ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০২ পৃষ্ঠা ৩
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০২ পৃষ্ঠা ৩

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। জুন: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখন বিতৰণ কৰিব পাৰে। যদি এই সাহিত্যসমূহ মণ্ডলীত উপলব্ধ নাই তেনেহʼলে পুৰণি আলোচনী আৰু সংস্থালৈ নতুনকৈ সাহিত্য বা আলোচনী বিচাৰি আৱেদন কৰাৰ পৰিৱৰ্তে মণ্ডলীত জমা হোৱা পুৰণি আলোচনীসমূহ দিবলৈ চেষ্টা কৰা উচিত। জুলাই আৰু আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যিকোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰা উচিত নে?, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? তদুপৰি, যʼত উপযুক্ত তাত এই ব্ৰচাৰসমূহ দিব পাৰে, যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। সকলোৰ বাবে এখন পুস্তক, আমাৰ সমস্যা—এইবোৰক সমাধান কৰিবলৈ কোনে আমাক সহায় কৰিব?, মৃতবিলাকৰ আত্মা—তেওঁলোকে আপোনাক সহায় বা ক্ষতি কৰিব পাৰে নে? তেওঁলোক বাস্তৱতে অস্তিত্বত আছেনে? আৰু কেতিয়াবা এখন যুদ্ধ বিহীন জগত হব নে? ছেপ্টেম্বৰ: জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? বিকল্প আলোচনী হিচাপে সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল বা যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ—ব্যৱহাৰিক উত্তৰ, নামৰ কিতাপখন আগবঢ়াব পাৰে।

▪ জিলা অধিৱেশনৰ শেহতীয়া সংবাদ: মে মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া ছেকেন্দ্ৰাবাদত নবেম্বৰ ৮-১০ তাৰিখে হʼবলগীয়া “উৎসাহী ৰাজ্যৰ প্ৰচাৰকসকল” ২০০২ চনৰ জিলা অধিৱেশন তাৰিখৰ সাল-সলনি কৰা হৈছে। সেই নতুন তাৰিখসমূহ হৈছে: ১) ছেকেন্দ্ৰাবাদ (ইংৰাজী) নবেম্বৰ ৮-১০ তাৰিখ আৰু ২) ছেকেন্দ্ৰাবাদ (তেলেগু) নবেম্বৰ ১৫-১৭ তাৰিখ।

▪ দহজনতকৈ অধিক ব্যক্তি থকা সমূহে যদি বাঙ্গালোৰত থকা নতুন শাখা কাৰ্য্যালয়লৈ ফুৰিবলৈ পৰিকল্পনা কৰিছে, তেন্তে সৰ্ব্বপ্ৰথমে তেওঁলোকে বেথেল অফিচত জনোৱাতো উত্তম হʼব। বাঙ্গালোৰত থকা শাখা কাৰ্য্যালয়ৰ ঠিকনা হৈছে, Bethel Office, Post Box No. 6441, Yelahanka, Bangalore 560 064, Karnataka. বেথেল অফিচে ফুৰিবলৈ অহা সেই সমূহক আদেবিশ্বানাথপুৰা, বাঙ্গলোৰত থকা শাখা কাৰ্য্যালয়ক চাবলৈ সহায় আৰু তেওঁলোকক চোৱা-চিতা কৰিব। অনুগ্ৰহ কৰি আপুনি বেথেল ভ্ৰমণ কৰিবলগীয়া তাৰিখ আৰু সময়ৰ বিষয়ে আগতীয়াকৈ যেন বেথেল অফিচত জনাই। অনুগ্ৰহ কৰি মনত ৰাখক যে আগষ্ট ১, ২০০২ চনৰ পিছতহে বেথেল বা শাখা কাৰ্য্যালয়লৈ ফুৰিবলৈ যাব পাৰে। আপুনি ভ্ৰমণ কৰিবলৈ যোৱাৰ পূৰ্বেই এই মাহৰ আমাৰ ৰাজ্যৰ পৰিচৰ্য্যাʼত বেথেল সাক্ষাতৰ সময়ত সঠিক সাজ-পোছাক পৰিধানৰ কৰাৰ সম্পৰ্কে দিয়া প্ৰশ্ন বক্সটো যেন আলোচনা কৰে।

▪ এপ্ৰিল-জুন ২০০২ জনৰ আৰম্ভণিৰ পৰা উৰ্দু ভাষাৰ মাহেকীয়া সচেতন! আলোচনীখন এতিয়াৰ পৰা প্ৰতি তিনি মাহে প্ৰকাশ পাব।

▪ অনুগ্ৰহ কৰি লক্ষ্য কৰক যে FAB:FAC জানুৱাৰী ২৪, ২০০১ চনত পঠোৱা পত্ৰখনৰ অনুসাৰে মণ্ডলীয়ে কেৱল তেওঁলোকৰ লাইব্ৰেৰীৰ বাবে ভিডিঅ’ কেছেটসমূহৰ আৱেদন কৰিব পাৰে। সাহিত্য অনুৰোধ ফৰ্মখনত (S-14) “কেৱল মণ্ডলীৰ ব্যৱহাৰৰ বাবে” উল্লেখ কৰা স্থানত যেন আৱেদন কৰে।

▪ সকলো মণ্ডলীলৈ শাখা কাৰ্য্যালয়ত সাহিত্য আৰু আলোচনী উপলব্ধ থকা ত্ৰৈমাসিক আলোচনীৰ তালিকা পঠোৱা হʼব। প্ৰত্যেক তিনি মাহে সকলো মণ্ডলীলৈ শেহতীয়া আলোচনীসমূহৰ তালিকা পঠোৱা হʼব। অনুগ্ৰহ কৰি এই তালিকাখন প্লাষ্টিক ফল্ডাৰত ভৰাই সাহিত্য বিভাগৰ কাউন্টাৰত যেন ৰাখে। সেৱা অধ্যক্ষ আৰু মণ্ডলীৰ সচিব নিশ্চিত কৰা উচিত যে কেৱল উপলব্ধ থকা আলচনীৰসমূহৰ যেন আৱেদন পঠিয়াই। অনুগ্ৰহ কৰি মনত ৰাখক যে শাখা কাৰ্য্যালয়ে পত্ৰ দ্বাৰা বা আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত উল্লেখ কৰা আলোচনীসমূহৰ বাহিৰে আন আলোচনীসমূহৰ আৱেদন যেন নপঠিয়াই।

▪ নতুন প্ৰকাশন উপলব্ধ:

যিচয়াৰ ভৱিষ্যতবাণী​—⁠সকলো মানৱজাতিৰ বাবে দীপ্তিস্বৰূপ, ভাগ ২ ​—তেলেগু, হিন্দী

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

আমাৰ পৰিচৰ্য্যা সম্পন্ন কৰিবৰ বাবে সংগঠিত ​—ইংৰাজী

সকলোৰ বাবে এখন কিতাপ ​—নেপালী

যিহোৱা​—⁠তেওঁ কোন? (ট্ৰেক্ট নং. ২৩) ​—উৰ্দু

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক