ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
তলত দিয়া প্ৰশ্নসমূহ ২০০৩ চনৰ অক্টোবৰ ২৭ তাৰিখৰ পৰা আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৩ চনৰ মে’ ৫ তাৰিখৰ পৰা লৈ জুন ৩০ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।—পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৭ পৃ. চাওক।]
বক্তৃতাৰ বৈশিষ্ট্য
১. প্ৰথম তীমথিয় ২:৯ পদত “পৰিপাটি পোচাকেৰে নিজকে ভূষিত কৰক” বুলি উল্লেখ কৰা পৰামৰ্শটোৰ অৰ্থ কি আৰু ইয়ে মঞ্চৰ পৰা ভাষণ বা প্ৰচাৰ কাৰ্য্যত ভাগ লওঁতে আমাক কেনেকৈ প্ৰভাৱিত কৰে? [ht-AE ৮৮ পৃ. ১৭-১৯ অনু.]
২. ব্যক্তিগত বহিঃৰূপৰ সম্পৰ্কে বাইবেলৰ ১ যোহন ২:১৫-১৭; ইফিচীয়া ২:২; আৰু ৰোমীয়া ১৫:৩ পদত দিয়া সিদ্ধান্তসমূহে আমাক কেনেদৰে প্ৰভাৱিত কৰা উচিত? [be ১৩৩ পৃ. ২-৪ অনু.]
৩. ভাষণ দিওঁতে ক্ষন্তেক ৰখা কিয় আৱশ্যক আৰু মঞ্চত ভাষণ বা প্ৰচাৰ কাৰ্য্যত কথা কওঁতে একেলেথাৰিকৈ কথোপকথন কৰাৰ পৰিৱৰ্তে আমি কেনেকৈ ক্ষন্তেক ৰৈ কথা কোৱাৰ অভ্যাস বিকাশিত কৰিব পাৰোঁ? [be ১৩৫ পৃ. বক্স; ১৩৬ পৃ. ৫ অনু., বক্স]
৫. আমি বাইবেলখন ব্যৱহাৰ কৰাত কেনেকৈ অধিক পাৰ্গত হʼব পাৰিম? (তীত ১:৯) [be ১৪৪ পৃ. ১ অনু., বক্স]
ভাষণ নং ১
৬. ঈশ্বৰৰ বাক্যৰ অধ্যয়নত কি জড়িত আছে আৰু নিয়মীয়াকৈ অধ্যয়ন কৰি কেনে লাভসমূহ পাব পাৰি? [be ২৭ পৃ. ৩ অনু.; ৩২ পৃ. ৪ অনু.]
৭. কোনো গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱাৰ সময়ত যাকোব ১:৫, ৬ পদৰ অনুসাৰে আমি কি কৰা আৱশ্যক? [w০১ ৯/১ ২৮ পৃ. ৪ অনু.]
৮. উল্লেখ কৰা গুৰুত্বপূৰ্ণ তাৰিখৰ অৰ্থ কি আৰু সেইবোৰ কিয় মূল্যৱান? [si ২৮২ পৃ. ২৭ অনু.]
৯. “যি কোনোৱে কথা লগাই ফুৰে” তেওঁ কেনেকৈ অজ্ঞান? (হিতো. ১০:১৮) [w০১ ৯/১৫ ২৫ পৃ. ৩ অনু.]
১০. আগন্তুক নতুন জগতত সময়ৰ প্ৰতি থকা যিহোৱাৰ দৃষ্টিভঙ্গীৰ বিষয়ে মানৱজাতিয়ে সম্পূৰ্ণকৈ কেনেকৈ জানিব পাৰিব? [si ২৮৩ পৃ. ৩২ অনু.]
সপ্তাহিক বাইবেল পাঠ
১১. শুদ্ধ বা অশুদ্ধ: ১ কৰিন্থীয়া ২:৯ পদত পাঁচনি পৌলে উল্লেখ কৰিছে যে যিহোৱাই তেওঁৰ বিশ্বাসী লোকসকলক এক উত্তৰাধিকাৰীৰূপে সাজু কৰিব। বৰ্ণনা কৰক। [ip-2 ৩৬৬ পৃ. বক্স]
১২. এই জগতৰ পৰা অহা কেনে প্ৰলোভনৰ বিষয়ে ১ কৰিন্থীয়া ১০:১৩ পদত উল্লেখ কৰা হৈছে আৰু যিহোৱাই কেনেকৈ “সাৰিবৰ উপায়ো কৰিব”? [w৯১ ১০/১ ১০-১১ পৃ. ১১-১৪ অনু.]
১৩. উদাৰতাৰ সম্পৰ্কে থকা যীচুৰ আৰ্হিয়ে কেনেকৈ প্ৰকৃত খ্ৰীষ্টানসকলক প্ৰভাৱিত কৰে? (২ কৰি. ৮:৯) [w৯২ ১/১৫ ১৬ পৃ. ১০ অনু.]
১৪. বিধানে কেনেকৈ ‘খ্ৰীষ্টৰ ওচৰলৈ আমাক নিবলৈ আমাৰ ৰখীয়া শিক্ষক হৈছিল’? (গালা. ৩:২৪) [w০২-AE ৬/১ ১১ পৃ. ১১ অনু.]
১৫. ‘জগতৰ প্ৰাথমিক বিধিবোৰ’ কি কি আৰু আমি সেইবোৰৰ দ্বাৰা সত্যতাৰ পথৰ পৰা বিচলিত নহʼবলৈ কি কৰা আৱশ্যক? (কল. ২:৮)