প্ৰকৃত খ্ৰীষ্টানসকলে কেনেকৈ একতাবদ্ধ হৈছে?
১ কিহে ২৩৪ খন দেশত প্ৰায় ৩৮০ টা ভাষা কোৱা ষাঠি লাখতকৈ অধিক লোকক একতাবদ্ধ কৰি ৰাখিছে? একমাত্ৰ যিহোৱাৰ উপাসনাই তেওঁলোকক একতাবদ্ধ কৰিছে। (মীখা ২:১২; ৪:১-৩) যিহোৱাৰ সাক্ষীসকলে নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা জনিব পাৰিছে যে বৰ্তমান সময়ত প্ৰকৃত খ্ৰীষ্টানসকলৰ মাজত বাস্তৱতে ঐক্যতা আছে। “একেজন ৰখীয়াৰ” অধিনত “একেটা জাক” হৈ আমি জগতৰ বিভাজন কৰা মনোবৃত্তিক প্ৰতিৰোধ কৰিবলৈ দৃঢ় নিৰ্ণয় কৰিলোঁ।—যোহ. ১০:১৬; ইফি. ২:২.
২ ঈশ্বৰৰ নিৰ্ভৰযোগ্য উদ্দেশ্যত সকলো বুদ্ধিমান সৃষ্টি অৰ্থাৎ স্বৰ্গদূত আৰু মানৱে সত্য উপাসনাত একতাবদ্ধ হৈছে। (প্ৰকা. ৫:১৩) যীচুৱে নিজৰ শিষ্যসকলে ঐক্যতা হোৱাৰ গুৰুত্বতাক বুজি সেই বিষয়ে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছিল। (যোহ. ১৭:২০, ২১) এতেকে আমি খ্ৰীষ্টান মণ্ডলীত ঐক্যতা বজাই ৰাখিবলৈ কেনে অৱদান আগবঢ়াব পাৰোঁ?
৩ কিদৰে ঐক্যতাবদ্ধ বজাই ৰাখিব পাৰি: ঈশ্বৰৰ বাক্য আৰু তেওঁৰ পবিত্ৰ আত্মাৰ অবিহনে খ্ৰীষ্টানসকলে কেতিয়াও ঐক্যতা বজাই ৰাখিব নোৱাৰে। ইয়াৰ বাবে আমি বাইবেলখন পঢ়া আৰু তাৰ সিদ্ধান্তসমূহ পালন কৰি নিজৰ জীৱন-প্ৰণালী পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত হʼবলৈ দিয়া উচিত। তেহে আমি “শান্তিৰ বন্ধনত পবিত্ৰ আত্মাৰ ঐক্য ৰাখিবলৈ যত্ন” কৰিব পাৰিম। (ইফি. ৪:৩) ইয়ে আমাক আনক প্ৰেম কৰিবলৈ প্ৰেৰিত কৰিব। (কল. ৩:১৩, ১৪; ১ পিত. ৪:৮) আপুনি প্ৰত্যেক দিনা ঈশ্বৰৰ বাক্যক ধ্যান কৰাৰ যোগেদি ঐক্যতা বজাই ৰাখিবলৈ চেষ্টা কৰেনে?
৪ আমাক প্ৰচাৰ আৰু শিষ্য বনাবলৈ দিয়া আজ্ঞাই ঐক্যতাবদ্ধ হʼবলৈ সহায় কৰে। যেতিয়া আমি আন খ্ৰীষ্টান ভাই বা ভনীৰ সৈতে কাৰ্য্য কৰোঁ তেতিয়া “শুভবাৰ্ত্তাৰ সম্বন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ” কৰোঁ আৰু এইদৰে আমি “সত্যৰ সহকাৰী” হৈ পৰোঁ। (ফিলি. ১:২৭; ৩ যোহ. ৮) এইদৰে আমি মণ্ডলীত ঐক্যতা আৰু প্ৰেমৰ বন্ধন অধিক কটকটীয়া কৰিব পাৰিম। তেতিয়াহʼলে আপোনাৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ নোলোৱাজনক আমন্ত্ৰণ নকৰে কিয়?
৫ বৰ্তমান সময়ত একমাত্ৰ প্ৰকৃত অন্তঃৰাষ্ট্ৰীয় ভাতৃত্ব সমাজৰ ভাগ হোৱাটো এটা বিশেষাধিকাৰ নহয়নে বাৰু! (১ পিত. ৫:৯) অলপতে হৈ যোৱা “ঈশ্বৰক মহিমা কৰা” জিলা অধিৱেশনত হাজাৰ হাজাৰ লোকে স্বয়ং নিজেই বিশ্বজুৰি ঐক্যতাৰ অভিজ্ঞতা হʼল। এতেকে আঁহক আমাৰ সকলোৱে প্ৰত্যেক দিনা ঈশ্বৰৰ বাক্যক পঢ়াৰ দ্বাৰা প্ৰেমত থকা ভিন্নতাক আঁতৰ কৰি “একে মনেৰে” ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁহঁক।—ৰোমী. ১৫:৫.