প্ৰিয় প্ৰচাৰকসকল:
তামিলনাডুত ভাই-ভনীসকলৰ ওপৰত লগোৱা প্ৰতিবন্ধক আঁতৰ কৰাৰ বাবে ভাৰতত থকা সকলো ভাই-ভনীয়ে আনন্দিত হৈছে। যোৱা কেই বছৰৰ পৰা কিদৰে প্ৰচাৰ ক্ষেত্ৰত লগ পোৱা অধিকাৰীৰ সৈতে উপযুক্তৰূপে কথোপকথন কৰিব পাৰি সেই বিষয়ে ভাইসকলক প্ৰশিক্ষণ দিয়া হৈছে। (১ পিত. ৩:১৫) প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সঠিক বিবেচনাৰ সৈতে ভাৰসাম্য উদ্দীপনা বজাই ৰাখি যান্ত্ৰিকৰূপে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা প্ৰস্তুত কৰাৰ পৰিৱৰ্তে যুক্তিসঙ্গতৰূপে শুভবাৰ্ত্তা প্ৰস্তুত কৰাত এক উত্তম ফলাফল পোৱা গৈছে।—হিতো. ১৬:২১, ২৩.
আন দেশবোৰত থকা আমাৰ ভাই-ভনীসকলেও প্ৰচাৰ কাৰ্য্যক উন্নত কৰিবলৈ প্ৰস্তুতি কৰিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱালকীল্ চহৰত দুটাকৈ নতুন প্ৰেচ স্থাপন কৰা হয়, যি ঘন্টাত ৯০,০০০ খন আলোচনী ছপা কৰে, তদুপৰি মিনিটত ১২০ খন কিতাপ পকাবন্ধা কৰিব পৰা এক মেচিন প্ৰতিষ্ঠা কৰা হয়। প্ৰিন্টিং অফিচ ৱালকীললৈ স্থানান্তৰ কৰাৰ বাবে ব্ৰুকলীনৰ ৩৬০ ফʼৰমেন ষ্ট্ৰীতত থকা অট্টালিকা বিক্ৰী কৰা হয়।
ভাৰতত যীচুৰ মৃত্যুৰ স্মৰণীয় দিবস পালন কৰা সময়ছোৱা হৈছে উৎসাহেৰে প্ৰচাৰ কাৰ্য্য বৃদ্ধি কৰাৰ সময়। এই বছৰৰ এপ্ৰিল মাহত ২,৩৬৮ জনে সহযোগী অগ্ৰগামী, ১৮,১১৪ টা বাইবেল অধ্যয়নৰ এক নতুন অভিলেষ স্থাপন হয় আৰু প্ৰভুৰ সন্ধ্যা ভোজৰ উপস্থিতিৰ সংখ্যা আছিল ৬১,৫৩৮ জন।
আমি আগ্ৰহেৰে ভাৰতত “ঈশ্বৰৰ অনুসাৰে জীৱন-যাপন কৰা” জিলা অধিৱেশন আৰু ষষ্ঠ মিনিছ্ট্ৰিয়েল ট্ৰেইনিং স্কুলৰ বাবে অপেক্ষা কৰি আছোঁ, যি অক্টোবৰ মাহৰ পৰা আৰম্ভ হʼব। এতেকে আঁহক, ২০০৫ চনৰ সেৱা বছৰ আৰম্ভ হোৱাৰ লগে লগে আপোনালোকৰ সৈতে আমিও “প্ৰভুৰ কাৰ্য্যত সদায় উপচি” পৰোঁহঁক।—১ কৰিন্থীয়া ১৫:৫৮.
আপোনালোকৰ ভাইসকল
ভাৰতৰ শাখা কাৰ্য্যালয়