আপুনি আমাৰ আলোচনীসমূহৰ প্ৰতি মূল্যাঙ্কণ কৰেনে?
১ হীৰা আৰু আন মূল্যৱান ৰত্ন দেখাত সুন্দৰ হোৱাৰ বাবে কেৱল বহুমূল্য নহয়। প্ৰকৃততে সেইবোৰক খনন আৰু বিচাৰি উলিওৱাৰ মূল্য অধিক। যিহোৱা আৰু যীচু খ্ৰীষ্টৰ বিষয়ে লোৱা জ্ঞানৰ মূল্য সেইবোৰতকৈও অধিক আৰু এই পৃথিৱীত একমাত্ৰ আমাৰ আলোচনীবোৰে আধ্যাত্মিকৰূপে ধনী হʼবলৈ ঈশ্বৰৰ অগম্য জ্ঞানৰ বিষয়ে বৰ্ণনা কৰে। (ৰোমী ১১:৩৩; ফিলি. ৩:৮) গতিকে এই আলোচনীসমূহৰ প্ৰতি আমি কেনেকৈ মূল্যাঙ্কণ প্ৰকাশ কৰিব পাৰোঁ?
২ ৰাজ্যগৃহত থকা “সংস্থাৰ বিশ্বব্যাপী কাৰ্য্যৰ বাবে কৰা দান—মথি ২৪:১৪” বুলি লেবেল লগোৱা দান বাকচত কিছু পৰিমাণে দান কৰিবলৈ বহুতো পৰিয়ালে নিয়মীয়াকৈ অলপ ধন আছুতীয়াকৈ ৰাখে। ইয়াৰ উপৰিও ব্যক্তিসকলে বিশ্বব্যাপী কাৰ্য্যৰ বাবে তেতিয়াও দান কৰে যেতিয়া তেওঁলোকে কোনো সাহিত্য বা আলোচনী লয় আৰু প্ৰচাৰ ক্ষেত্ৰৰ পৰা কোনো দান লাভ কৰে।
৩ প্ৰচাৰ ক্ষেত্ৰত আলোচনী দিবলৈ নিৰ্দিষ্ট ব্যক্তিসকলক বাছনি কৰাৰ যোগেদিও আলোচনীসমূহৰ প্ৰতি আন প্ৰকাৰে আমি মূল্যাঙ্কণ দেখুৱাব পাৰোঁ। আমি সৰু লʼৰা-ছোৱালীক অথবা যিসকলে তাৰ মূল্য নাজানে তেওঁলোকক কেতিয়াও মূল্যৱান হীৰা দিয়াৰ বিষয়ে কল্পনা কৰিব নোৱাৰোঁ। একেইদৰে যিসকলে আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি মূল্যাঙ্কণ নকৰে তেওঁলোকক কেতিয়াও আমি আলোচনীবোৰ নিদিওঁ। (ইব্ৰী ১২:১৬ পদৰ সৈতে তুলনা কৰক।) আমি নিজকে উদাৰভাৱে আৰু আমাৰ আলোচনীসমূহ দিবলৈ এক বিবেচনাশীল মনোবৃত্তি বিকাশিত কৰা উচিত। গৃহস্থই কথোপকথন কৰিবলৈ আগ্ৰহীনে? যেতিয়া আমি শুভবাৰ্ত্তাৰ বিষয়ে কওঁ তেতিয়া তেওঁ আমি সোধা প্ৰশ্ন আৰু পঢ়া বাইবেল পদসমূহৰ প্ৰতি মনোযোগ দিয়েনে? যদি ব্যক্তিজনে তেনে ইচ্ছুকতা প্ৰকাশ কৰে তেতিয়া আমি তেওঁক আলোচনী দিয়াটো উপযুক্ত হʼব। আমি তেতিয়াহে লাভবান হʼম যেতিয়া আমি সুবিবেচনাৰে আমাৰ আলোচনীবোৰ ব্যৱহাৰ কৰিম।
৪ যেতিয়া ৰাজ্যগৃহ বা আমাৰ ঘৰত আলোচনীবোৰ এনেই পেলাই থওঁ, তেতিয়া এই আলোচনীবোৰে ইয়াৰ উদ্দেশ্য সম্পন্ন আৰু মূল্য সিদ্ধ নকৰে। পুৰণি সংখ্যাৰ আলোচনী, ব্ৰচাৰ, পকাবন্ধা কিতাপ আৰু ট্ৰেক্টবোৰক আমি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰোঁ। আমাৰ শেহতীয়া হিচাপ তালিকাখনে প্ৰকাশ কৰিছেনে যে আমাৰ হাতত এতিয়াও যথেষ্ট মাত্ৰাত আলোচনী আছে? আমি হয়তো জমা থকা আলোচনীবোৰ দেখি আঁচৰিত হʼব পাৰোঁ। এতিয়াও আলোচনীসমূহৰ পৃষ্ঠাৰ ৰং সলনি নোহোৱা আৰু ফাটি উৱলি নোযোৱা অৱস্থাত আছেনে? যদি সঠিক অৱস্থাত আছে তেনেহʼলে সেইবোৰক প্ৰচাৰ ক্ষেত্ৰত বিতৰণ কৰিবলৈ প্ৰচেষ্টা কৰা উচিত। নষ্ট হোৱা আলোচনীসমূহ ব্যক্তিগত ব্যৱহাৰৰ বাবে ৰাখিব পাৰে বা সঠিকভাৱে নষ্ট কৰিব লাগে। যদিও প্ৰাথমিক অৱস্থাত চলিত আলোচনীসমূহ বিতৰণ কৰিবলৈ মনোযোগ দিওঁ, কিন্তু আন সময়বোৰত সেই পুৰণি আলোচনীসমূহ ব্যৱহাৰ কৰিবলৈ সময় উলিওৱা আৱশ্যক।
৫ আপোনাক বিতৰণ কৰিবলৈ কিমান আলোচনীৰ আৱশ্যক তাক সদায়ে সাৱধানে বিবেচনা কৰা প্ৰয়োজন। সুবিবেচক হোৱাটো আৱশ্যক। যদি আপুনি এজন অগ্ৰগামী সেৱক তেতিয়াহʼলে আপোনাৰ ওচৰত যথেষ্ট মাত্ৰাত আলোচনী ৰখা আৱশ্যক। মণ্ডলীৰ পৰা ব্যক্তিগতভাৱে অধিকমাত্ৰাত আলোচনী সংগ্ৰহ কৰি ৰাখাৰ কোনো আৱশ্যক নাই, কিয়নো সভা আৰম্ভ হোৱাৰ আগত আৰু শেষ হোৱাৰ পিছত আপুনি ৰাজ্যগৃহৰ পৰা আৱশ্যকীয় আলোচনীসমূহ লʼব পাৰে। মাহটোত ভালদৰে প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰিবলৈ আপোনাৰ ওচৰত আৱশ্যক অনুসাৰে যথেষ্ট মাত্ৰাত আলোচনী ৰাখক আৰু ব্যৱহাৰ অনুসৰি আলোচনীবোৰ লওক।
৬ আমি যেতিয়া ঈশ্বৰৰ সত্য বাক্যক মূল্যাঙ্কণ কৰা ব্যক্তিসকলক আমাৰ আলোচনীসমূহ দিওঁ, তেতিয়া ই আটাইতকৈ মূল্যৱান হৈ পৰে। গতিকে আঁহক আমি সকলোৱে বুদ্ধিমান আৰু জ্ঞানী হৈ উপলব্ধ থকা আলোচনীসমূহ ব্যৱহাৰ কৰি আমাৰ আলোচনীসমূহৰ প্ৰতি অধিক মূল্যাঙ্কণ প্ৰকাশ কৰোঁহঁক।