ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 আগষ্ট পৃষ্ঠা ৭
  • যীচুৱে আপোনাৰ ভাইৰ বাবেও মৃত্যুৱৰণ কৰিছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৱে আপোনাৰ ভাইৰ বাবেও মৃত্যুৱৰণ কৰিছিল
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • মণ্ডলীত একতা বজাই ৰাখক
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • “এই সৰুবিলাকৰ মাজৰ এজনোকো” উজুটি নোখোৱাব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 আগষ্ট পৃষ্ঠা ৭
যীচুৱে লোকসকলৰ লগত কথা পাতিছ

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যীচুৱে আপোনাৰ ভাইৰ বাবেও মৃত্যুৱৰণ কৰিছিল

যীচুৱে অসিদ্ধ মানুহৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। (ৰোম ৫:৮) যীচুৱে নিজৰ জীৱন আমাৰ বাবে আগবঢ়ায় আৰু সেইবাবে, আমি তেওঁক ব্যক্তিগতভাৱে মূল্যাংকন কৰিব বিচাৰোঁ। কিন্তু, আমি মনত ৰখা উচিত যে যীচুৱে আমাৰ ভাইসকলৰ বাবেও মৃত্যুৱৰণ কৰিছে। গতিকে, আমাৰ দৰে অসিদ্ধ ভাই-ভনীসকলক, আমি যীচুৰ দৰে প্ৰেম কেনেকৈ দেখুৱাব পাৰোঁ? তিনিটা উপায়ৰ বিষয়ে বিবেচনা কৰক। প্ৰথমটো হৈছে, আমি বেলেগ বেলেগ পৃষ্ঠভূমিৰপৰা অহা ভাই-ভনীসকলৰ লগত বন্ধুত্ব স্থাপন কৰিব পাৰোঁ। (ৰোম ১৫:৭; ২কৰি ৬:১২, ১৩) দ্বিতীয়তে, এনে কথা-বতৰা বা কাৰ্য্যবোৰ কৰাৰপৰা আঁতৰি থাকিব পাৰোঁ, যিয়ে আনক আঘাত দিব পাৰে। (ৰোম ১৪:১৩-১৫) তৃতীয়টো হৈছে, যদি কোনোবাই আমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহʼলে আমি তেওঁলোকক লগে লগে ক্ষমা কৰিব পাৰোঁ। (লূক ১৭:৩, ৪; ২৩:৩৪) যদি আমি এইদৰে যীচুক অনুকৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰোঁ, তেনেহʼলে যিহোৱা ঈশ্বৰে মণ্ডলীত শান্তি আৰু একতা বজাই ৰাখিবলৈ আশীৰ্ব্বাদ কৰিব।

প্ৰকৃত সৌন্দৰ্য্যতা! নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • নতুন মডলীত মিকিক আদৰণি জনোৱা হৈছ

    মিকিয়ে নিজৰ মণ্ডলীৰ ভাই-ভনীসকলৰ বিষয়ে প্ৰথমে কেনে অনুভৱ কৰিছিল?

  • মডলীৰ আন ভাই-ভনীসকলৰ পতি মিকি অসন্তুষ্ট হৈ পৰিছ

    তাইৰ চিন্তাধাৰা কেনেকৈ পৰিৱৰ্তন হয়?

  • পাঁচনিসকল টাপনি যোৱাৰ সও যীচুৱে তেওঁলোকৰ লগত দয়াৰে ব্যৱহাৰ কৰিছিল

    যীচুৰ উদাহৰণে মিকিক নিজৰ দৃষ্টিভংগী সলনি কৰিবলৈ কেনেকৈ সহায় কৰে? (মাৰ্ক ১৪:৩৮)

  • এটি সৰু ল’ৰাৰ হাতখন লাগি যোৱাৰ ফলত মিকিয়ে খাই থকা চৰ্বতৰ গ্লাচৰপৰা চৰ্বত মিকিৰ কাপোৰত পৰে, তেতিয়া তাই হাঁহে

    সংগী ভাই-ভনীসকলৰ প্ৰতি সঠিক দৃষ্টিভংগী বজাই ৰাখিবলৈ হিতোপদেশ ১৯:১১ পদে আমাক কেনেকৈ সহায় কৰিব পাৰে?

ধ্যানৰ বাবে প্ৰশ্ন:

মই কোনো ভাই বা ভনীৰ প্ৰতি অসন্তুষ্ট হৈ আছোঁ, নে ক্ষমা কৰিছোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক