ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০৪ পৃষ্ঠা ৩
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০৪ পৃষ্ঠা ৩

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। নবেম্বৰ: এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি। যদি এই ব্ৰচাৰখন আপোনাৰ ভাষাত উপলব্ধ নাই তেনেহʼলে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন বা সৰ্বশ্ৰেষ্ঠ মানৱ নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল কিতাপখন বিতৰণ অথবা বিকল্পিত বিতৰণ হিচাবে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন আৰু আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে। জানুৱাৰী: পৃষ্ঠাবোৰ হালধীয়া নতুবা আন বৰণলৈ পৰিণত হোৱা বা ১৯৯০ চনৰ পূৰ্বে ছপা কৰা যিকোনো ১৯২ পৃষ্ঠাৰ কিতাপ বিতৰণ কৰক। যিবোৰ মণ্ডলীত এনে পুৰণি কিতাপবোৰ নাই, তেনেহʼলে ঈশ্বৰলৈ কৰা মানৱজাতিৰ অম্বেষণ অথবা পৰিয়ালৰ সুখৰ ৰহস্য কিতাপখন বিতৰণ কৰিব পাৰে।

▪ মণ্ডলীৰ পৰিচালক অধ্যক্ষ বা তেওঁৰ দ্বাৰা নিযুক্তি কৰা কোনো ভায়ে ডিচেম্বৰ মাহৰ ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ লেখসমূহ হিচাপ সম্পূৰ্ণ কৰি মণ্ডলীত লেখ ৰিপৰ্ট পঢ়াৰ সময়ত একেলগে হিচাপ-নিকাচসমূহ ঘোষণা কৰা আৱশ্যক।

▪ শাখা কাৰ্য্যালয়ৰ বাবে সকলো মণ্ডলীৰ পৰিচালক অধ্যক্ষ আৰু চেক্ৰেটাৰীৰ শেহতীয়া ঠিকনা আৰু টেলিফোন নম্বৰৰ সঠিক ৰেকৰ্ড বজাই ৰখাটো আৱশ্যক। যদি কোনো সময়ত ঠিকনা বা টেলিফোন নম্বৰৰ সলনি হৈছে, তেনেহʼলে মণ্ডলীৰ সেৱা সমিটিয়ে সম্পূৰ্ণকৈ চহী কৰি প্ৰিজাইডিং ওভাৰচিয়াৰ/চেক্ৰেটাৰীৰ ঠিকনা সলনি নামৰ (S-29) ফৰ্মখন কোনো পলম নকৰাকৈ পঠোৱা আৱশ্যক। তদুপৰি যদি কোনো STD কড্‌ নম্বৰ সলনি হৈছে, তেনেহʼলে ফৰ্মখনত তাকো উল্লেখ কৰা আৱশ্যক।

▪ শ্ৰৱণ শক্তি দূৰ্ব্বল বা অক্ষম হোৱাসকলৰ বাবে নবেম্বৰ ১২-১৪ তাৰিখে পুনাত অনুস্থিত হʼবলগীয়া জিলা অধিৱেশনত সঙ্কেতিক ভাষাৰ ব্যৱস্থা কৰা হৈছে।

▪ অনুগ্ৰহ কৰি মন কৰক যে ২০০৪ চনৰ ডিচেম্বৰ ২৪-২৬ তাৰিখে মাদুৰাইত হʼবলগীয়া জিলা অধিৱেশনৰ ভৱনৰ ঠিকনা সলনি হʼল। সেই ঠিকনা হৈছে: Devasagayam Higher Matriculation School Grounds, Pasumalai, Madurai 625 004.

▪ অনুগ্ৰহ কৰি মন দিয়ক যে, ২০০৪ চনৰ নবেম্বৰ ১২-১৪ তাৰিখে পোৰ্টব্লেয়াৰত হʼবলগীয়া জিলা অধিৱেশনৰ ঠিকনা সলনি হʼল। অধিৱেশনৰ নতুন ঠিকনা হৈছে: Andaman Tamizhar Sangam, Phoenix Bay, Port Blair.

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

যুৱক-যুৱতীসকলে সোধা প্ৰশ্নৰ ব্যৱহাৰিক উত্তৰ ​—⁠ইংৰাজী, নেপালী

তেজে আপোনাৰ জীৱন কেনেকৈ ৰক্ষা কৰিব পাৰে? ​—⁠তামিল, মালায়ালম

জীৱনৰ উদ্দেশ্য কি? আপুনি ইয়াক কেনেকৈ বিচাৰি পাব পাৰে? ​—⁠গুজৰাটী, পাঞ্জাৱী

আলোচনাৰ বাবে বাইবেলৰ বিষয় (পুনৰ সংস্কাৰণ) ​—⁠তেলেগু, বাংলা

ফিৰদৌচৰ ৰাস্তা কেনেকৈ তালাচ কৰিব (ইছলাম ধৰ্ম্মৰ লোকসকলৰ বাবে) ​—⁠উৰ্দু

যিহোৱাৰ সাক্ষীসকলে কি বিশ্বাস কৰে? (ট্ৰেক্ট নং. ১৪) ​—⁠অসমীয়া, ইংৰাজী, উৰ্দু, উৰিয়া, কানাড়া, কোংকনী (কানাড়া লিপি), কোংকনী (ৰোমান লিপি), গুজৰাটী, তামিল, তেলেগু, নেপালী, মণিপুৰী, মিজো, মালায়ালম, মাৰাঠী, সিন্ধী, হিন্দী।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক