ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৫ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৫ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। আগষ্ট: ইয়াত উল্লেখ কৰা ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই চৰকাৰ যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি​—⁠আপুনি ইয়াক কেনেকৈ বিচাৰি পাব?, যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয় আৰু যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে? ছেপ্টেম্বৰ: এনে এজন সৃষ্টিকৰ্ত্তা আছেনে যিজনে আপোনাৰ বাবে চিন্তা কৰে? নামৰ কিতাপখন বিতৰণ কৰক। বিকল্পৰূপে জীৱন​—⁠কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশ নে সৃষ্টিৰ দ্বাৰা? নামৰ কিতাপখন বা ১৯২ পৃষ্ঠাৰ আন যিকোনো কিতাপ দিব পাৰে। যদি গৃহস্থই কিতাপখন গ্ৰহণ নকৰে, তেন্তে পৰ দি থাকক! নামৰ ব্ৰচাৰখন ব্যৱহাৰ কৰিব পাৰে। অক্টোবৰ: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ কপিবোৰ দিয়ক আৰু আগ্ৰহী হোৱা গৃহস্থক বিচাৰে ব্ৰচাৰখন দিব পাৰে। নবেম্বৰ: মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা কিতাপখনৰ বিতৰণ। যদি গৃহস্থই কয় বা লʼৰা-ছোৱালী নাই বুলি আভাস পোৱা যায়, তেন্তে জ্ঞান কিতাপ অথবা বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ ট্ৰেক্টখন দিব পাৰে।

▪ যিহেতু অক্টোবৰ মাহত পাঁচটা শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে এই মাহবোৰত সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ উত্তম সুযোগ আছে।

▪ এই সংখ্যাৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৫ আৰু ৬ পৃষ্ঠাবোৰক সংৰক্ষিত কৰা আৱশ্যক, কিয়নো ২০০৬ চনৰ সেৱা বছৰত হʼবলগীয়া এদিনীয়া বিশেষ সন্মিলণ আৰু চাৰ্কিট সন্মিলনৰ সম্পৰ্কে আলোচনা কৰিবলগীয়া বিষয়বোৰ দিয়া হৈছে।

▪ মণ্ডলীৰ পৰিচালক অধ্যক্ষ বা তেওঁৰ দ্বাৰা নিযুক্তি কৰা কোনো ভায়ে ছেপ্টেম্বৰ মাহৰ ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ লেখসমূহৰ হিচাপ সম্পূৰ্ণ কৰা আৱশ্যক। যদি মণ্ডলীৰ মেৰামত বা নিৰ্মাণৰ বাবে পৃথকে পুঁজি সঞ্চিত কৰিছে, তেন্তে মণ্ডলীৰ লেখসমূহৰ সৈতে হিচাপ কৰি মণ্ডলীত হিচাপ লেখ ৰিপোৰ্ট পঢ়াৰ সময়ত একেলগে সেই হিচাপ-নিকাচবোৰ ঘোষণা কৰা আৱশ্যক।

▪ ব্যক্তিগতভাৱে পত্ৰ যোগেদি কৰা যোগাযোগৰ সময়ত পত্ৰৰ প্ৰাপ্তি অংশত শাখা কাৰ্য্যালয়ৰ ঠিকনা কেতিয়াও লিখা উচিত নহয়। ইয়াত সন্মিলিত আছে কোনো আগ্ৰহী ব্যক্তি, ঘৰত লগ নোপোৱা লোকসকল বা সহজে লগ কৰিব নোৱাৰা ঠাইত বাস কৰা লোকসকললৈ পঠোৱা সকলো পত্ৰ আৰু প্ৰকাশনসমূহ। যিহেতু পৰিচৰ্য্যা কাৰ্য্য ঈশ্বৰলৈ আগবঢ়োৱা ব্যক্তিগত সেৱা হোৱাৰ বাবে এজন প্ৰকাশকে পত্ৰখনৰ প্ৰাপ্তি স্থানত নিজৰ ঠিকনা লিখাটো উচিত হʼব। (মথি ২৮:⁠১৯, ২০; ৰোমী. ১০:⁠১৪, ১৫) যদি তেওঁ ভাবে যে নিজৰ ব্যক্তিগত ঠিকনা দিয়াতো উপযুক্ত নহয়, তেন্তে পত্ৰখনৰ প্ৰাপ্তি স্থানত নিজৰ নাম লিখি ঠিকনাৰ স্থানত ৰাজ্যগৃহৰ ঠিকনা লিখিব পাৰে।​—⁠২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ প্ৰশ্ন বক্সটো চাওক।

▪ যিবোৰ মণ্ডলীত নিয়মিত অগ্ৰগামী সেৱক আছে, মণ্ডলীৰ চেক্ৰেটাৰীয়ে নিশ্চিত কৰা উচিত যে তেওঁলোকৰ ওচৰত প্ৰত্যেকজন অগ্ৰগামীৰ নিযুক্তি পত্ৰ (S-202) যেন থাকে। যদি পত্ৰখন নাই তেন্তে শাখা কাৰ্য্যালয়লৈ লিখা উচিত। (অনুগ্ৰহ কৰি সকলো প্ৰাচীন গোষ্ঠীলৈ পঠোৱা জুলাই ৫, ১৯৯৯ চনৰ পত্ৰখন চাওক।)

▪ ২০০৫ চনৰ আগষ্ট ৩১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হাতত থকা সকলোবোৰ সাহিত্য আৰু আলোচনীৰ হিচাপ কৰি বছেৰেকীয়া তালিকাত লিপিবদ্ধ কৰা আৱশ্যক। এই তালিকাখন একেই দৰে প্ৰস্তুত কৰা উচিত, যিদৰে সাহিত্য কৰডিনেটৰে সাহিত্যসমূহৰ মাহেকীয়া তালিকা প্ৰস্তুত কৰে। তাৰ পিছত সকলোবোৰ সাহিত্যৰ হিচাপ-নিকাচ মুঠ সংখ্যা সাহিত্য ইনভেনট্ৰী (S-18) ফৰ্মখনত ভৰ্ত্তি কৰা আৱশ্যক। এই ইনভেনট্ৰী ফৰ্মখনক কৰডিনেটিং মণ্ডলীৰ চেক্ৰেটাৰীয়ে নিৰীক্ষণ কৰা উচিত। তাৰ পাছত এই ফৰ্মখনত তেওঁ আৰু কৰডিনেটিং মণ্ডলীৰ প্ৰিজাইডিং ওভাৰচিয়াৰে চহী কৰা আৱশ্যক। প্ৰত্যেকখন মণ্ডলীত আলোচনী চোৱা-চিতা কৰা ভাইসকলৰ পৰা তেওঁলোকৰ হাতত থকা আলোচনীসমূহৰ মুঠ সংখ্যা সংগ্ৰহ কৰা আৱশ্যক। প্ৰত্যেকখন কৰডিনেটিং মণ্ডলীয়ে তিনিখনকৈ সাহিত্য ইনভেনট্ৰী (S-18) ফৰ্ম পাব। অনুগ্ৰহ কৰি ছেপ্টেম্বৰ ৬ তাৰিখৰ আগতেই মূল কপিখন শাখা কাৰ্য্যালয়লৈ প্ৰেৰণ কৰক। দ্বিতীয়খন, অৰ্থাৎ কাৰ্বন কপিখন আপোনাৰ ফাইলত সংৰক্ষণ কৰি ৰাখক। তৃতীয়খনক প্ৰাথমিকভাৱে কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে।

▪ নতুন প্ৰকাশন উপলব্ধ:

যিহোৱালৈ স্তুতি গীত গোৱা​—⁠কেৱল গীত কথাৰ সৈতে ​—⁠ইংৰাজী

সংগীতৰ সুৰ নোহোৱাকৈ কেৱল গীত কথাৰ সৈতে সৰু আকাৰত (Ssbly) গীত কিতাপ উপলব্ধ।

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে? ​—⁠উৰ্দু

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক