খ্ৰীষ্টান হিচাপে জীৱন-যাপন
তোমাৰ ভায়েৰাই সৈতে প্ৰথমে মিল হোৱা—কেনেকৈ?
কল্পনা কৰক যে যীচুৱে পৃথিৱীত জীৱিত থকাৰ সময়ত গালীল নামৰ নগৰখনত আপুনি বাস কৰিছে। পজাঁ-পৰ্ব্ব পালন কৰিবলৈ আপুনি যিৰূচালেমলৈ যাত্ৰা কৰিছে। দূৰ-দূৰণি ঠাইবোৰৰপৰা বহুতোলোকে তালৈ আহিছে। আপুনি যিহোৱা ঈশ্বৰক এটা বলিদান আগবঢ়াব বিচাৰে। সেইবাবে, বলিদানৰ বাবে অনা ছাগলীটোৰ ডিঙিত বন্ধা ৰছীডাল ধৰি আপুনি মানুহৰ ভীৰৰ মাজেৰে কোনোমতে মন্দিৰৰ ওচৰত উপস্থিত হৈছে। আপুনি তাত উপস্থিত হৈ দেখিছে যে বলিদান আগবঢ়াবলৈ অহা আন লোকেৰে মন্দিৰ ভৰি পৰিছে। অৱশেষত, আপোনাৰ ছাগলীটোক পুৰোহিতক দিয়াৰ সময় আহি পৰিল। ঠিক সেইসময়ত, আপোনাৰ মনত পৰে যে এজন ভাইৰ বিৰুদ্ধে আপোনাৰ কিবা আছে। হয়তো সেই ভাইজন এই ভীৰৰ মাজত আছে অথবা নগৰত আছে। এনে পৰিস্থিতিত আপুনি কি কৰা উচিত বুলি যীচুৱে কৈছিল? (মথি ৫:২৪ পঢ়ক।) এনে পৰিস্থিতিত আপুনি আৰু আপোনাৰ ভায়ে যীচুৰ পৰামৰ্শ অনুসৰি কেনেকৈ শান্তি বজাই ৰাখিব পাৰিব? তলত উল্লেখ কৰা সঠিক উত্তৰৰ বক্সত চিন দিয়ক।
আপুনি কৰা উচিত . . .
যদি দুখিত হোৱাৰ উচিত কাৰণ থাকে, তেতিয়াহে আপুনি আপোনাৰ ভায়েৰাৰ ওচৰলৈ যোৱা উচিত
যদি আপুনি বুজি পাইছে যে এই বিষয়টোক তেওঁ প্ৰয়োজনতকৈ বেছি গভীৰভাৱে লৈছে অথবা তেওঁৰ ভুল হৈছে, তেনেহʼলে আপুনি ভাইজনক শুধৰণি কৰা উচিত
যদি ভাইজনে এই বিষয়ে কিবা কয়, তেনেহʼলে আপুনি ধৈৰ্য্যৰে তেওঁৰ কথা শুনা উচিত। যদিও আপুনি বিষয়টো ভালদৰে বুজি পোৱা নাই, কিন্তু আপোনাৰ বাবে তেওঁ যিহেতু মনত আঘাত পাইছে অথবা কোনো বেয়া পৰিস্থিতিৰ সন্মুখীন হʼবলগীয়া হৈছে, সেইবাবে আপুনি অন্তৰৰপৰা তেওঁক ক্ষমা খোজা উচিত
আপোনাৰ ভায়ে কৰা উচিত . . .
মণ্ডলীৰ ভাই-ভনীসকলৰ সমৰ্থন লাভ কৰিবলৈ আপুনি তেওঁক কেনেকৈ আঘাত কৰিছে, তাৰ বিষয়ে সকলোকে জনোৱা উচিত
চিঞৰ-বাখৰ কৰি আপুনি কি ভুল কৰিলে, তাৰ সকলোবোৰ কʼবলৈ কোৱা উচিত আৰু ভুল স্বীকাৰ কৰিবলৈ তেওঁক দাবী কৰা উচিত
আপোনাৰ লগত কথা পাতিবলৈ তেওঁক কিমান নম্ৰ আৰু সাহসী হʼবলগীয়া হৈছে, তাক বুজা উচিত আৰু তেওঁক অন্তৰৰপৰা ক্ষমা কৰা উচিত
বৰ্তমান সময়ত আমি উপাসনাৰ বাবে কোনো জীৱ-জন্তুৰ বলিদান দিবলগীয়া নহয়। কিন্তু যদি আমি আমাৰ উপাসনা যিহোৱা ঈশ্বৰে গ্ৰহণ কৰাটো বিচাৰোঁ, তেনেহʼলে যীচুৱে দিয়া পৰামৰ্শ পালন কৰি ভাই-ভনীসকলৰ লগত শান্তি বজাই ৰাখিবলৈ আমি কি কৰা উচিত?