ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৪ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৪ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল কিতাপখন বিতৰণ অথবা বিকল্পিত বিতৰণ হিচাবে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন আৰু আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে। জানুৱাৰী: পৃষ্ঠাবোৰ হালধীয়া নতুবা আন বৰণলৈ পৰিণত হোৱা বা ১৯৯০ চনৰ পূৰ্বে ছপা কৰা যিকোনো ১৯২ পৃষ্ঠাৰ কিতাপ বিতৰণ কৰক। যিবোৰ মণ্ডলীত এনে পুৰণি কিতাপবোৰ নাই, তেনেহʼলে মানৱজাতিয়ে ঈশ্বৰৰ বাবে কৰা অন্বেষণ অথবা পৰিয়ালৰ সুখৰ ৰহস্য কিতাপখন বিতৰণ কৰিব পাৰে। ফেব্ৰুৱাৰী: যিহোৱা ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখন বিতৰণ কৰা হʼব। যিবোৰ মণ্ডলীত এই সাহিত্যখন নাই, তেওঁলোকে সৃষ্টি কিতাপখন (ডাঙৰ বা সৰু আকৰৰ) বা বিকল্প সাহিত্য হিচাবে নিগূঢ় বাক্যসমূহৰ প্ৰকাশ​—⁠এক চৰম অৱস্থাত উপনীত হৈছে! (ৰীভেলেইশ্বন ক্লাইমেক্স) নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। মাৰ্চ: বাইবেল অধ্যয়ন আৰম্ভ কৰিবৰ চেষ্টাৰে জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখন বিতৰণ কৰক।

▪ ২০০৬ চনত পালন কৰিবলগীয়া স্মৰণীয় পৰ্ব্ব এপ্ৰিল মাহৰ ১২ তাৰিখ বুধবাৰে সূৰ্য্য অস্ত যোৱাৰ পিছত উদ্‌যাপন কৰা হʼব। এই জাননী আগতীয়াকৈ এইবাবে দিয়া হৈছে, সাধাৰণতে যি ৰাজ্য গৃহবোৰক এটাতকৈ বেছি মণ্ডলীয়ে ব্যৱহাৰ কৰে, তেওঁলোকে যাতে এই পৰ্ব্ব পালন কৰিবলৈ আগতীয়াকৈ আন এখন ঠাইৰ ব্যৱস্থা কৰিব পাৰে। যিবোৰ সভাগৃহত স্মৰণীয় পৰ্ব্ব পালন কৰিবলৈ আয়োজন কৰা হয়, তাৰ প্ৰশাসন সমিতিৰ সৈতে প্ৰাচীনসকলে চুক্তিনামা কৰা উচিত যে স্মৰণীয় পৰ্ব্ব উদ্‌যাপন কৰাৰ সময়ছোৱাত সভাগৃহৰ চৌহদত কোনো প্ৰকাৰৰ হুলস্থূলীয়া পৰিৱেশ সৃষ্টি বা আন আন কাৰ্য্যক্ৰম পতা নহয়, যাতে এই স্মৰণীয় পৰ্ব্বক সুশৃংখলাবদ্ধ আৰু শান্তিৰে পালন কৰিব পাৰি।

▪ এই পৰ্ব্বৰ উদ্‌যাপন বিশেষ আৰু গুৰুত্বপূৰ্ণ হোৱাৰ বাবে প্ৰাচীনগোষ্ঠীয়ে প্ৰত্যেক বছৰে সাধাৰণভাৱে পাল পৰা ভাইজনক বাছনি কৰাৰ পৰিৱৰ্তে এজন প্ৰাচীনক স্মৰণীয় পৰ্ব্বৰ উদ্‌যাপনত ভাষণ দিবলৈ নিযুক্ত কৰা উচিত। যদি মণ্ডলীত কোনো অভিষিক্ত ভাই আছে আৰু ভাষণ দিবলৈ সক্ষম, তেনেহʼলে এই ভাষণ দিবলৈ তেওঁকে বাছনি কৰা উচিত।

▪ নতুন প্ৰকাশন উপলব্ধ:

২০০৩ চনৰ ওৱাচ্‌ টাৱাৰ পাব্লিকেশ্নচ্‌ ইনডেক্স ​—⁠ইংৰাজী

বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন (সৰু আকাৰত) ​—⁠ইংৰাজী, মালায়ালম

যিহোৱালৈ স্তুতি গীত গোৱা (২৯ টা গীতৰ সৈতে)

​—⁠গুজৰাটী

এক শান্তিপূৰ্ণ নতুন জগতত জীৱন (ট্ৰেক্ট নং. ১৫) ​—⁠খাছি

মৃত আপোনজনাৰ বাবে কেনে আশা আছে? (ট্ৰেক্ট নং. ১৬) ​—⁠খাছি

পৰিয়াল জীৱনৰ আনন্দ লওক (ট্ৰেক্ট নং. ২১) ​—⁠খাছি

বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? ​—⁠খাছি, কোংকনী (ৰোমান লিপি)

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

মানৱজাতিয়ে ঈশ্বৰৰ বাবে কৰা অন্বেষণ ​—⁠ইংৰাজী

বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন (সৰু আকাৰত) ​—⁠তেলেগু

বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন (ডাঙৰ আকাৰত) ​—⁠তামিল

আমাৰ সমস্যাসমূহ​—⁠সমাধান কৰাত কোনে আমাক সহায় কৰিব? ​—⁠নেপালী

জীৱনৰ উদ্দেশ্য কি? আপুনি ইয়াক কেনেকৈ বিচাৰি পাব পাৰে? ​—⁠হিন্দী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক