ঘোষণাসমূহ
◼উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। ছেপ্টেম্বৰ: এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি। যদি এই ব্ৰচাৰখন আপোনাৰ ভাষাত উপলব্ধ নাই তেনেহʼলে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন বা সৰ্বশ্ৰেষ্ঠ মানৱ নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। অক্টোবৰ: ব্যক্তিগতভাৱে প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ দুয়োখন কপি বিতৰণ কৰক। যদি লোকসকলে আগ্ৰহী তেনেহʼলে বিচাৰে ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ লক্ষ্যৰে পুনৰ সাক্ষাৎ কৰক। নবেম্বৰ: এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি। যদি এই ব্ৰচাৰখন আপোনাৰ ভাষাত উপলব্ধ নাই তেনেহʼলে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন বা সৰ্বশ্ৰেষ্ঠ মানৱ নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল কিতাপখন বিতৰণ অথবা বিকল্পিত বিতৰণ হিচাবে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন আৰু আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে।
◼ডিচেম্বৰ মাহৰ সেৱা সভাত তেজ বিহীন চিকিৎসা—ঔষধে চিকিৎসা ক্ষেত্ৰৰ যি কোনো প্ৰত্যাহ্বান স্বীকাৰ কৰে নামৰ ভিডিঅ’ কাৰ্য্যক্ৰমৰ বিষয়ে বিবেচনা কৰা হʼব। বৰ্তমান সময়ত এই ভিডিঅʼখন সঞ্চাৰণৰ বিকল্প—প্ৰমাণিক ধাৰাবাহিক হিচাবে কম্পেক্ট ডিক্সত উপলব্ধ আছে। এই ধাৰাবাহিকৰ তিনিটা ভিচিডিʼত এই কাৰ্য্যক্ৰমবোৰ সন্মিলিত আছে: সঞ্চাৰণৰ বিকল্প কৌশলবোৰ—সৰল, সুৰক্ষিত, কাৰ্য্যকাৰী; সঞ্চাৰণৰ বিকল্প স্বাস্থ্যৰ তত্ত্বাৱধান—ৰোগীৰ আৱশ্যকতা আৰু অধিকাৰবোৰ পূৰ্ণ কৰা; তেজ বিহীন চিকিৎসা—ঔষধে চিকিৎসা ক্ষেত্ৰৰ যি কোনো প্ৰত্যাহ্বান স্বীকাৰ কৰে। এই ভিচিডিʼখন কেৱল ইংৰাজী ভাষাত উপলব্ধ আছে। যদি এই ভিচিডিʼখনৰ কপি আৱশ্যক হয়, তেন্তে অনতিপলমে মণ্ডলীৰ জড়িয়তে আৱেদন কৰা উচিত।
◼২০০৫ চনৰ স্মৰণীয় পৰ্বৰ সময়ছোৱাত দিবলগীয়া ৰাজহুৱা ভাষণ এপ্ৰিল ১০ তাৰিখে দিয়া হʼব। সেই ৰাজহুৱা ভাষণৰ বিষয়বস্তুৰ বিষয়ে পিছত জনোৱা হʼব। যদি কোনো মণ্ডলীত সেই উক্ত তাৰিখটোত পৰিব্ৰাজক অধ্যক্ষৰ ভ্ৰমণ বা সন্মিলন থাকে, তেনেহʼলে বিশেষ ৰাজহুৱা ভাষণ তাৰ পিছৰ সপ্তাহত দিবলৈ ব্যৱস্থা কৰা আৱশ্যক। কোনো মণ্ডলীয়ে ২০০৫ চনৰ এপ্ৰিল ১০ তাৰিখৰ পূৰ্বেই এই বিশেষ ৰাজহুৱা ভাষণ দিয়া উচিত নহয়।
◼নিয়মিত অগ্ৰগামী নিযুক্তি পত্ৰখনৰ ওলোটা পিঠিত দিয়া “Discontinuation,” “Change of Congregation” আৰু “Name Change” শিৰোনামাৰ অন্তৰ্গত এই তিনিটা ক্ষেত্ৰত কি কৰা উচিত, সেই বিষয়ে বিশেষ নিৰ্দ্দেশনা দিয়া হৈছে। অনুগ্ৰহ কৰি মণ্ডলীৰ চেক্ৰেটাৰীয়ে প্ৰত্যেকবাৰে এই নিৰ্দ্দেশনাৰ অনুসাৰে কাৰ্য্য কৰা উচিত।
◼মণ্ডলীৰ পৰা বহিষ্কাৰ বা সমাজচ্যুত হোৱা যিকোনো ব্যক্তিক সাক্ষাৎ কৰিবলৈ প্ৰাচীনসকলক যোৱা এপ্ৰিল ১৫, ১৯৯১ চনৰ প্ৰহৰীবুৰুজ ২১-২৩ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে কাৰ্য্য কৰিবলৈ সোঁৱৰাই দিয়া হৈছে।
◼প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ শেহতীয়া খণ্ড যেনেকৈ লাভ কৰে অনতিপলমে সেইবোৰক মণ্ডলীৰ প্ৰকাশকসকলক বিতৰণ কৰা উচিত। এনে কৰাৰ দ্বাৰা প্ৰচাৰকসকলে প্ৰচাৰ ক্ষেত্ৰত বিতৰণ কৰিবলগীয়া আলোচনীবোৰৰ সৈতে ভালকৈ পৰিচিত হʼব পাৰিব।
◼যিহেতু অক্টোবৰ মাহটোত পাঁচটাকৈ শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰ পৰিছে। গতিকে সেই মাহটোত সহযোগী অগ্ৰগামী সেৱাত ভাগ লোৱাৰ এটা সুন্দৰ সুযোগ আছে।
◼নতুন সেৱা বছৰত ব্যৱহাৰ কৰিবলগীয়া বছেৰেকীয়া ফৰ্মসমূহ ইতিমধ্যেই মণ্ডলীবোৰলৈ যথেষ্টমাত্ৰাত পঠোৱা হʼল। মণ্ডলীৰ চেক্ৰেটাৰীসয়ে নিশ্চিত কৰা উচিত যে আগন্তুক সেৱা বছৰৰ লৈকে তেওঁলোকৰ জিম্মাত যেন যথেষ্টমাত্ৰাত ফৰ্মবোৰ থাকে। এই ফৰ্মবোৰৰ যিকোনো এখন ফৰ্ম যদি অতিৰিক্তমাত্ৰাত আৱশ্যক হয়, তেন্তে একেবাৰতে ছেপ্টেম্বৰ মাহৰ আপোনালোকৰ সাহিত্য আৱেদনʼৰ সৈতে নিৱেদন কৰা উচিত।
◼বৰ্তমান সময়ত শাখা কাৰ্য্যালয়ে মণ্ডলীবোৰলৈ তেওঁলোকে অনুৰোধ কৰা সাহিত্য আৰু আলোচনীবোৰ অনতিপলমে পঠোৱাত সক্ষম। সেয়েহে এতিয়াৰ পৰা আপোনালোকে সাহিত্য আৱেদন ফৰ্ম (S-14) আৰু মণ্ডলীৰ আৱেদন পত্ৰ (M-202) প্ৰত্যেক মাহৰ প্ৰথম সপ্তাহত পঠিয়াব পাৰে। ইয়াৰ দ্বাৰা মাহটোৰ শেষত আপোনাৰ সাহিত্য আৰু আলোচনীৰ হিচাপ-নিকাচত সৰলীকৰণ কৰা হʼব।
◼নতুন প্ৰকাশন উপলব্ধ:
কথোপকথন আৰু শিক্ষা দিয়া আপোনাৰ দক্ষতাক কেনেকৈ উন্নত কৰিব —নেপালী
◼পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
আলোচনাৰ বাবে বাইবেলৰ বিষয় —অসমীয়া, গুজৰাটী, পাঞ্জাৱী
আল্লাৰ হিদায়তেই হৈছে—আমাক বেহেষ্টলৈ লৈ যোৱা ৰাস্তা —বাংলা
যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয় —মালায়ালম