ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। নবেম্বৰ: মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা কিতাপখনৰ বিতৰণ। যদি গৃহস্থই তেওঁলোকৰ কোনো লʼৰা-ছোৱালী নাই বুলি কয়, তেন্তে জ্ঞান কিতাপ অথবা বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ ট্ৰেক্টখন দিব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল নামৰ কিতাপখন নতুবা বিকল্প হিচাপে বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ?, বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন অথবা যদি মণ্ডলীত উপলব্ধ আছে, তেন্তে আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে নামৰ কিতাপবোৰ বিতৰণ কৰা আৱশ্যক। জানুৱাৰী: পৃষ্ঠাবোৰ হালধীয়া নতুবা আন বৰণলৈ পৰিণত হোৱা বা ১৯৯১ চনৰ পূৰ্বে ছপা কৰা ১৯২ পৃষ্ঠাৰ যিকোনো কিতাপ বিতৰণ কৰক। যদি গৃহস্থই কিতাপবোৰ গ্ৰহণ নকৰে, তেন্তে পৰ দি থাকক! নামৰ ব্ৰচাৰখন গৃহস্থক দিয়ক। ফেব্ৰুৱাৰী: যিহোৱা ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখনৰ বিতৰণ। যিবোৰ মণ্ডলীত এই কিতাপখন উপলব্ধ নাই, তেওঁলোকে নিগূঢ় বাক্যসমূহৰ প্ৰকাশ—এক চৰম অৱস্থাত উপনীত হৈছে! বা উপলব্ধ থকা আন পুৰণি কিতাপ বিতৰণ কৰিব পাৰে।
▪ ২০০৬ চনৰ এপ্ৰিল ১৭ তাৰিখৰ পৰা পুস্তক অধ্যয়নৰ বাবে বাইবেলে প্ৰকৃততে কেনে শিক্ষা প্ৰদান কৰে? নামৰ কিতাপখন ব্যৱহাৰ কৰা হʼব। গতিকে সেই সময়ছোৱাত মণ্ডলীবোৰৰ সৈতে এই কিতাপখন যথেষ্টমাত্ৰাত থকা আৱশ্যক।
▪ মণ্ডলীৰ পৰিচালক অধ্যক্ষ বা তেওঁৰ দ্বাৰা নিযুক্তি কৰা কোনো ভায়ে ডিচেম্বৰ মাহৰ ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ লেখসমূহৰ হিচাপ সম্পূৰ্ণ কৰা আৱশ্যক। যদি মণ্ডলীয়ে ৰাজ্যগৃহক চোৱা-চিতা আৰু নিৰ্মাণৰ বাবে আন কোনো ব্যৱস্থাৰ হিচাপ ৰাখিছে, তেন্তে সেই হিচাপ-নিকাচকো সন্মিলিত কৰি মণ্ডলীত লেখ ৰিপোৰ্ট পঢ়াৰ সময়ত একেলগে হিচাপ-নিকাচসমূহ ঘোষণা কৰা আৱশ্যক।
▪ শাখা কাৰ্য্যালয়লৈ পোনপটীয়াকৈ পঠোৱা বিশ্বজুৰি সংস্থাৰ কাৰ্য্য আৰু ৰাজ্যগৃহৰ পুজিলৈ পঠোৱা ধনাদেশ বা হুণ্ডিত “The Watch Tower Society” বুলি লিখা উচিত।
▪ জানুৱাৰী মাহৰ সেৱা সভাত সঞ্চাৰণৰ বিকল্প চিকিৎসা যি ৰোগীৰ আৱশ্যকতা আৰু আইনগত অধিকাৰ পূৰণ কৰে। নামৰ ভিডিঅʼখনৰ বিষয়ে আলোচনা কৰা হʼব। গতিকে যদি মণ্ডলীক আৱশ্যক হয়, তেন্তে মণ্ডলীৰ দ্বাৰা ইয়াৰ কপিসমূহ আৱেদন কৰিব পাৰে।
▪ নতুন প্ৰকাশন উপলব্ধ:
বাইবেলে প্ৰকৃততে কেনে শিক্ষা প্ৰদান কৰে? —ইংৰাজী, কানাড়া, তামিল, তেলেগু, নেপালী, মাৰাঠী, মালায়ালম, হিন্দী
সকলো দুখ-কষ্টৰ শীঘ্ৰেই অন্ত পৰিব! (ট্ৰেক্ট নং ২৭) —ইংৰাজী, উৰ্দু, কানাড়া, কোংকনী (ৰোমান লিপি), খাচি, গুজৰাটী, তামিল, তেলেগু নেপালী, পাঞ্জাৱী, বাংলা, মণিপুৰী, মাৰাঠী, মালায়ালম, মিজো, হিন্দী