ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০৫ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০৫ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। মাৰ্চ: বাইবেল অধ্যয়ন আৰম্ভ কৰিবৰ চেষ্টাৰে জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখন বিতৰণ কৰক। এপ্ৰিল আৰু মে’: গৃহস্থক প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ দুয়োখন কপি দিয়ক। স্মৰণীয় দিৱস আৰু/বা আন ঈশ্বৰশাসিত উপলক্ষ্যবোৰত আগ্ৰহী লোকবিলাকে যদিও উপস্থিত হৈছিল, কিন্তু নিয়মীয়াকৈ মণ্ডলীৰ সৈতে সঙ্গতি কৰা নাই তেনে ব্যক্তিসকলক ঈশ্বৰক উপাসনা নামৰ কিতাপখন প্ৰদান কৰক। বিশেষকৈ যিসকলে বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপৰ ইতিমধ্যেই অধ্যয়ন কৰিলে তেওঁলোকৰ সৈতে গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ লক্ষ্য ৰাখা উচিত। জুন: মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা নামৰ কিতাপখন বিতৰণ কৰক; যদি গৃহস্থই তেওঁলোকৰ কোনো লʼৰা-ছোৱালী নাই বুলি কয়, তেন্তে তেওঁলোকক বিচাৰে ব্ৰচাৰখন দিয় বাইবেল অধ্যয়ন কৰিবলৈ চেষ্টা কৰক।

▪ মণ্ডলীবোৰে লাভ কৰা প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰ সংস্থাৰ পৰা লাভ কৰাৰ মাত্ৰকে সেইবোৰক প্ৰকাশকসকলক বিতৰণ কৰা আৱশ্যক। এনে কৰাৰ দ্বাৰা প্ৰকাশকসকলে প্ৰচাৰ কাৰ্য্যত বিতৰণ কৰিবলগীয়া আলোচনীৰ সৈতে ভালকৈ পৰিচিত হʼব পাৰিব। একেইদৰে মণ্ডলীত লাভ কৰা আমাৰ ৰাজ্য পৰিচৰ্য্যা পত্ৰিকাখনো অনতিপলমে প্ৰকাশকসকলক দিয়া উচিত। মণ্ডলীৰ পুস্তক অধ্যয়নত ইয়াক প্ৰকাশকসকলক দিব পাৰে।

▪ আন দেশত থকা মণ্ডলীৰ সভা, সন্মিলন বা এখন জিলা অধিৱেশনত উপস্থিত হʼবলৈ যেতিয়া আঁচনি বনোৱা হয়, তেতিয়া সেই বিষয়ে তাৰিখ, দিন আদিৰ সংবাদ বিচাৰি সেই দেশত থকা শাখা কাৰ্য্যালয়লৈ লিখা উচিত। শাখা কাৰ্য্যালয়বোৰৰ ঠিকনা বাৰ্ষিক পুস্তকʼৰ শেষ পৃষ্ঠাত দিয়া হৈছে।

▪ মণ্ডলীৰ চেক্ৰেটাৰীৰ ওচৰত যথেষ্ট মাত্ৰাত নিয়মিত অগ্ৰগামী সেৱাৰ বাবে আৱেদন পত্ৰ (S-205) আৰু সহযোগী অগ্ৰগামী সেৱাৰ বাবে আৱেদন পত্ৰ (S-205b) থকা আৱশ্যক। এই ফৰ্মবোৰ সাহিত্য আৱেদন পত্ৰ (S-14) যোগেদি বিচাৰি নিৱেদন কৰিব পাৰে। অন্ততঃ এক বছৰৰ বাবে এই ফৰ্মবোৰ উপলব্ধ থকা উচিত।

▪ ২০০৫ চনৰ মাৰ্চ ২৪ তাৰিখে বৃহস্পতিবাৰে স্মৰণীয় পৰ্ব্ব উৎযাপন কৰা হʼব। সাধাৰণতে যদি সেই উক্ত দিনা মণ্ডলীত ঈশ্বৰ-শাসিত স্কুল আৰু সেৱা সভা পৰিচালনা কৰা হয়, তেন্তে ৰাজ্যগৃহ উপলব্ধ অনুসাৰে সেই সভা আন এটা দিনত পৰিচালনা কৰিবলৈ ব্যৱস্থা কৰা আৱশ্যক। যদি তেনে কৰাটো সম্ভৱ নহয়, তেনেহʼলে আপোনাৰ মণ্ডলীৰ বাবে আৱশ্যক থকা সেৱা সভাৰ ভাগ বোৰ আন এটা সেৱা সভাত জড়িত কৰা আৱশ্যক।

▪ বহুতো প্ৰকাশকে শাখা কাৰ্য্যালয়ক ফোনৰ দ্বাৰা বৰ্তমান যিহোৱাৰ সাক্ষীসকলৰ মাজত আধুনিক গানৰ শৈলীৰে উপলব্ধ থকা কিংডম গীতৰ ৰেকৰ্ডিংবোৰৰ বিষয়ে অনুসন্ধান কৰে। এনেবোৰ ৰেকৰ্ড সংস্থাই অনুমতি দিয়াৰ বাবে তেওঁলোকে আঁচৰিত হয়। আমি এনেবোৰ গীতৰ প্ৰতি অৱগত আৰু সেয়েহে আমি জনাব বিচাৰিছোঁ যে সেইবোৰ আমাৰ অনুমোদিত নহয়। গতিকে অনুগ্ৰহ কৰি এনেবোৰ কিংডম গীত যেন ইন্টাৰনেটৰ পৰা সংগ্ৰহ বা বিতৰণ নকৰে। আমি ভাৰসা কৰোঁ যে এই সংবাদে সেই বিষয়টোৰ ওপৰত থকা সন্দেহ যেন আঁতৰ কৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক