জীৱনলৈ পৰিচালিত কৰা এক শিক্ষাদান কাৰ্য্য
১ ঈশ্বৰৰ বাক্যৰ সত্যতাৰ বিষয়ে বুজি পায় লোকসকলৰ মনৰ চকু মুকলি হোৱা দেখিবলৈ পোৱাটো এক আশীৰ্ব্বাদজনক বিষয় নহয়নে বাৰু! আনক মানৱজাতিৰ প্ৰতি থকা ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে কোৱাটো বাস্তৱতে এক সন্তুষ্টিদায়ক বিষয়। এনে শিক্ষাদান কাৰ্য্যই এজন ব্যক্তিক অনন্ত জীৱনলৈ পৰিচালিত কৰিব পাৰে।—যোহ. ১৭:৩.
২ এই শিক্ষাদান শ্ৰেষ্ঠ: বৰ্তমান সময়ত সকলো বিষয় আৰু প্ৰকাৰে শিক্ষাদান কৰা হৈছে। (উপ. ১২:১২) কিন্তু এনে শিক্ষাদানৰ মূল্য কোনো প্ৰকাৰে “ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” সৈতে তুলনা কৰিব নোৱাৰি। (পাঁচ. ২:১১) জগতে আগবঢ়োৱা শিক্ষাদানে মানুহক সেই মহান সৃষ্টিকৰ্ত্তাজনৰ নিকটৱৰ্ত্তী হʼবলৈ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে বুজিবলৈ সক্ষম হৈছেনে? মৃত্যুত লোকসকলে কেনে অৱস্থাত থাকে বা আজি জগতত কিয় ইমান দুখ-কষ্ট ভূগীবলগীয়া হৈছে, এই বিষয়ে বুজিবলৈ মানুহক সহায় কৰিব পাৰিছেনে? এই শিক্ষাই লোকসকলক কোনো আশা প্ৰদান কৰিব পাৰিছেনে? বা পৰিয়াল ব্যৱস্থাক উন্নত কৰিব পাৰিছেনে? অৱশ্যেই পৰা নাই। একমাত্ৰ ঈশ্বৰীয় শিক্ষাই জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ উত্তৰ দিব পাৰে।
৩ ঈশ্বৰীয় শিক্ষাই বিদ্যাৰ্থীসকলক আজিৰ জগতত হ্ৰাস হোৱা নৈতিকতাক উন্নত কৰা শিক্ষা প্ৰদান কৰে। ঈশ্বৰৰ বাক্যই ইয়াৰ শিক্ষা গ্ৰহণ কৰা সকলৰ হৃদয়ৰ পৰা সকলো প্ৰকাৰৰ জাতিয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ আঁতৰ কৰে। (ইব্ৰী ৪:১২) তদুপৰি ঈশ্বৰীয় শিক্ষাই লোকসকলক সকলো প্ৰকাৰৰ হিংসাত্মক কাৰ্য্যক ত্যাগ কৰি ‘নতুন পুৰুষক পিন্ধিবলৈ’ সহায় কৰে। (কল. ৩:৯-১১; মীখা ৪:১-৩) ইয়াৰ উপৰিও ঈশ্বৰীয় শিক্ষাদান কাৰ্য্যই বৰ্তমান সময়ত লাখ সংখ্যক লোকক ঈশ্বৰক অসন্তুষ্ট কৰা কাৰ্য্যবোৰক নিজৰ জীৱনৰ পৰা আঁতৰ কৰিবলৈ শক্তিশালী কৰি তুলিছে।—১ কৰি. ৬:৯-১১.
৪ এতিয়া ঈশ্বৰীয় শিক্ষাদান প্ৰদান কৰাটো অতি গুৰুত্বপূৰ্ণ: আমি বাস কৰি থকা সময়ছোৱাৰ বিষয়ে আমাৰ মহান শিক্ষক জনে আমাক সতৰ্ক কৰিছে। শেহতীয়া সংবাদৰ অনুসাৰে পৃথিৱীৰ ওপৰত অৱশ্যেই তেওঁৰ ভৱিষ্যতবাণীমূলক ন্যায়-বিচাৰ কৰা হʼব। (প্ৰকা. ১৪:৬, ৭) খ্ৰীষ্টই ইতিমধ্যেই স্বৰ্গত শাসন আৰম্ভ কৰিলে আৰু অতি শীঘ্ৰেই পৃথিৱীৰ সকলো মিছা ধৰ্ম্মক ধ্বংস কৰি মানৱ চৰকাৰবোৰক আঁতৰ কৰিবলৈ ঈশ্বৰৰ ৰাজ্যই পদক্ষেপ লʼব। (দানি. ২:৪৪; প্ৰকা. ১১:১৫; ১৭:১৬) গতিকে লোকসকলে খ্ৰীষ্টৰ বিষয়ে জানি মহা-বাবিলৰ পৰা ওলাই অহা আৰু বিশ্বাসেৰে যিহোৱাৰ নামত শৰণ লোৱাটো অতি আৱশ্যক। (গীত. ২:১১, ১২; ৰোমী. ১০:১৩; প্ৰকা. ১৮:৪) তেনেহʼলে আঁহক আমি যিমান সম্ভৱ সিমান সম্পূৰ্ণকৈ আনক এই ঈশ্বৰীয় শিক্ষা প্ৰদান কৰোঁহঁক, যি তেওঁলোকক অনন্ত জীৱনলৈ পৰিচালিত কৰিব।