শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো হৈছে এক বিশেষাধিকাৰ
১ যিহোৱাই উদাৰভাৱে জীৱনটোৰ বাবে কৰা প্ৰবন্ধৰ পৰা পৃথিৱীত থকা সকলো বাসিন্দাই লাভৱান হৈছে। (মথি ৫:৪৫) যিহেতু বহু কম সংখ্যক লোকেহে এক বিশেষাধিকাৰ অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যত ভাগ লৈ সৃষ্টিকৰ্ত্তাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। (মথি ২৪:১৪) এই বিশেষাধিকাৰৰ প্ৰতি আপুনি কেনে মূল্যাঙ্কন দেখুৱায়?
২ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ প্ৰচাৰ কাৰ্য্যই তেওঁৰ মহিমা কৰে আৰু বৰ্তমানৰ এই বেদনাদায়ক পৰিস্থিতিত লোকসকলক শান্তিৰ আশা প্ৰদান কৰে। (ইব্ৰী ১৩:১৫) এই শুভবাৰ্ত্তা গ্ৰহণ কৰি সেই অনুসাৰে জীৱনধাৰা সলনি কৰা সকলৰ বাবে এই বাৰ্ত্তাই অনন্ত জীৱন কঢ়িয়াই আনে। (যোহ. ১৭:৩) জাগতিক বৃত্তি বা কৰ্মজীৱনে তেনে লাভ কঢ়িয়াই আনিব পাৰেনে? পাঁচনি পৌলে তেওঁৰ পৰিচৰ্য্যা কাৰ্য্যক গভীৰভাৱে মূল্যাঙ্কন কৰিছিল আৰু তাৰ প্ৰতি থকা কৃতজ্ঞতা তেওঁ প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰি প্ৰকাশ কৰিলে। কিয়নো তেওঁ ইয়াক বহুমূলীয়া ধনৰ দৰে জ্ঞান কৰিছিল।—পাঁচ. ২০:২০, ২১, ২৪; ২ কৰি. ৪:১, ৭.
৩ আমাৰ বিশেষাধিকাৰক মূল্যাঙ্কন কৰক: পৰিচৰ্য্যাৰ গুণগত বৈশিষ্ট্যতাৰ প্ৰতি মনোযোগ দি এক প্ৰকাৰে প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা আমাৰ মূল্যাঙ্কন দেখুৱাব পাৰি। আমাৰ শ্ৰোতাসকলৰ হৃদয় স্পৰ্ষ কৰা বিষয়বোৰক প্ৰস্তুতি কৰাত সজ্জিত হʼবলৈ আমি সময় উলিয়াওঁনে? আমি লোকসকলৰ আগত উপযুক্ত শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰি সেইবোৰৰ পৰা যুক্তি দাঙি ধৰাৰ কৌশলতাক উন্নত কৰোঁনে? আমাক নিযুক্ত কৰা এলেকাত প্ৰচাৰ কাৰ্য্য কৰোঁনে? আমি বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰোঁনে? অতীতত আৰু বৰ্তমানৰ বিশ্বাসী খ্ৰীষ্টান সদস্যসকলৰ দৰে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যৰ প্ৰতি আমি উচিত দৃষ্টিভঙ্গী ৰাখি এই বিশেষাধিকাৰক সম্পন্ন আৰু ইয়াৰ প্ৰতি মূল্যাঙ্কন দেখুৱাবলৈ প্ৰেৰিত হʼম।—মথি ২৫:১৪-২৩.
৪ আপুনি বৃদ্ধ অৱস্থা, অসুস্থ শৰীৰ বা আন অসুবিধাজনক পৰিস্থিতিত থকাৰ স্বত্বেও এই পৰিচৰ্য্যা কাৰ্য্য সম্পন্ন কৰিবলৈ উৎসাহিত হৈ প্ৰচেষ্টা কৰাৰ দ্বাৰা শান্ত্বনা লাভ কৰিব যে, যিহোৱাৰ দৃষ্টিত আপোনাৰ এনে কাৰ্য্য বাস্তৱতে লেখত লʼবলগীয়া। ঈশ্বৰৰ বাক্যই আমাক আশ্বাস দিছে যে যিহোৱাক সেৱা কৰিবলৈ কৰা আমাৰ তেনে প্ৰচেষ্টাক তেওঁ মূল্যাঙ্কন কৰে আৰু আনেও তাৰ পৰা প্ৰভাৱিত হয়।—লূক ২১:১-৪.
৫ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যই অধিক সন্তুষ্টি কঢ়িয়াই আনে। এগৰাকী ৯২ বছৰীয়া বৃদ্ধা ভনীয়ে এইদৰে কয়: “ঈশ্বৰক ৮০ বছৰে সমৰ্পিত সেৱা কৰি মই কেতিয়াও অনুতাপ কৰা নাই আৰু ই মোৰ বাবে বাস্তৱতে এক বিশেষাধিকাৰৰ বিষয়! যদি মই তেনেদৰে পুনৰাই জীয়াই থাকিবলৈ পাওঁ, তেতিয়া মই পুনৰাই তেনে উৎসাহেৰে কাৰ্য্য কৰিম। কিয়নো ‘ঈশ্বৰৰ প্ৰেম-পূৰ্বক দয়া জীৱনতকৈয়ো উত্তম।’” (গীত ৬৩:৩) এতেকে আঁহক আমি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰা কাৰ্য্যক মূল্যাঙ্কন কৰি ইয়াক এক বহুমূলীয়া বিশেষাধিকাৰ বুলি গ্ৰহণ কৰোঁহঁক।