ্ত্তাক প্ৰচাৰ কৰিবলৈ দৃঢ় সঙ্কল্প লওঁক। এইদৰে কৰাৰ দ্বাৰাই আপুনি “নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ” কৰিব পাৰিব।—১ তীম. ৪:১৬.