ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০২ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০২ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। ছেপ্টেম্বৰ: জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? বিকল্প সাহিত্যসমূহ হিচাবে সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল বা যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ—ব্যৱহাৰিক উত্তৰ, নামৰ কিতাপখন আগবঢ়াব পাৰে। অক্টোবৰ: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীসমূহৰ বিতৰণ। যʼত পুনৰ সাক্ষাৎ কৰা হয়, সেই গৃহস্থক যিহোৱাৰ সাক্ষীসকলে গোটেই বিশ্বত ঐক্যতাবদ্ধৰূপে ঈশ্বৰৰ ইচ্ছাক সম্পূৰ্ণ কৰে নামৰ ব্ৰচাৰখন দিয়ক। প্ৰথমবাৰ সাক্ষাৎ কৰাৰ সময়ৰ পৰাই গৃহস্থক আমাৰ মণ্ডলীৰ সভাত উপস্থিত হʼবলৈ আমান্ত্ৰণ কৰক। নবেম্বৰ: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় বিতৰণ কৰিব পাৰে। যদি লোকসকলে ইতিমধ্যেই এই আলোচনীবোৰ লৈছে তেনেহʼলে মণ্ডলীত মজুত থকা যিকোনো পুৰণি সাহিত্য বা আলোচনী আগবঢ়াব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। বিতৰণ কৰা বিকল্প সাহিত্যসমূহ হৈছে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন, বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ? বা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে।

▪ মণ্ডলীত পুনঃসংস্থাপন হʼবলৈ ইচ্ছা ৰখা বহিষ্কাৰ বা সমাজচ্যুত ব্যক্তিসকলৰ বাবে প্ৰাচীনসকলক এপ্ৰিল ১৫, ১৯৯১ চনৰ প্ৰহৰীবুৰুজ ২১-৩ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে কাৰ্য্য কৰিবলৈ সোঁৱৰাই দিয়া হৈছে।

▪ প্ৰচাৰকসকলে ব্যক্তিগতভাৱে আলোচনী বিচাৰি পঠোৱা আৱেদন পত্ৰ সংস্থাই গ্ৰহণ নকৰে। মণ্ডলীয়ে সংস্থালৈ মাহেকীয়া আলোচনীৰ নিৱেদন কৰাৰ আগতে প্ৰিজাইডিং ওভাৰচিয়াৰে প্ৰত্যেক মাহত ঘোষণা কৰিবলৈ ব্যৱস্থা কৰা উচিত, যাতে ইচ্ছুক ভাই-ভনীসকলে ব্যক্তিগতভাৱে আলোচনীৰ নিৱেদন সেই ভাইজনক দিব পাৰে যিজনে আলোচনীৰ চোৱা-চিতা কৰে। অনুগ্ৰহ কৰি বিশেষভাৱে অনুৰোধ কৰি নিৱেদন কৰা আলোচনীবোৰৰ বিষয়ে মনত ৰখা উচিত।

▪ ২০০৩ চনৰ স্মৰণীয় পৰ্বৰ সময়ছোৱাত দিবলগীয়া বিশেষ জনভাষণ দেওবাৰ, এপ্ৰিল ২৭ তাৰিখে দিয়া হʼব। সেই ৰাজহুৱা ভাষণৰ পৰিলেখ আৰু বিষয়বস্তু পিছত উপলব্ধ কৰা হʼব। যি মণ্ডলীবোৰত সেই উক্ত তাৰিখটোত পৰিব্ৰাজক অধ্যক্ষৰ ভ্ৰমণ বা সন্মিলন থাকে, তেনেহʼলে বিশেষ ৰাজহুৱা ভাষণ তাৰ পিছৰ সপ্তাহত দিবলৈ ব্যৱস্থা কৰা আৱশ্যক। কোনো মণ্ডলীয়ে ২০০৩ চনৰ এপ্ৰিল ২৭ তাৰিখৰ পূৰ্বে এই বিশেষ ৰাজহুৱা ভাষণ দিয়া উচিত নহয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক