সত্যই আমাক কেনেকৈ মুক্তি প্ৰদান কৰে
১ এটা নিৰ্দ্দিষ্ট উপলক্ষ্যত যীচুৱে তেওঁক বিশ্বাস কৰা ইহুদীসকলক এইদৰে কৈছিল: “তোমালোকে সত্যক জানিবা, আৰু সেই সত্যেই তোমালোকক মুক্ত কৰিব।” (যোহ. ৮:৩২) তেওঁ উল্লেখ কৰা মুক্তি নাগৰিকত্ব স্বাধীনতাতকৈ অধিক আছিল, যিটো ধনী বা দুখীয়া, শিক্ষিত অথবা অশিক্ষিত সকলোৱে লাভ কৰিব পাৰিছিল। যীচুৱে শিকোৱা সত্যতাই পাপ আৰু মৃত্যুৰ বন্ধনৰ পৰা মুক্ত কৰিছিল। এই বিষয়ে তেওঁ এইদৰে বৰ্ণনা কৰিছিল যে, “যি কোনোৱে পাপ-আচৰণ কৰে, সি পাপৰ দাস।” (যোহ. ৮:৩৪) আমি এনে এটা সময়লৈ আগ্ৰহেৰে অপক্ষে কৰি আছোঁ যেতিয়া সকলো আজ্ঞাকাৰী মানৱজাতিয়ে “ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ, ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব!”—ৰোমী. ৮:২১.
২ সেই সত্যতা হৈছে ঈশ্বৰৰ উদ্দেশ্য সম্পন্ন কৰিবলৈ যীচুৱে আদায় কৰা ভূমিকা যি তেনে মুক্তি কঢ়িয়াই আনে। সেই সত্যতাত যীচুৱে আমাৰ বাবে দিয়া মুক্তিপণ বলিদানৰ জ্ঞান লোৱাটো জড়িত আছে। (ৰোমী. ৩:২৪) বাস্তৱতে এতিয়াৰ সময়তো বাইবেলীয়া সত্যতাক গ্ৰহণ কৰাৰ দ্বাৰা সেইবোৰক পালন কৰি আমি ভয়, নিৰাশ আৰু আন হানিকাৰক অভ্যসবোৰৰ পৰা সীমিত পৰিমাণে মুক্তি লাভ কৰিব পাৰোঁ।
৩ ভয় আৰু নিৰাশ হোৱাৰ পৰা মুক্তি: আমি কেতিয়াও এই জগতৰ দুৰাৱস্থাত নিৰাশ হʼব নালাগে। কিয়নো আমি বুজি পাইছোঁ যে এই দুষ্টতাৰ নেপথ্য ভূমিত কোন আছে আৰু তদুপৰি ইয়াকো জানো যে অতি সোনকালে এই জগতৰ দুষ্টতাক পৃথিৱীৰ পৰা আঁতৰ কৰা হʼব। (গীত. ৩৭:১০, ১১; ২ তীম. ৩:১; প্ৰকা. ১২:১২) সত্যতাই আমাক মৃত্যুৰ সম্পৰ্কে শিকোৱা মিছা শিক্ষাৰ পৰাও মুক্ত কৰে। কিয়নো আমি বুজি পাইছোঁ যে মৃতবিলাকে আমাক কোনো অনিষ্ট সাধিব নোৱাৰে। মৃতবিলাকে চিৰকলীয়া নিৰ্য্যাতনত পীড়িত নহয় আৰু ঈশ্বৰে লোকসকলক কেৱল তেওঁলোকক আত্মিক দেহ বা স্বৰ্গত নিবলৈ মৃত্যু দান নকৰে।—উপ. ৯:৫; পাঁচ. ২৪:১৫.
৪ এনে সত্যতাই এজন পিতৃ আৰু এগৰাকী মাতৃক কোনো দূৰ্ঘটনাত তেওঁলোকৰ সন্তান মৃত্যু হোৱাত শান্ত্বনা প্ৰদান কৰে। এই বিষয়ে নিজৰ পুত্ৰক হেৰুৱা এগৰাকী মাতৃয়ে এইদৰে কৈছিল, “আমাৰ পুত্ৰক পুনৰাই পুনৰুত্থানত নেদেখালৈকে জীৱনৰ খালী ঠাইখিনি কেতিয়াও পূৰণ নহʼব। কিন্তু আমি জানোঁ যে এই মনোবেদনা কেৱল অস্থায়ী।”
৫ হানিকাৰক অভ্যসবোৰৰ পৰা মুক্তি: বাইবেলৰ সত্যতাই এজন ব্যক্তিৰ বিচাৰধাৰা আৰু ব্যক্তিত্বত সলনি কৰাৰ দ্বাৰা অপ্ৰয়োজনীয় সমস্যাসমূহৰ পৰা মুক্তি দিয়ে। (ইফি. ৪:২০-২৪) সাধুতা আৰু পৰিশ্ৰমী হোৱাৰ যোগেদি দৰিদ্ৰতাক লঘু কৰিব পাৰি। (হিতো. ১৩:৪) নিস্বাৰ্থ প্ৰেম প্ৰকাশ কৰাৰ দ্বাৰা আনৰ সৈতে ভাল সম্বন্ধ গঢ়ি তুলিব পাৰি। (কল. ৩:১৩, ১৪) খ্ৰীষ্টান মূৰস্বৰূপ সিদ্ধান্তক পালন কৰাৰ দ্বাৰা পৰিয়ালত অহা সমস্যাসমূহক হ্ৰাস কৰিব পাৰি। (ইফি. ৫:৩৩-৬:১) অত্যধিক মদ্যপাণ, যৌন অনৈতিকতা আৰু নিচাযুক্ত পদাৰ্থৰ পৰা আঁতৰি থাকি এক সুস্থ শৰীৰ লাভ কৰিব পাৰি।—হিতো. ৭:২১-২৩; হিতো. ২৩:২৯, ৩০; ২ কৰি. ৭:১.
৬ এজন ডেকা ব্যক্তিয়ে ৯ বছৰ ধৰি মাদক দ্ৰব্যৰ সেৱনৰ পৰা মুক্ত হʼব পৰা নাছিল। এদিনাখন ৰাস্তাত সাক্ষী দিয়া কাৰ্য্য কৰি থকা এগৰাকী ভনীয়ে তেওঁক সাক্ষাৎ কৰে। সেই ব্যক্তিজনে ভনীগৰাকীৰ পৰা আলোচনী গ্ৰহণ কৰে আৰু তেওঁক পুনৰ সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰে। এটা গৃহ বাইবেল অধ্যয়ন আৰম্ভ হয়। বাইবেল অধ্যয়ন কৰা দুমাহৰ পিছত সেই ব্যক্তিজনে সকলোবোৰ মাদক দ্ৰব্য ব্যৱহাৰ কৰাটো বন্ধ কৰে আৰু অধ্যয়নৰ আঠ মাহৰ পিছত তেওঁ বাপ্তিষ্মা লৈ এজন যিহোৱাৰ সাক্ষী হৈ পৰে। তেওঁক মাদক দ্ৰব্যৰ বন্ধনৰ পৰা মুক্ত হোৱা দেখি তেওঁৰ ভায়েক আৰু ভায়েকৰ পত্নীয়ে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে।
৭ মুক্তি লাভ কৰিবলৈ আনক সহায় কৰক: যিসকলে দীৰ্ঘসময় ধৰি মিছা শিক্ষাত বন্দী হৈ আছে, তেওঁলোকৰ বাবে হয়তো ঈশ্বৰৰ বাক্যই আগবঢ়োৱা স্বাধীনতাৰ বিষয়ে বুজাত কঠিন হʼব পাৰে। গতিকে তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিবলৈ এক নেৰানেপেৰা প্ৰচেষ্টা আৰু শিক্ষকৰূপে উত্তমভাৱে তৈয়াৰ কৰা আৱশ্যক। (২ তীম. ৪:২, ৫) বৰ্তমান ‘বন্দীয়াৰবিলাকলৈ বন্দীশাল মুকলি কৰা কথা ঘোষণা কৰা’ কাৰ্য্যৰ প্ৰতি অধিক গুৰুত্ব দিয়া আৱশ্যক। (যিচ. ৬১:১) খ্ৰীষ্টান স্বাধীনতা হৈছে অতি মূল্যৱান। কিয়নো ইয়াক লাভ কৰাৰ অৰ্থ হৈছে অনন্তজীৱন পোৱা।—১ তীম. ৪:১৬.