ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০৫ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০৫ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। ছেপ্টেম্বৰ: এনে এজন সৃষ্টিকৰ্ত্তা আছেনে যিজনে আপোনাৰ বাবে চিন্তা কৰে? নামৰ কিতাপখন বিতৰণ কৰক। বিকল্পৰূপে জীৱন​—⁠কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশ নে সৃষ্টিৰ দ্বাৰা? নামৰ কিতাপখন বা ১৯২ পৃষ্ঠাৰ আন যিকোনো কিতাপ দিব পাৰে। যদি গৃহস্থই কিতাপখন গ্ৰহণ নকৰে, তেন্তে পৰ দি থাকক! নামৰ ব্ৰচাৰখন ব্যৱহাৰ কৰিব পাৰে। অক্টোবৰ: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ কপিবোৰ দিয়ক আৰু আগ্ৰহী হোৱা গৃহস্থক বিচাৰে ব্ৰচাৰখন দিব পাৰে। নবেম্বৰ: মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা কিতাপখনৰ বিতৰণ। যদি গৃহস্থই কয় বা লʼৰা-ছোৱালী নাই বুলি আভাস পোৱা যায়, তেন্তে জ্ঞান কিতাপ অথবা বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ ট্ৰেক্টখন দিব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল নামৰ কিতাপখন নতুবা বিকল্প হিচাপে বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ?, বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন অথবা যদি মণ্ডলীত উপলব্ধ আছে, তেন্তে আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে নামৰ কিতাপবোৰ বিতৰণ কৰা আৱশ্যক।

▪ প্ৰচাৰকসকলে ব্যক্তিগতভাৱে সাহিত্য বিচাৰি পঠোৱা আৱেদন পত্ৰ সংস্থাই গ্ৰহণ নকৰে। মণ্ডলীয়ে সংস্থালৈ মাহেকীয়া সাহিত্যৰ বাবে নিৱেদন কৰাৰ পূৰ্বে প্ৰিজাইডিং ওভাৰচিয়াৰে প্ৰত্যেক মাহত মণ্ডলীত ঘোষণা কৰিবলৈ ব্যৱস্থা কৰা উচিত। কিয়নো এনে কৰাৰ দ্বাৰা ভাই-ভনীসকলক ব্যক্তিগতভাৱে আৱশ্যক হোৱা সাহিত্যবোৰৰ বাবে সাহিত্য বিভাগৰ চোৱা-চিতা কৰা ভাইজনক নিজৰ নিজৰ আৱেদন জনোৱাত সহায় কৰিব। অনুগ্ৰহ কৰি বিশেষ-অনুৰোধৰ সাহিত্য সমূহৰ বিষয়ে মনত ৰাখা উচিত।

▪ পুনৰ্বাসন হʼবলৈ আগ্ৰহী হোৱা বহিষ্কাৰ কৰা বা সমাজচ্যুত হোৱা ব্যক্তিসকলৰ সম্পৰ্কে থকা নিৰ্দ্দেশনাৰ বিষয়ে প্ৰাচীনসকলক এপ্ৰিল ১৫, ১৯৯১ চনৰ প্ৰহৰীবুৰুজ ২১-⁠২৩ পৃষ্ঠাত চাবলৈ সোঁৱৰাই দিয়া হʼল।

▪ ২০০৬ চনৰ স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত দিবলগীয়া বিশেষ ৰাজহুৱা ভাষণ দেওবাৰ, এপ্ৰিল ৩০ তাৰিখে দিয়া হʼব। এই ভাষণৰ বিষয়বস্তুৰ বিষয়ে পিছত ঘোষণা কৰা হʼব। যদি মণ্ডলীত উক্ত দিনটোত পৰিব্ৰাজক অধ্যক্ষৰ ভ্ৰমণ বা সন্মিলন থাকে, তেন্তে তেওঁলোকে পিছৰ সপ্তাহত এই ভাষণ দিয়াৰ ব্যৱস্থা কৰিব পাৰে। কোনো মণ্ডলীতে ২০০৬ চনৰ এপ্ৰিল ৩০ তাৰিখৰ পূৰ্বে এই বিশেষ ভাষণ দিয়াটো উচিত নহʼব।

▪ যিহেতু অক্টোবৰ মাহত পাঁচটা শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে, এই মাহটোত সহযোগী অগ্ৰগামী সেৱা কৰাৰ বাবে উত্তম সময়।

▪ ২০০৬ চনৰ সেৱা বছৰত হোৱা চাৰ্কিট ওভাৰচিয়াৰৰ পৰিদৰ্শনৰ সময়ত মণ্ডলীৰ সহযোগী অগ্ৰগামী সেৱাত ভাগ লোৱাসকলে সেই উক্ত সপ্তাহটোত পৰিচালিত হʼবলগীয়া অগ্ৰগামী সভাৰ প্ৰথম ভাগত উপস্থিত হʼবলৈ এক ব্যৱস্থা কৰা হৈছে। এই বিশেষ ব্যৱস্থাৰ পৰা লাভৱান হʼবলৈ সক্ষম হোৱা সকলোকে সহযোগী অগ্ৰগামী সেৱাত অংশ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰক।

▪ প্ৰত্যেকখন মণ্ডলীলৈ নতুন সেৱা বছৰৰ সময়ছোৱাত ব্যৱহাৰ কৰিবলৈ বছেৰেকীয়া ফৰ্মবোৰ পঠোৱা হৈছে। এই ফৰ্মবোৰ আগন্তুক বছৰৰ বাবেও যেন যথেষ্টমাত্ৰাত থাকে, সেই বিষয়ে মণ্ডলীবোৰৰ চেক্ৰেটাৰীসকলে নিশ্চিত কৰা উচিত। যদি এই ফৰ্মবোৰ অতিৰিক্তমাত্ৰাত আৱশ্যক, তেন্তে ছেপ্টেম্বৰ মাহত একেবাৰতে সাহিত্য অনুৰোধ ফৰ্মʼৰ দ্বাৰা আৱেদন কৰা আৱশ্যক।

▪ অনুগ্ৰহ কৰি মনত ৰাখক যে, ডিউৰেবল্‌ পাৱাৰ অৱ এটৰ্নী কাৰ্ডখন (DPA) প্ৰত্যেক বছৰে নতুন কৰাৰ কোনো আৱশ্যক নাই। তদুপৰি বহু বছৰ চলিবলৈ ইয়াক এক বিশেষ ধৰণৰ কাগজত ছপা কৰা হৈছে। সেয়েহে DPA কাৰ্ড আৰু ইয়াক “ভৰ্ত্তি কৰাৰ নিৰ্দ্দেশনা কাৰ্ড” (dpai), মণ্ডলীলৈ পঠোৱা বছেৰেকীয়া ফৰ্মবোৰৰ সৈতে পঠোৱা নহʼব। যদি মণ্ডলীক ইয়াৰ আৱশ্যক হয়, তেন্তে সাহিত্য অনুৰোধ ফৰ্ম (S-14) যোগেদি আৱেদন কৰা আৱশ্যক। মণ্ডলীৰ চেক্ৰেটাৰীসকলে নিশ্চিত কৰা আৱশ্যক যে আগতীয়াকৈ DPA কাৰ্ডবোৰ আৱেদন কৰি তেওঁলোকৰ মণ্ডলীৰ বছেৰেকীয়া মজুত সাহিত্যত এই কাৰ্ডখন সদায়ে যেন যথেষ্ট মাত্ৰাত ৰাখে। DPA কাৰ্ডখন কেৱল ইংৰাজী ভাষাত উপলব্ধ আছে, কিন্তু ইয়াক ভৰ্ত্তি কৰা নিৰ্দ্দেশনা কাৰ্ডবোৰ (dpai) ইংৰাজী, কানাড়া, তামিল, তেলেগু, মালায়ালম আৰু হিন্দী ভাষাত উপলব্ধ আছে।

▪ নতুন চিডি-ৰʼম উপলব্ধ:

ৱাচ্ছটাৱাৰ লাইব্ৰেৰী​—⁠২০০৪ চনৰ সংস্কৰণ ​—⁠ইংৰাজী

অনুগ্ৰহ কৰি মনত ৰাখক যে এই চিডি-ৰʼম ৰাইজ, স্কুলৰ পুথিভঁৰাল বা যিহোৱাৰ সাক্ষীসকলৰ প্ৰতি আগ্ৰহী হোৱা ব্যক্তিসকলৰ বাবে নহয়। ৱাচ্ছটাৱাৰ লাইব্ৰেৰীʼৰ এই ব্যৱস্থা মণ্ডলীৰ কেৱল সেইসকল সদস্যৰ বাবে যিসকলৰ কম্পিউটাৰ আছে আৰু এই চিডি-ৰʼম কেৱল মণ্ডলীৰ দ্বাৰাহে উপলব্ধ কৰা হʼব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক