এক সন্তুষ্টিদায়ক জীৱন—কেনেকৈ লাভ কৰিব পাৰি ব্ৰচাৰখনৰ বিতৰণ
▪ “জীৱনটো সন্তুষ্টিদায়ক কৰি তুলাৰ উত্তম নিৰ্দ্দেশনাৰ বাবে বহুতে এক নিৰ্ভৰযোগ্য নিৰ্দ্দেশনা পুস্তকৰ আৱশ্যক বুলি অনুভৱ কৰে। আপুনিও তেনেদৰে অনুভৱ কৰেনে? (উত্তৰৰ বাবে খন্তেক ৰওক।) আনন্দৰ বিষয় এই যে তেনে নিৰ্ভৰযোগ্য নিৰ্দ্দেশনা আগবঢ়োৱা আৰু প্ৰমাণযোগ্য এখন নিৰ্দ্দেশনা পুস্তক অৱশ্যেই উপলব্ধ আছে। মই সেই নিৰ্দ্দেশনা পুস্তকখনৰ পৰা এটা পদ পঢ়ি আপোনাক শুনাব বিচাৰিছোঁ। (তাৰ পিছত গীত ৩২:৮ পদটো পঢ়ক।) আপুনি যিয়ে ধৰ্ম্মৰ নহওক কিয়, সেই নিৰ্দ্দেশনা পুস্তকখনৰ বিষয়ে জানিবলৈ আগ্ৰহী নহʼবনে?” ব্ৰচাৰখনৰ ৩ অধ্যায় খুলি তাৰ শিৰোনামাটো আলোকপাত কৰক।
▪ “বৰ্তমান সময়ত স্বাস্থ্য অসুস্থ হোৱাৰ মুখ্য কাৰণটো আমি সম্মুখীন হোৱা হেঁচাবোৰ বুলি আপুনি মান্তি নহʼবনে? (উত্তৰৰ বাবে ৰওক।) তেনে হেঁচাবোৰ হ্ৰাস কৰি সঠিক মনোবৃত্তি ৰাখিবলৈ এই উপদেশটোৰ প্ৰতি মন দিয়ক। (তাৰ পিছত হিতোপদেশ ১২:২৫ পদটো পঢ়ক।) সন্তুষ্টিদায়ক জীৱন-যাপন কৰিবলৈ এই ব্ৰচাৰখনত উত্তম পৰামৰ্শ আগবঢ়াইছে।” ব্ৰচাৰখন ২ অধ্যায় খুলি তাৰ ছবিবোৰ দেখুৱাউক।
▪ “লোকসকলে প্ৰায়ে ভাবে যে সন্তুষ্টিদায়ক জীৱন-যাপন কৰিবলৈ স্বৰ্গত যাব লাগিব। কিন্তু তেনে ধৰণৰ জীৱন আমাৰ এই পৃথিৱীখনত সম্ভৱ হʼব বুলি আপুনি ভাবেনে? (উত্তৰৰ বাবে ৰওক।) বাইবেলে আমাক আশ্বাস দিছে যে তেনে ধৰণৰ চিৰকলীয়া জীৱন এই পৃথিৱীখনত অৱশ্যেই সম্ভৱ হʼব। তদুপৰি ইয়াত এইটোও কোৱা হৈছে যে সেই পৰিৱেশত উপনীত হʼবলৈ আমি কি কৰা আৱশ্যক। (তাৰ পিছত যিচয়া ৬৫:১৭ আৰু যোহন ১৭:৩ পদটো পঢ়ক।) এই আলোচনীখনত বুজাই দিয়া হৈছে যে তেনে পৰিস্থিতিৰ আনন্দ লʼবলৈ আপুনি কি কৰা আৱশ্যক।” ব্ৰচাৰখনৰ ৩১ পৃষ্ঠা খুলি তাত দিয়া ছবিখন দেখুৱাউক।
▪ “বৰ্তমান সময়ত ঋণ লোৱাটো অতি সহজ কথা হৈ পৰিছে, যাৰ ফলত বহুতো পৰিয়ালে ঋণৰ গধুৰ বোজাত পোত খাইছে। আপুনি এই বিষয়ে মান্তি নহʼবনে? (উত্তৰৰ বাবে ৰওক।) এই পৰামৰ্শটোৱে কি কৈছে, সেই বিষয়ে লক্ষ্য কৰক। (তাৰ পিছত ১ তীমথিয় ৬:৭-৯ পদটো পঢ়ক।) এই আলোচনীখনে বৰ্ণনা কৰিছে যে ঈশ্বৰৰ পৰামৰ্শ পালন কৰি কেনেকৈ সঞ্চিত পুঁজিক বুদ্ধিমানেৰে ব্যৱহাৰ কৰাৰ দ্বাৰা আৰ্থিক সমস্যাবোৰক সমাধান কৰিব পাৰি।” ব্ৰচাৰখনৰ ৬ পৃষ্ঠাৰ ৬ অনুচ্ছেদত দিয়া বিষয়বোৰক আলোকপাত কৰক।