ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৪ পৃষ্ঠা ১
  • যিহোৱাৰ ন্যায়-বিচাৰক অনুকৰণ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ ন্যায়-বিচাৰক অনুকৰণ কৰক
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৪ পৃষ্ঠা ১

যিহোৱাৰ ন্যায়-বিচাৰক অনুকৰণ কৰক

১ “যিহোৱাই ন্যায়-বিচাৰ ভাল পায়।” (গীত ৩৭:⁠২৮) যদিও তেওঁ অধাৰ্ম্মিকবিলাকক ধ্বংস কৰিবলৈ নিৰ্ণয় লʼলে, তথাপিও তেওঁ তেওঁলোকক সৰ্ব্বপ্ৰথমে সতৰ্কবাণী দিবলৈ ব্যৱস্থা কৰিলে। (মাৰ্ক ১৩:⁠১০) এই সতৰ্কবাণীয়ে লোকসকলক মন-পালটন কৰি ৰক্ষা পাবলৈ সুযোগ দিয়ে। (২ পিত. ৩:⁠৯) আমি যিহোৱাৰ ন্যায়-বিচাৰক অনুকৰণ কৰোঁনে? মানৱ পৰিয়ালে দুখ-কষ্ট ভুগী থকাটো দেখি আমি আনক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা শুনাবলৈ প্ৰেৰিত হওঁনে? (হিতো. ৩:⁠২৭) ন্যায়-বিচাৰক ভালপোৱা কাৰ্য্যই আমাক সক্ৰিয়ভাৱে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰে।

২ নিস্বাৰ্থতাৰে প্ৰচাৰ কৰা: সকলোকে ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে নিস্বাৰ্থতাৰে প্ৰচাৰ কৰাৰ দ্বাৰা আমি ‘ন্যায় কাৰ্য্য কৰোঁ।’ (মীখা ৬:⁠৮) গতিকে আনৰ বহিঃৰূপ দেখি জগৰীয়া কৰাৰ যি আমাৰ অসিদ্ধ মনোবৃত্তি আছে, তাক আমি নিশ্চয়ে প্ৰতিৰোধ কৰা উচিত। (যাকো. ২:⁠১-৪, ৯) কিয়নো যিহোৱাৰ “ইচ্ছা এই যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (১ তীম. ২:⁠৪) ঈশ্বৰৰ বাক্যৰ সত্যতাই লোকসকলৰ জীৱনত এক উল্লেখনীয় পৰিৱৰ্তন কৰিব পাৰে। (ইব্ৰী ৪:⁠১২) এই সত্যতাৰ প্ৰতি মূল্যাঙ্কন কৰি আমি নিশ্চয়তাৰে প্ৰত্যেকজন ব্যক্তিৰ কাষ চাপা আৱশ্যক, আনকি যিসকলে এসময়ত হয়তো আমাৰ বাৰ্ত্তাৰ প্ৰতি মনোযোগ দিয়া নাছিল তেওঁলোকৰ ওচৰতো যোৱা উচিত।

৩ এখন দোকানত কাম কৰা এগৰাকী ভনীয়ে এজন নিয়মিত গ্ৰাহকৰ শাৰীৰিক ৰূপ দেখি কিছু পৰিমাণে ভয়ভিত হৈছিল। কিন্তু যেতিয়া ভনীগৰাকীয়ে সুযোগ পালে তেতিয়া তাই সেই গ্ৰাহকজনক ঈশ্বৰৰ প্ৰতিজ্ঞাত পৰমদেশৰ বিষয়ে সাক্ষী দিলে। সেই ব্যক্তিজনে স্পষ্টকৈ কʼলে যে তেওঁ এনে কাল্পনিক কথাবোৰক বিশ্বাস নকৰে আৰু তেওঁ এজন হিপী আৰু মাদকদ্ৰব্যসেৱী। কিন্তু ভনীগৰাকীয়ে আশা ত্যাগ নিদিলে। এদিন সেই ব্যক্তিজনে ভনীগৰাকীক তেওঁ ৰাখা দীঘল চুলিৰ বিষয়ে কি ভাবে এই বুলি সুধিলে, তাতে ভনীগৰাকীয়ে শিষ্টতাৰে সেই বিষয়ে বাইবেলে কি কৈছে বৰ্ণনা কৰিলে। (১ কৰি. ১১:⁠১৪) পিছদিনা ব্যক্তিজনে ছুটিকৈ চুলি কাটি আৰু দাড়ি খুৰাই ভনীগৰাকীৰ আগত উপস্থিত হোৱাত তাই অতি আচৰিত হʼল! ব্যক্তিজনে বাইবেল অধ্যয়ন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাত এজন ভাইক তেওঁৰ সৈতে বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ ব্যৱস্থা কৰা হʼল। ব্যক্তিজনে আধ্যাত্মিকভাৱে উন্নতি কৰিলে আৰু নিজকে সমৰ্পণ কৰি বাপ্তিষ্মা লʼলে। সেই ব্যক্তিজনৰ দৰে আজি বহুতে যিহোৱাৰ উপাসক হৈ পৰিছে আৰু নিস্বাৰ্থতাৰে তেনে শুভবাৰ্ত্তা শুনাবলৈ প্ৰচেষ্টা কৰাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে।

৪ অতি সোনকালে যিহোৱাই অধাৰ্ম্মিক লোকক এই পৃথিৱীৰ পৰা উচ্ছন্ন কৰিব। (২ পিত. ৩:⁠১০, ১৩) আমাৰ হাতত একেবাৰে সীমিত সময় বাকী আছে, এতেকে আঁহক আমি যিহোৱাৰ ন্যায়-বিচাৰক অনুকৰণ কৰি সকলো ব্যক্তিকে চয়তানৰ অধাৰ্ম্মিক জগতৰ আগন্তুক ধ্বংসৰ পৰা বাছিবলৈ সুযোগ দিওঁহঁক।​—⁠১ যোহ. ২:⁠১৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক