ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ৫
  • বিবাহ বন্ধন মজবুদ কৰি ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিবাহ বন্ধন মজবুদ কৰি ৰাখক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • ‘সকলোৰে মাজত বিবাহ আদৰণীয় হওক’
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • বৰ্তমান সময়ত এক সফল বিবাহ গঢ়ি তুলিব পাৰি
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ৫
এজন স্বামীয়ে নিজৰ পত্নীৰ লগত তলত বহি একেলগে আনন্দেৰে কাপোৰ ধুইছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বিবাহ বন্ধন মজবুদ কৰি ৰাখক

বিবাহিত দম্পত্তিয়ে এজনে-আনজনত আসক্ত হৈ থকাটো যিহোৱাই বিচাৰে আৰু এয়া গম্ভীৰ কথা বুলি ভাৱে। (মথি ১৯:৫, ৬) আমাৰ মাজত এনে বহুতো বিবাহিত দম্পত্তি আছে, যিসকলে নিজৰ দায়িত্ব ভালদৰে পূৰ কৰিছে। তথাপি স্বামী-স্ত্ৰীৰ মাজত সমস্যা আহিব পাৰে। তেতিয়া তেওঁলোকে জগতৰ লোকসকলৰ দৰে, পৃথক হোৱা বা বিবাহ বিচ্ছেদ কৰা সঠিক হʼব বুলি ভবা উচিত নহয়। খ্ৰীষ্টান দম্পত্তিয়ে নিজৰ বিবাহিত সম্পৰ্ক দৃঢ় কৰি ৰাখিবলৈ কি কৰিব পাৰে?

এই পাঁচটা কথা মনত ৰাখিব:

  1. নিজৰ হৃদয়ক সুৰক্ষা দিয়ক। প্ৰেমাভিনয় নকৰিব আৰু অনৈতিক কথা-বতৰা কৰা মনোৰঞ্জনৰপৰা আঁতৰি থাকক। কিয়নো এইদৰে নকৰিলে নিজৰ জীৱন সংগীৰ লগত আপোনাৰ সম্পৰ্ক দুৰ্বল হৈ পৰিব।—মথি ৫:২৮; ২পিত ২:১৪.

  2. যিহোৱাৰ লগত নিজৰ সম্পৰ্ক দৃঢ় কৰক। ঈশ্বৰে এহাল দম্পত্তিৰপৰা যি আশা কৰে, সেয়া কৰক যাতে তেওঁ আনন্দিত হʼব পাৰে।—গীত ৯৭:১০.

  3. নতুন ব্যক্তিত্বৰ গুণবোৰ প্ৰকাশিত কৰক। নিজৰ সংগীক সহায় কৰিবলৈ কিবা নহয় কিবা কৰক, যদিও সেয়া সৰু-সুৰা কাম নহওক কিয়।—কল ৩:৮-১০, ১২-১৪ক.

  4. এজনে-আনজনৰ লগত আদৰেৰে আৰু হৃদয়েৰে কথা পাতক।—কল ৪:৬.

  5. মৰমেৰে এজনে-আনজনৰ যৌন প্ৰয়োজনীয়তা পূৰ কৰক।—১কৰি ৭:৩, ৪; ১০:২৪.

যেতিয়া খ্ৰীষ্টানসকলে বিবাহৰ শপত পূৰ কৰে, তেতিয়া এই সম্পৰ্কৰ আৰম্ভণি কৰোঁতা, যিহোৱা ঈশ্বৰৰ মহিমা হয়।

‘ধৈৰ্য্যেৰে দৌৰি থাকক’—প্ৰতিযোগিতাৰ নিয়ম পালন কৰক নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘ধৈৰ্য্যেৰে দৌৰি থাকক’—প্ৰতিযোগিতাৰ নিয়ম পালন কৰক’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। ৰাজ্যগৃহত ভাই আৰু ভনী মাৰ্টিনে নিজৰ বিয়াৰ ভাষণৰ পাছত হাঁহি আছে।

    স্বামী-স্ত্ৰীৰ মাজত কেনেধৰণৰ সমস্যাৰ উদ্ভৱ হʼব পাৰে?

  • ‘ধৈৰ্য্যেৰে দৌৰি থাকক’—প্ৰতিযোগিতাৰ নিয়ম পালন কৰক’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। ভাই মাৰ্টিন আৰু ভনীয়ে তেওঁলোকৰ সমস্যাৰ বিষয়ে শান্তিৰে কথা পাতিছে। ওচৰত থকা মেজখনত বাইবেল খোলা আছে।

    যদি এহাল দম্পত্তিৰ মাজত প্ৰেম নাই, তেনেহʼলে বাইবেলৰ সিদ্ধান্তবোৰে তেওঁলোকৰ সম্পৰ্ক দৃঢ় কৰিবলৈ কেনেকৈ সহায় কৰিব?

  • ‘ধৈৰ্য্যেৰে দৌৰি থাকক’—প্ৰতিযোগিতাৰ নিয়ম পালন কৰক’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। ভাই মাৰ্টিন নিজৰ পত্নী আৰু দুয়োটি সন্তানক ‘বাইবেল কাহিনী’ কিতাপৰপৰা কিবা পঢ়ি শুনাইছে।

    নিজৰ জীৱন সংগীৰ লগত আনন্দিত হৈ থাকিবলৈ বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰক

    যিহোৱাই বিবাহিত লোকসকলক কি কি নিয়ম দিছে?

  • স্বামী-স্ত্ৰীয়ে নিজৰ সম্পৰ্ক দৃঢ় কৰিবলৈ কি কৰা উচিত?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক