সত্যত নথকা খ্ৰীষ্টান ভাই বা ভনীৰ জীৱন-সঙ্গীক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?
১ বহুতো যিহোৱাৰ সেৱকে এনে ব্যক্তিৰ সৈতে বিবাহ হয়, যিসকলে সাক্ষীসকলৰ সৈতে যদিও বন্ধুত্ব আচৰণ আৰু মণ্ডলীৰ প্ৰতি আগ্ৰহী, কিন্তু ঈশ্বৰৰ সেৱক হোৱাৰ পৰা বিৰত থাকে। এই বিষয়ে সত্যত নথকা এজন স্বামীয়ে এইদৰে কয়: “ঘৰে-ঘৰে গৈ প্ৰচাৰ কৰাটো মোৰ বাবে এটা ডাঙৰ সমস্যা।” আনসকলে এনে কিছুমান অশাস্ত্ৰীয় কাৰ্য্যৰ অভ্যাস কৰে, যিবোৰক তেওঁলোকে ত্যাগ কৰা নতুবা ভাবিব পাৰে যে তেওঁলোকৰ জীৱন-সঙ্গীয়ে ঈশ্বৰৰ কাৰ্য্যবোৰত ব্যস্ত থকাৰ দৰে তেওঁলোকে হয়তো কেতিয়াও কৰিব নোৱাৰিব। আমি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰোঁ?
২ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰা: আনৰ প্ৰতি ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ আৰু কিহে তেওঁলোকক সত্যৰ প্ৰতি পদক্ষেপ লোৱাৰ পৰা বিৰত ৰাখিছে সেই কাৰণৰ প্ৰতি বিবেচক হোৱাৰ দ্বাৰা হয়তো তেওঁলোকৰ বাবে সত্যক গ্ৰহণ কৰাৰ পথ মুকলি কৰিব পাৰে। (ফিলি. ২:৪) যিসকলে পূৰ্বতে নিজৰ জীৱন-সঙ্গীৰ ধৰ্ম্ম গ্ৰহণ কৰা নাছিল, তেনে ব্যক্তিসকলে প্ৰায়ে আনে তেওঁলোকৰ প্ৰতি দেখুৱা আগ্ৰহকতাৰ বিষয়ে উল্লেখ কৰে। এই বিষয়ে ওপৰত উল্লেখ কৰা স্বামীজনে এইদৰে কয়: “মণ্ডলীত জছ্ নামৰ এজন প্ৰাচীনে মোৰ প্ৰতি বিশেষ মনোযোগ দিয়ে। মই ভাবোঁ যে তেওঁ মোক উৎসাহিত কৰাৰ বাবে অৱশেষত মই গভীৰভাৱে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলো।” আন এজন স্বামীয়ে এইদৰে কয় যে তেওঁক সাক্ষাৎ কৰিবলৈ অহা ভাইসকলে তেওঁক নিজৰ আগ্ৰহকতা প্ৰকাশ কৰাত প্ৰচেষ্টা কৰিবলৈ উৎসাহিত কৰে। তেওঁ এইদৰে কয়: “পিছলৈ মই [মোৰ পত্নীৰ] ধৰ্ম্মক সম্পূৰ্ণকৈ ভিন্ন দৃষ্টিভঙ্গীৰে চাবলৈ ধৰোঁ। মোৰ পত্নীৰ বন্ধুসকল অতি বুদ্ধিয়ক, তেওঁলোকে বিভিন্ন বিষয়ৰ ওপৰত কথোপকথন কৰিব পাৰে।”—১ কৰি. ৯:২০-২৩.
৩ ব্যৱহাৰিক সহায় আগবঢ়াওক: সত্যত নথকা বিবাহিতা সঙ্গীসকলে তেওঁলোকলৈ আগবঢ়োৱা সহায়ৰ দ্বাৰাও প্ৰভাৱিত হʼব পাৰে। (হিতো. ৩:২৭; গালা. ৬:১০) এবাৰ যেতিয়া এগৰাকী সাক্ষী ভনীৰ সত্যত নথকা স্বামীৰ মটৰ গাড়ীখন বাটত বেয়া হৈছিল তেতিয়া এজন যুৱা সাক্ষী ভায়ে তেওঁক সহায় কৰিলে। পাছলৈ সেই স্বামীজনে এইদৰে কয় যে “তেনে সহায়ে মোক বাস্তৱতে প্ৰভাৱিত কৰিলে।” আন এজন সাক্ষী ভায়ে গোটেই দিন এগৰাকী সাক্ষী ভনীৰ ঘৰত সত্যত নথকা স্বামীৰ সৈতে জেওৰা দিবলৈ সহায় কৰে। সহায় কৰি থকাৰ সময়ছোৱাত তেওঁলোকে কথোপকথন কৰে আৰু তেওঁলোকৰ মাজত এক বন্ধুত্ব গঢ়ি উঠে। তাৰ দুসপ্তাহৰ পিছত সেই ব্যক্তিজনে ভাইজনৰ ওচৰলৈ আহি এইদৰে কয়: “এতিয়া মই মোৰ জীৱনত কিছুমান পৰিৱৰ্তন কৰিব বিচাৰিছোঁ। আপুনি মোৰ সৈতে বাইবেল অধ্যয়ন কৰিবনে?” তেওঁ দ্ৰুতগতিৰে আধ্যাত্মিকতাত উন্নতি কৰিবলৈ ধৰে আৰু এতিয়া তেওঁ এজন বাপ্তিস্মা প্ৰাপ্ত যিহোৱাৰ সাক্ষী ভাই।
৪ এতেকে আঁহক আমি আমাৰ প্ৰচাৰ এলেকাত যোগ্য ব্যক্তিসকলক বিচৰাৰ উপৰিও যিহোৱাৰ সাক্ষীসকলৰ ভাই বা ভনীৰ সৈতে বিবাহ হোৱা ব্যক্তিসকলক একেৰাহে সহায় কৰোঁহঁক।—১ তীম. ২:১-৪.