ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। ছেপ্টেম্বৰ: বিশং শতাব্দীত যিহোৱাৰ সাক্ষীসকল নামৰ ব্ৰচাৰ আৰু জীৱন— কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? নামৰ কিতাপখন বিতৰণ কৰক। অক্টোবৰ: প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ বিতৰণ। আগ্ৰহী লোকসকলক পুনৰ সাক্ষাৎ কৰি আলোচনী প্ৰবাহ স্থাপন কৰিবলৈ চেষ্টা কৰক। যি ঠাইবিলাকত আলোচনী প্ৰবাহ স্থাপন কৰাটো ব্যৱহাৰিক নহয়, তেনে ক্ষেত্ৰত গৃহস্থক গ্ৰাহকতাৰ বাবে অনুৰোধ কৰিব পাৰে। নবেম্বৰ: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় বিতৰণ কৰিব পাৰে। যদি লোকসকলে ইতিমধ্যেই এই আলোচনীবোৰ লৈছে তেনেহʼলে তেওঁলোকক আপুনি মানৱজাতিয়ে ঈশ্বৰক অনুসন্ধান কৰা নামৰ কিতাপখন আগবঢ়াব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। অন্যথা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে। কিতাপখনক গৃহস্থক দিব পাৰে।
▪ মণ্ডলীত পুনঃসংস্থাপন হʼবলৈ ইচ্ছা ৰখা বহিষ্কাৰ বা সমাজচ্যুত ব্যক্তিসকলৰ বাবে প্ৰাচীনসকলক এপ্ৰিল ১৫, ১৯৯১ চনৰ প্ৰহৰীদুৰ্গ ২১-৩ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে কাৰ্য্য কৰিবলৈ সোঁৱৰাই দিয়া হৈছে।
▪ মণ্ডলীৰ ন্যস্ত সম্পত্তি চৰকাৰৰ ৰেজিষ্টাৰভুক্ত হোৱা উচিত। ইয়াক বজাই ৰাখিবলৈ সময়ে সময়ে আলোচনা কৰি নিৰীক্ষণ কৰা আৱশ্যক যাতে ন্যস্ত সম্পত্তি বিলুপ্ত নহয়।
▪ প্ৰকাশক আৰু অগ্ৰগামীসকলক উৎসাহিত কৰা হৈছে যে তেওঁলোকে প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ ব্যক্তিগত কপিবোৰৰ গ্ৰাহকতা কৰাৰ পৰিৱৰ্তে মণ্ডলীৰ পৰা যেন প্ৰাপ্ত কৰে। এনে কৰিলে সংস্থাই যথেষ্ট সময় আৰু ধন ব্যয় কৰাৰ পৰা ৰেহাই পাব।
▪ সকলো মণ্ডলীলৈ পঠোৱা এপ্ৰিল ১০, ২০০১ চনৰ চিঠিখনত উল্লেখ কৰা হৈছিল যে সংস্থাই, তেজ বিহীন চিকিৎসা—ঔষধে চিকিৎসা ক্ষেত্ৰৰ যি কোনো প্ৰত্যহ্বান স্বীকাৰ কৰে, (ন’ ব্লাড্—মেডিচিন মিটচ্ দ্যা চেলেঞ্জ) নামৰ নতুন ভিডিঅ কেছেটখন প্ৰকাশ কৰিলে। সেই কেছেটখন বিশেষেকৈ ৰাইজৰ বাবে তৈয়াৰ কৰা হʼল। সেইবাবে এই বিষয়ে সত্যত নথকা সঙ্গী বা আত্মীয় ব্যক্তি, শিক্ষক, কৰ্ম্মবৃন্দ, সহপাঠী, চুবুৰীয়া আৰু বাইবেল অধ্যয়ন কৰা বিদ্যাৰ্থীসকলক কলে আৰু ভিডিঅ প্ৰৰ্দশন কৰিলে অধিক লাভজনক হʼব। কিয়নো এই ভিডিঅখনক চোৱা সাক্ষী নোহোৱা লোকসকলে কৰা এটা প্ৰশ্নই বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ পৰিচালিত কৰিব পাৰে।
▪ কলকতাত (কলিকতা) হʼবলগীয়া “ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা” জিলা অধিৱেশনৰ তাৰিখ সলনি কৰা হৈছে। এই অধিৱেশনৰ তাৰিখ হৈছে নবেম্বৰ ৯-১১ তাৰিখ, ২০০১ চন। অধিৱেশন ভৱনৰ ঠিকনাৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই, সেই ঠিকনা ২০০১ চনৰ জুলাই মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত উল্লেখ কৰা অনুসৰি একেই আছে।
▪ জিলা অধিৱেশন শেষ হোৱাৰ পাছত আপোনাৰ বেজ কাৰ্ডৰ প্লাষ্টিক হল্ডাৰটো পেলাই নিদিব। যদি সেইবিলাক ব্যৱহাৰৰ বাবে উপযোগী, তেনেহʼলে ভৱিষ্যতৰ জিলা অধিৱেশনৰ বাবে নতুনকৈ বিচাৰি প্ৰত্যেক বছৰে আৱেদন কৰাৰ পৰিৱৰ্তে সেইবোৰক পুনৰ ব্যৱহাৰ কৰিবলৈ সযত্নে সাঁচি থোৱা আৱশ্যক।
▪ নতুন প্ৰকাশন উপলব্ধ:
যেতিয়া কোনো আপোনজনাৰ মৃত্যু হয় —হিন্দী আৰু নেপালী
▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
আপোনাৰ পৰিয়ালৰ জীৱন আনন্দিত কৰক —বঙালী
“চোৱা! মই সকলোকে নতুন কৰোঁ” —হিন্দী, মাৰাঠী, নেপালী আৰু তামিল
আমাৰ সমস্যাসমূহ—কোনে ইয়াৰ সমাধান কৰিব? —তেলেগু
বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে? —হিন্দী, মাৰাঠী, মালয়ালাম, তামিল আৰু তেলেগু
জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কিদৰে পাব পাৰে? —হিন্দী, কানাড়ী, মাৰাঠী, মালয়ালাম, তামিল আৰু তেলেগু
যেতিয়া কোনো আপোনজনাৰ মৃত্যু হয় —মালয়ালাম আৰু তামিল
কুৰুক্ষেত্ৰৰ পৰা হৰমাগিদোনলৈ আৰু আপোনাৰ উত্তৰজীৱি —তেলেগু
ফিৰদৌচৰ ৰাস্তা কেনেকৈ তালাচ কৰিব (ইচলাম ধৰ্ম্মৱলী লোকৰ বাবে) —গুজৰাটী, হিন্দী, মালয়ালাম, তামিল আৰু তেলেগু
▪ ওপৰত উল্লেখ কৰা সাহিত্যসমূহ যেতিয়া সাহিত্য নিৱেদন ফৰ্মত (S-14) পঠিয়াব, তেতিয়া এটা কথা মনত ৰাখিলে উত্তম হʼব যে আপুনি আগতে কৰা একেই নিৱেদনসমূহ গ্ৰহণ কৰা আৰু ইতিমধ্যেই পঠোৱা হৈছে।