আগষ্ট ৩১–চেপ্টেম্বৰ ৬
যাত্ৰাপুস্তক ২১-২২
গীত ১৪১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“জীৱনৰ বিষয়ে যিহোৱাৰ দৰে দৃষ্টিভংগী বজাই ৰাখক”: (১০ মি.)
যাত্ৰা ২১:২০—যিহোৱাৰ দৃষ্টিত হত্যা কৰা পাপ হয় (it-১-E ২৭১)
যাত্ৰা ২১:২২, ২৩—গৰ্ভত থকা সন্তানৰ জীৱনো যিহোৱাৰ দৃষ্টিত মূল্যৱান (lv ৯১-৯২ ¶১৬)
যাত্ৰা ২১:২৮, ২৯—আমি নিজৰ আৰু আনৰো সুৰক্ষাৰ প্ৰতি ধ্যান দিয়াটো যিহোৱাই বিচাৰে (w১০-HI ৪/১৫ ২৯ ¶৪)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যাত্ৰা ২১:৫, ৬—এই পদবোৰৰ অনুসৰি যিহোৱাক নিজৰ জীৱন সমৰ্পণ কৰাটো কিয় আমাৰ বাবে লাভজনক? (w১০-HI ১/১৫ ৪ ¶৪-৫)
যাত্ৰা ২১:১৪—এই পদৰ অৰ্থ কি হʼব পাৰে? (it-১-E ১১৪৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ২১:১-২১ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক আমাৰ সভাৰ বাবে নিমন্ত্ৰণ জনাওক। (শিক্ষা অধ্যায় ২)
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ২০)
ভাষণ: (৫ মি. বা কম) w০৯-HI ১০/১ ২১—বিষয়: যিহোৱা—পিতৃহীনসকলৰ পিতৃ। (শিক্ষা অধ্যায় ১৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঈশ্বৰৰ দৰে জীৱনক মূল্যৱান বুলি গণ্য কৰক: (১০ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: গৰ্ভাৱস্থাৰ সময়ত কি কি সমস্যা হʼব পাৰে? যাত্ৰাপুস্তক ২১:২২, ২৩ পদত দিয়া সিদ্ধান্তৰ অনুসৰি আমি গৰ্ভপাতৰ বিষয়ে কেনে দৃষ্টিভংগী ৰখা উচিত? আমাৰ নিৰ্ণয়ৰপৰা যদি যিহোৱাক আনন্দিত কৰিব বিচাৰোঁ, তেনেহʼলে আমি কিয় বিশ্বাস আৰু সাহস দেখুৱাৰ প্ৰয়োজন? পুনৰুত্থানৰ আশাই আমাক কেনেকৈ শান্ত্বনা দিয়ে?
সমৰ্পণৰপৰা আমি কেনেকৈ লাভৱান হওঁ: (৫ মি.) জানুৱাৰী ১৫, ২০১০ চনৰ প্ৰহৰীদুৰ্গ (হিন্দী), ৪ পৃষ্ঠা, ৪-৭ অনুচ্ছেদৰ ওপৰত আধাৰিত ভাষণ। বাইবেল বিদ্যাৰ্থীসকলক সমৰ্পণ আৰু বাপ্তিষ্মাৰ বাবে উৎসাহিত কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ৬ ¶১০-১৫ পৃ. ৭৭ বক্স
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ৯৮ আৰু প্ৰাৰ্থনা