ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। জানুৱাৰী: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। বিতৰণ কৰা বিকল্প সাহিত্যসমূহ হৈছে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন, বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ? বা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে। যদি মণ্ডলীত এই বিকল্প সাহিত্যবোৰ নাই তেন্তে ওচৰত থকা আন মণ্ডলীত অধিকমাত্ৰত থাকিলে অনুগ্ৰহ কৰি আপোনালোকে সেই মণ্ডলীৰ পৰা সাহিত্যবোৰ বিচাৰিব পাৰে। ফেব্ৰুৱাৰী: নিগূঢ় বাক্যসমূহৰ প্ৰকাশ—এক চৰম অৱস্থাত উপনীত হৈছে! বা তলত দিয়া যিকোনো ৩২ পৃষ্ঠাৰ ব্ৰচাৰসমূহ বিতৰণ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰাটো উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। তদুপৰি যʼত উপযুক্ত তাত এই ব্ৰচাৰসমূহ দিব পাৰে, সকলোৰ বাবে এখন পুস্তক, আমাৰ সমস্যা—এইবোৰক সমাধান কৰিবলৈ কোনে আমাক সহায় কৰিব?, মৃতবিলাকৰ আত্মা—তেওঁলোকে আপোনাক সহায় বা ক্ষতি কৰিব পাৰেনে? তেওঁলোক বাস্তৱতে অস্তিত্বত আছেনে? আৰু কেতিয়াবা এখন যুদ্ধ বিহীন জগত হব নে? মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখন বিতৰণ কৰি গৃহস্থৰ সৈতে গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষভাৱে প্ৰচেষ্টা কৰক। এপ্ৰিল আৰু মে’: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ বিতৰণ কৰক। পুনৰ সাক্ষাৎ কৰা ব্যক্তিসকল যদি আগ্ৰহী তেনেহʼলে তেওঁৰ সৈতে আলোচনী প্ৰবাহ আৰম্ভ কৰক আৰু বিচাৰে ব্ৰচাৰখন দি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰক।
▪ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিৰ পৰা মাৰ্চ মাহৰ ২ তাৰিখৰ ভিতৰত পৰিব্ৰাজক অধ্যক্ষই এটা ৰাজহুৱা ভাষণ দিব। সেই ভাষণটোৰ বিষয় হৈছে “আন্ধাৰৰ জগতখনৰ পৰা উদ্ধাৰ পোৱা।”
▪ মণ্ডলীসমূহে এপ্ৰিল মাহৰ ১৬ তাৰিখ, বুধবাৰে সূৰ্য্য অস্ত যোৱাৰ পাছত স্মৰণীয় পৰ্ব পালন কৰিবলৈ, আগতীয়াকৈ সুবিধাজনক ব্যৱস্থা কৰা উচিত। যদিও ভাষণ সূৰ্য্য অস্ত যোৱাৰ আগতে আৰম্ভ কৰা হয়, কিন্তু স্মৰণীয় প্ৰতীক সূৰ্য্য অস্ত যোৱাৰ পাছতহে ৰাইজৰ আগেদি সঞ্চালিত কৰা আৱশ্যক। আপোনাৰ স্থানত সূৰ্য্য অস্ত যোৱাৰ সময়ৰ বিষয়ে জানিবলৈ স্থানীয় বাতৰি কাকতত চাওক। সাধাৰণতে যি ৰাজ্য গৃহবোৰক এটাতকৈ বেছি মণ্ডলীয়ে ব্যৱহাৰ কৰে, তেওঁলোকে এই পৰ্ব পালন কৰিবলৈ আগতীয়াকৈ আন ব্যৱস্থা কৰিব পাৰে। যদি সম্ভৱ হয় দুটা মণ্ডলীৰ কাৰ্য্যক্ৰমৰ মাজত অন্ততঃ ৪০ মিনিট সময়ৰ ব্যৱধান থকা আৱশ্যক, যাতে সকলোৱে লাভৱান হʼব পাৰে। গাড়ী বা আন যান-বাহন ৰখা বা আনক গাড়ীৰে অনা-নিয়া কৰাৰ সময়ত সতৰ্কতা অৱলম্বন কৰা আৱশ্যক, যাতে ই আনৰ বাবে কোনো ধৰণৰ বাধা সৃষ্টি নকৰে। স্থানীয়ভাৱে কেনে ব্যৱস্থা কৰিলে উত্তম হʼব এই বিষয়ে প্ৰাচীনগোষ্ঠীয়ে আগতীয়াকৈ ব্যৱস্থা কৰা উচিত।