ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০৫ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০৫ পৃষ্ঠা ৭

ঘোষণাসমূহ

◼ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। জানুৱাৰী: পৃষ্ঠাবোৰ হালধীয়া নতুবা আন বৰণলৈ পৰিণত হোৱা বা ১৯৯০ চনৰ পূৰ্বে ছপা কৰা যিকোনো ১৯২ পৃষ্ঠাৰ কিতাপ বিতৰণ কৰক। যিবোৰ মণ্ডলীত এনে পুৰণি কিতাপবোৰ নাই, তেনেহʼলে মানৱজাতিয়ে ঈশ্বৰৰ বাবে কৰা অন্বেষণ অথবা পৰিয়ালৰ সুখৰ ৰহস্য কিতাপখন বিতৰণ কৰিব পাৰে। ফেব্ৰুৱাৰী: যিহোৱা ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখন বিতৰণ কৰা হʼব। যিবোৰ মণ্ডলীত এই সাহিত্যখন নাই, তেওঁলোকে সৃষ্টি কিতাপখন বা বিকল্প সাহিত্য হিচাপে নিগূঢ় বাক্যসমূহৰ প্ৰকাশ​—⁠এক চৰম অৱস্থাত উপনীত হৈছে! (ৰীভেলেইশ্বন ক্লাইমেক্স) নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। মাৰ্চ: বাইবেল অধ্যয়ন আৰম্ভ কৰিবৰ চেষ্টাৰে জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখন বিতৰণ কৰক। এপ্ৰিল আৰু মে’: গৃহস্থক প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ দুয়োখন কপি বিতৰণ কৰক। আগ্ৰহী লোকক পুনৰ সাক্ষাৎ কৰা আৰু স্মৰণীয় দিৱস আৰু/বা আন ঈশ্বৰশাসিত উপলক্ষ্যবোৰত যদিও উপস্থিত হৈছিল, কিন্তু নিয়মীয়াকৈ মণ্ডলীৰ সৈতে সঙ্গতি কৰা নাই, তেনে ব্যক্তিসকলক ঈশ্বৰক উপাসনা নামৰ কিতাপখন বিতৰণ কৰক। বিশেষকৈ যিসকলে বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপৰ ইতিমধ্যেই অধ্যয়ন কৰিলে তেওঁলোকৰ এটা গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ লক্ষ্য ৰাখা উচিত।

◼ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিৰ পৰা আৰু মাৰ্চ মাহৰ ৬ তাৰিখৰ ভিতৰত চাৰ্কিট অধ্যক্ষই দিবলগীয়া ৰাজহুৱা ভাষণৰ নতুন বিষয় হৈছে, “এই অবোধপূৰ্ণ জগতত বুদ্ধিমানেৰে কাৰ্য্য কৰক।”

◼ মণ্ডলীসমূহে মাৰ্চ মাহৰ ২৪ তাৰিখ বৃহস্পতিবাৰ, সূৰ্য্য অস্ত যোৱাৰ পাছত স্মৰণীয় পৰ্ব্ব পালন কৰিবলৈ আগতীয়াকৈ উপযুক্ত ব্যৱস্থা কৰা উচিত। যদিও ভাষণ সূৰ্য্য অস্ত যোৱাৰ আগতে আৰম্ভ কৰা হয়, কিন্তু স্মৰণীয় প্ৰতীক সূৰ্য্য অস্ত যোৱাৰ পাছতহে ৰাইজৰ আগেদি সঞ্চালিত কৰা আৱশ্যক। আপোনাৰ অঞ্চলত সূৰ্য্য অস্ত যোৱাৰ সঠিক সময়ৰ বিষয়ে জানিবলৈ স্থানীয় বাতৰিকাকতত চাওক। যদিও প্ৰত্যেক মণ্ডলীয়ে পৃথকে স্মৰণীয় পৰ্ব্ব পালন কৰাটো বাঞ্চনীয়, তথাপিও সকলো সময়তে সেইটো সম্ভৱ নহʼবও পাৰে। সাধাৰণতে যি ৰাজ্য গৃহবোৰক এটাতকৈ বেছি মণ্ডলীয়ে ব্যৱহাৰ কৰে, তেওঁলোকে এই পৰ্ব্ব পালন কৰিবলৈ আগতীয়াকৈ অন্য ব্যৱস্থা কৰিব পাৰে। যদি সম্ভৱ হয় দুটা মণ্ডলীৰ কাৰ্য্যক্ৰমৰ মাজত অন্ততঃ ৪০ মিনিট সময়ৰ ব্যৱধান থকা আৱশ্যক যাতে সকলোৱে লাভৱান হʼব পাৰে। গাড়ী বা আন যান-বাহন ৰাখা বা আনক গাড়ীৰে অনা-নিয়া কৰাৰ সময়ত সতৰ্কতা অৱলম্বন কৰা আৱশ্যক যাতে ই আনৰ বাবে কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে। স্থানীয়ভাৱে কেনে ব্যৱস্থা কৰিলে উত্তম হʼব এই বিষয়ে প্ৰাচীনগোষ্ঠীয়ে আগতীয়াকৈ ব্যৱস্থা কৰা উচিত।

◼ দায়ূদে ঈশ্বৰৰ ওপৰত ভাৰসা ৰাখিলে নামৰ ভিডিঅʼখনৰ বিষয়ে সেৱা সভাত আলোচনা কৰিবলৈ মাৰ্চ মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত পৰিলেখ দিয়া হʼব। নোহে ঈশ্বৰৰ অনুসাৰে জীৱন-যাপন কৰিলে​—⁠দায়ূদে ঈশ্বৰৰ ওপৰত ভাৰসা ৰাখিলে নামৰ এই ভিডিঅʼখন কেৱল ডিভিডিত উপলব্ধ আছে। আপুনি এই ডিক্সখনৰ পৰা আঠোটা ভাষাৰ বাছনি কৰিব পাৰে আৰু সেই ভাষাবোৰ হৈছে​—⁠ইংৰাজী, ফৰাচী, জাৰ্মান, ইটালিয়, জাপানী, পৰ্তুগীজ (ব্ৰাচিলিয়ান), ৰুছ আৰু স্পেনীয়। বৰ্তমান সময়ত এই ডিভিডিখন ভাৰতীয় ভাষাত উপলব্ধ নাই। এই ডিভিডিখনৰ কপি লাভ কৰিবলৈ মণ্ডলীৰ দ্বাৰা পিছৰ সাহিত্য আৱেদনত নিৱেদন কৰিব পাৰে।

◼ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

যুৱক-যুৱতীসকলে সোধা প্ৰশ্নৰ ব্যৱহাৰিক উত্তৰ ​—⁠গুজৰাটী

চোৱা, মই সকলোকে নতুন কৰোঁ ​—⁠গুজৰাটী

যিহোৱাৰ সাক্ষীসকল​—⁠গোটেই বিশ্বত ঐক্যতাবদ্ধ হৈ ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰিছে ​—⁠পাঞ্জাৱী

উদ্ধাৰলৈ পৰিচালিত কৰা সত্য ঈশ্বৰৰ পথ ​—⁠গুজৰাটী

আপুনি কেনেকৈ এক সুৰক্ষিত ভৱিষ্যত লাভ কৰিব পাৰে ​—⁠গুজৰাটী

▪ নতুন ভিচিডি উপলব্ধ:

আমাৰ সমুদায় ভাতৃত্ব সমাজ ​—⁠ইংৰাজী

উৎপীড়নত বিশ্বাসী হৈ থকা​—⁠চোভিয়েট গণৰাজ্যৰ যিহোৱাৰ সাক্ষীসকল ​—⁠ইংৰাজী

বাইবেল​—⁠মানৱজাতিৰ সকলোতকৈ প্ৰাচীন আধুনিক কিতাপ ​—⁠ইংৰাজী

বাইবেল​—⁠আপোনাৰ জীৱনত ইয়াৰ প্ৰভাৱ ​—⁠ইংৰাজী

আমাৰ দিনৰ বাবে এক সতৰ্কবাণীমূলক আৰ্হি ​—⁠ইংৰাজী

যিহোৱাৰ অধিকাৰক সন্মান কৰক ​—⁠ইংৰাজী

যিহোৱাৰ সাক্ষীসকলে নাজীৰ উৎপীড়নত বিশ্বাসত দৃঢ় হৈ থাকিল ​—⁠ইংৰাজী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক