ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০২ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০২ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। জানুৱাৰী: মণ্ডলীত উপলব্ধ থকা যিকোনো ১৯২ পৃষ্ঠাৰ পুৰণি কিতাপ দিব পাৰে। যদি মণ্ডলীত পৰিয়ালৰ সুখৰ ৰহস্য নামৰ কিতাপখন আছে তেতিয়াহʼলে সেইখনো গৃহস্থক দিব পাৰে। ফেব্ৰুৱাৰী: কেনেকৈ জীৱনৰ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা?, নিগূঢ় বাক্যসমূহৰ প্ৰকাশ​—⁠এক চৰম অৱস্থাত উপনীত হৈছে!, সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল, বা মণ্ডলীত উপলব্ধ থকা ১৯২ পৃষ্ঠাৰ যি কোনো পুৰণি কিতাপ আগবঢ়াব পাৰে। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এক বিশেষ প্ৰচেষ্টা কৰা হʼব। এপ্ৰিল: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনা প্ৰস্তুত কৰক। যিসকল আগ্ৰহী তেওঁলোকৰ সৈতে আলোচনী প্ৰবাহ স্থাপন কৰিবলৈ পুনৰ সাক্ষাৎ কৰক। যি ঠাইত আলোচনী প্ৰবাহ স্থাপন কৰাটো ব্যৱহাৰিক নহয়, তেনেহʼলে গৃহস্থক গ্ৰাহকতাৰ বাবে আমন্ত্ৰণ কৰিব পাৰে। বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিচাৰে ব্ৰচাৰখন আগবঢ়াওঁক।

▪ সকলো বাপ্তিষ্মা লোৱা প্ৰচাৰকক অগ্ৰিম চিকিৎসীয় নিৰ্দ্দেশপত্ৰ/মুক্তি পত্ৰ আৰু তেওঁলোকৰ লʼৰা-ছোৱালীৰ বাবে চিনাক্ত পত্ৰ লবলৈ জানুৱাৰী ১৪ তাৰিখে হʼবলগীয়া সেৱা সভাত উপস্থিত থাকিবলৈ অনুৰোধ কৰা হʼল।

▪ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণীৰ পৰা মাৰ্চ মাহৰ ৩ তাৰিখৰ ভিতৰত চাৰ্কিট ওভাৰচিয়াৰে এটা ৰাজহুৱা ভাষণ দিব। সেই ভাষণটোৰ বিষয় হৈছে “ভয়াবহ জগতখনত সুৰক্ষা বিচাৰি পোৱা।”

▪ মণ্ডলীসমূহে মাৰ্চ মাহৰ ২৮ তাৰিখ, বৃহস্পতিবাৰ সূৰ্য্য অস্ত যোৱাৰ পাছত স্মৰণীয় পৰ্ব পালন কৰিবলৈ, আগতীয়াকৈ সুবিধাজনক ব্যৱস্থা কৰা উচিত। যদিও ভাষণ সূৰ্য্য অস্ত যোৱাৰ আগতে আৰম্ভ কৰা হয়, কিন্তু স্মৰণীয় প্ৰতীক সূৰ্য্য অস্ত যোৱাৰ পাছতহে ৰাইজৰ আগেদি সঞ্চালিত কৰা আৱশ্যক। আপোনাৰ স্থানত সূৰ্য্য অস্ত যোৱাৰ সময়ৰ বিষয়ে জানিবলৈ স্থানীয় বাতৰি কাকতত চাওঁক। যদিও সকলো মণ্ডলীয়ে নিজাকৈ স্মৰণী পৰ্ব উদ্‌যাপন কৰাটো বাঞ্চনীয়, কিন্তু সকলো সময়তে তেনে কৰাটো সম্ভৱ নহয়। সাধাৰণতে যি ৰাজ্য গৃহবোৰক এটাতকৈ বেছি মণ্ডলীয়ে ব্যৱহাৰ কৰে, তেওঁলোকে এই পৰ্ব পালন কৰিবলৈ আগতীয়াকৈ আন ব্যৱস্থা কৰিব পাৰে। যদি সম্ভৱ হয় দুখন মণ্ডলীৰ কাৰ্য্যক্ৰমৰ মাজত অন্ততঃ ৪০ মিনিট সময়ৰ ব্যৱধান থকা আৱশ্যক, যাতে আগ্ৰহী লোকসকলৰ সৈতে চিনাকি হৈ তেওঁলোকক উৎসাহিত কৰিব পাৰে। গাড়ী বা আন যান-বাহন ৰখা বা আনক গাড়ীৰে অনা-নিয়া কৰাৰ সময়ত সতৰ্কতা অৱলম্বন কৰা আৱশ্যক, যাতে ই আনৰ বাবে কোনো ধৰণৰ বাধা সৃষ্টি নকৰে। স্থানীয়ভাৱে কেনে ব্যৱস্থা কৰিলে উত্তম হʼব এই বিষয়ে প্ৰাচীনগোষ্ঠীয়ে আগতীয়াকৈ ব্যৱস্থা কৰা উচিত।

▪ প্ৰিজাইডিং ওভাৰচিয়াৰে যেতিয়া প্ৰত্যেক মাহৰ চালানৰ প্ৰাপ্তি স্বীকাৰ পত্ৰ গ্ৰহণ কৰে, তেতিয়া তেওঁ সংস্থালৈ পঠোৱা ৰাজ্যৰ গৃহ ফাণ্ড আৰু বিশ্বজুৰি কাৰ্য্যৰ বাবে দিয়া দান-বৰঙণিৰ সকলো প্ৰাপ্তি স্বীকাৰ পত্ৰক উচিতভাৱে নিৰীক্ষণ কৰি মণ্ডলীক পৰৱৰ্তী হিচাপ-লেখ ৰিপৰ্টত ইয়াক পঢ়া আৱশ্যক।

▪ নতুন প্ৰকাশন উপলব্ধ:

যিচয়াৰ ভৱিষ্যতবাণী​—⁠সকলো মানৱজাতিৰ বাবে দীপ্তিস্বৰূপ, ভাগ ২ ​—⁠ইংৰাজী, কানাড়ী, তামিল, মালায়ালম

কেনেকৈ জীৱনৰ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? (সৰু আকাৰৰ) ​—⁠তামিল

এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি ​—⁠ইংৰাজী, তামিল, মালয়ালাম, মাৰাঠী, হিন্দী

আপুনি বাইবেলখনক কিয় বিশ্বাস কৰিব পাৰে (ট্ৰেক্ট নং. ১৩) ​—⁠নিকোবৰী

যিহোৱাৰ সাক্ষীসকলে কি বিশ্বাস কৰে? (ট্ৰেক্ট নং. ১৪) ​—⁠নিকোবৰী

এক শান্তিপূৰ্ণ নতুন জগতত জীৱন (ট্ৰেক্ট নং. ২৫) ​—⁠নিকোবৰী

আপোনাৰ অমৰ প্ৰাণ আছেনে? (ট্ৰেক্ট নং. ২৫) ​—⁠ইংৰাজী, মিজো, তামিল

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশন:

কেনেকৈ জীৱনৰ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? (সৰু আকাৰৰ) ​—⁠মালায়ালম

যিহোৱাৰ উদ্দেশে গীত গোৱা (২৯ টা গীত) ​—⁠হিন্দী

পৃথিৱীত অনন্তকাল জীৱনৰ আনন্দ লওঁক! ​—⁠নেপালী, তামিল, তেলেগু

আপুনি বাইবেলখনক কিয় বিশ্বাস কৰিব পাৰে (ট্ৰেক্ট নং. ১৩) ​—⁠বঙালী

যিহোৱাৰ সাক্ষীসকলে কি বিশ্বাস কৰে? (ট্ৰেক্ট নং. ১৪) ​—⁠বঙালী

এক শান্তিপূৰ্ণ নতুন জগতত জীৱন (ট্ৰেক্ট নং. ১৫) ​—⁠অসমীয়া, ইংৰাজী, উৰীয়া, কনাড়ী, গুজৰাটী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী, মালায়ালম, মাৰাঠী, হিন্দী

পৰিয়াল জীৱনৰ সুখ (ট্ৰেক্ট নং. ২১) ​—⁠ইংৰাজী, কনাড়ী, গুজৰাটী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী, মালায়ালম, মাৰাঠী, হিন্দী

বাস্তৱতে জগতখনক কোনে শাসন কৰিছে (ট্ৰেক্ট নং. ২২) ​—⁠ইংৰাজী, কনাড়ী, গুজৰাটী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী, মালায়ালম, মাৰাঠী, হিন্দী

▪ ওপৰত উল্লেখ কৰা প্ৰবন্ধসমূহ বিচাৰি সাহিত্য আৱেদন পত্ৰ (S-14) পঠোৱাৰ আগতেই, অনুগ্ৰহ কৰি মনত ৰাখক যে স্থগিত হৈ থকা সাহিত্যসমূহ আপোনালোকৰ মণ্ডলীলৈ পঠোৱা হʼব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক