শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ পিছ নুহুঁহকিব!
১ যেতিয়া আমি ঘৰে-ঘৰে প্ৰচাৰ কৰিবলৈ প্ৰস্তুত হওঁ, তেতিয়া হয়তো আমাৰ মনলৈ ঘৰে-ঘৰে প্ৰচাৰ কৰাৰ সময়ত সন্মূখীন হোৱা বাধাবোৰ ভাঁহি উঠিব পাৰে। সেই অনুভূতিয়ে আমাক ‘সকলো মানুহক’ সত্যৰ বিষয়ে জনাবলৈ বাধা দিব পাৰে। (১ তীম. ২:৪) কিন্তু তথাপিও আমি শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ কোণ্ঠাবোধ কৰা উচিত নহয়। কিয় নহয়?
২ এইটো হৈছে যিহোৱাৰ বাৰ্ত্তা: যিহোৱাই তেওঁৰ বাক্য বাইবেলৰ যোগেদি যোগা-যোগ কৰে। গতিকে যেতিয়া আমি আনক এই বাৰ্ত্তাৰ বিষয়ে কওঁ, দৰাচলতে আমি নিজৰ নহয় কিন্তু তেওঁৰ ভাৱকহে প্ৰচাৰ কৰোঁ। (ৰোমী. ১০:১৩-১৫) যেতিয়া ব্যক্তিসকলে ৰাজ্যৰ বাৰ্ত্তা শুনিবলৈ অগ্ৰাহ্য কৰে, তেতিয়া বাস্তৱতে তেওঁলোকে যিহোৱাক অস্বীকাৰ কৰে। তথাপিও আমি নিৰুৎসাহীত হোৱা উচিত নহয়। আমি নিশ্চিত যে এই ৰাজ্যৰ বাৰ্ত্তাই সেইসকলৰ হৃদয় স্পৰ্শ কৰিব যিসকলে আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী আৰু এই জগতৰ পৰিস্থিতি সলনি হোৱাৰ অপেক্ষা কৰে।—যিহি. ৯:৪; মথি ৫:৩, ৬.
৩ যিহোৱাই লোকসকলক আগ্ৰহী কৰি তুলে: এজন ব্যক্তিয়ে হয়তো পূৰ্বতে ঈশ্বৰৰ বাক্য শুনিবলৈ অগ্ৰাহ্য কৰিছিল, কিন্তু পৰিস্থিতি সলনি হোৱাৰ বাবে তেওঁৰ মন আৰু হৃদয়ো কোমল হৈছে। সেইবাবে তেনে ব্যক্তিসকলে শুভবাৰ্ত্তাক গ্ৰহণ কৰিব পাৰে। এতিয়া হয়তো যিহোৱাই তেনেলোকৰ কল্যাণ কামনা কৰি নিজৰ ‘ওচৰলৈ আনিব’ পাৰে। (যোহ. ৬:৪৪, ৬৫) যেতিয়া তেনেদৰে হয় তেতিয়া আমি নিজকে যিহোৱাৰ হৈ কাৰ্য্য কৰিবলৈ আৰু স্বৰ্গদূতৰ নিৰ্দ্দেশনাৰে এনে ব্যক্তিসকলক বিচাৰ উলিয়াবলৈ প্ৰস্তুত থকা আৱশ্যক।—প্ৰকা. ১৪:৬.
৪ ঈশ্বৰে আমাক পবিত্ৰ আত্মা প্ৰদান কৰে: পবিত্ৰ আত্মাই আমাক ‘যিহোৱাত ভৰ দি, সাহেৰে প্ৰচাৰ’ কৰিবলৈ উৎসাহিত কৰে। (পাঁচ. ১৪:১-৩) প্ৰচাৰ কাৰ্য্যৰ বাবে যিহোৱাই আমাক সহায় কৰাৰ কথা মনত ৰাখিলে, আমি ওচৰ-চুবুৰীয়া, সহকৰ্ম্মী, সহপাঠী, আত্ম-সম্বন্ধীয়, ধনী অথবা দুখীয়া ব্যক্তিসকলক সত্যৰ বিষয়ে কʼবলৈ কেতিয়াও পিছ নুহুঁহকিম।
৫ যীচুৱে আমাক প্ৰচাৰ কৰিবলৈ শিকালে: যীচুৱে হৃদয়স্পৰ্ষ প্ৰশ্ন কৰি পৃথিৱীত থকা বস্তুসমূহৰ দৃষ্টান্ত দি, শাস্ত্ৰীয় পদসমূহৰ কাৰণ দৰ্শাই সৰল শব্দত লোকসকলক সত্যৰ বিষয়ে বুজাই দিছিল। আজিৰ সময়ত তেওঁ দেখুৱা পদ্ধতি কাৰ্য্যকাৰী প্ৰমাণিত হৈছে। (১ কৰি. ৪:১৭) আমি প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰা দৃষ্টান্ত, প্ৰশ্ন আদি ভিন্ন হʼব পাৰে, কিন্তু এই শক্তিশালী বাৰ্ত্তাৰ কোনো সাল-সলনি নহয়।
৬ যিহোৱাই লোকসকলক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণভাৱে সহায় কৰিবলৈ আমাক বাছি লোৱাটো আমাৰ বাবে কি যে এক বিশেষ অধিকাৰ। এতেকে আঁহক আমি প্ৰচাৰ কৰিবলৈ কেতিয়াও পিছ নুহুঁহকোহঁক! তদুপৰি আমি সাহসী হৈ “আমালৈ বাক্যৰ নিমিত্তে দুৱাৰ মেলি” দিয়া শুভবাৰ্ত্তাৰ বিষয়ে আনক জনাওঁহঁক।—কল. ৪:২-৪.