ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
তলত দিয়া প্ৰশ্নসমূহ ২০০৪ চনৰ ডিচেম্বৰ মাহৰ ২৭ তাৰিখে আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৪ চনৰ নবেম্বৰ ১ তাৰিখৰ পৰা লৈ ডিচেম্বৰ ২৭ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।—পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৩৭ পৃ. চাওক।]
বক্তৃতাৰ বৈশিষ্ট্য
১. ভাষণ দিয়া বিষয়বস্তুৰ প্ৰতি শ্ৰোতাসকলক আগ্ৰহী কৰি তুলাৰ এটা উত্তম পদ্ধতি কি? [be ২১৮ পৃ. ৩ অনু.]
২. কাৰ্য্যকাৰীৰূপে ভাষণ সমাপ্তি কৰাৰ পাঁচটা বৈশিষ্ট্যতা দাঙি ধৰক। [be ২২০ পৃ. ৪ অনু.–২২১ পৃ. ৪ অনু.]
৩. আমি কোৱা বিবৃতি যে সঠিক, সেই বিষয়ে কেনেকৈ নিশ্চিত হʼব পাৰি? [be ২২৪ পৃ. বক্স]
৪. আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ যে সভাত প্ৰস্তুত কৰা প্ৰদৰ্শনসমূহ মণ্ডলীত “সত্যতাৰ স্তম্ভ আৰু ভিত্তিমূলস্বৰূপ” প্ৰকাশ হৈছে? (১ তীম. ৩:১৫) [be ২২৪ পৃ. ১-৪ অনু.]
৫. যেতিয়া আমি কোনো চলিত ঘটনা, উদ্ধৃতি আৰু অভিজ্ঞতাৰ বিষয়ে কওঁ তেতিয়া হিতোপদেশ ১৪:১৫ পদত কোৱা কথাশাৰী কেনেকৈ প্ৰযোজ্য কৰিব পাৰোঁ? [be ২২৫ পৃ. ১ অনু.]
ভাষণ নং ১
৬. নোহৰ জল-প্লাৱনৰ সময়ৰ পৰা আদমৰ সৃষ্টিৰ সময়ছোৱালৈ ওলোটাকৈ কিদৰে হিচাপ কৰিব পাৰি? [si ২৮৬ পৃ. ১২ অনু.]
৭. যীচুৰ পৰিচৰ্য্যাৰ তাৰিখ কেতিয়া আৰম্ভ হৈছিল বুলি নিৰ্দ্ধাৰিত কৰা হৈছে আৰু কিহৰ আধাৰত আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁৰ পৰিচৰ্য্যাকাল কেৱল চাৰে তিনিবছৰ আছিল? [si ২৯১ পৃ. ১৬ অনু.]
৮. (ক) কেতিয়াৰ পৰা “যিৰূচালেমক পুনঃস্থাপন আৰু নিৰ্মাণ কৰিবৰ আজ্ঞা প্ৰকাশিত” হয়? (খ) যীচুৱে মচীহৰূপে আবিৰ্ভাৱ হʼবলৈ কিমান বছৰ অতিবাহিত হʼব লাগিছিল? (দানি. ৯:২৪-২৭) [si ২৯১ পৃ. ১৮-১৯ অনু.]
৯. আন্তৰিকতাৰে ক্ষমা বিচাৰি ‘আমাৰ আধ্যাত্মিক ভাইৰ সৈতে প্ৰথমে মিল হোৱাত’ কি সন্মিলিত আছে? (মথি ৫:২৩, ২৪) [w02 ১১/১ ৬ পৃ. ১ আৰু ৫ অনু.]
১০. ঈশ্বৰে দিয়া নিযুক্তিক সম্পন্ন কৰাৰ সম্পৰ্কে ২ ৰাজাৱলি ১৩:১৮, ১৯ পদৰ পৰা আমি কি শিকিব পাৰোঁ? [w02-AE ১২/১ ৩১ পৃ. ১-২ অনু.]
সপ্তাহিক বাইবেল পাঠ
১১. ইস্ৰায়েলসকলে তেজ বাহিৰ নকৰা মৰা জন্তু নিজে নাখাই কিয় বিদেশী লোকক দিছিল বা পৰজাতিক বিক্ৰি কৰিছিল? (দ্বিতী. ১৪:২১)
১২. দ্বিতীয় বিবৰণ ২০:৫-৭ পদৰ পৰা আমি কি শিকিব পাৰোঁ?
১৩. “জাঁত শিল বা তাৰ ওপৰ ভাগ” বন্ধক লোৱাটো কিয় “প্ৰাণ” বন্ধক লোৱাৰ সৈতে তুলনা কৰিছে? (দ্বিতী. ২৪:৬)
১৪. যিহেতু ইস্ৰায়েলসকলক তেল অৰ্থাৎ চৰ্বী খাবলৈ নিষেধাজ্ঞা দিয়া হৈছিল, তেনেহʼলে “মেৰ পোৱালিৰ তেল” খোৱাৰ অৰ্থ কি? (দ্বিতী. ৩২:১৩, ১৪)
১৫. আখানে গ্ৰহণ কৰা পাপময় পথ বৰ্তমান সময়ত কোনসকলৰ সৈতে তুলনা কৰা হয়? (যিহো. ৭:১-২৬) [w86 ১২/১৫ ২০ পৃ. ২০ অনু.]