ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মে’ পৃষ্ঠা ১১
  • নিজৰ ইচ্ছাবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজৰ ইচ্ছাবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মে’ পৃষ্ঠা ১১

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

নিজৰ ইচ্ছাবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক

আমি সকলোৱে অসিদ্ধ হোৱাৰ বাবে নিজৰ ইচ্ছাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ একেৰাহে সংঘৰ্ষ কৰিবলগীয়া হয়। যদি আমি নিজৰ ইচ্ছাবোৰ নিয়ন্ত্ৰণ নকৰোঁ আৰু আমাৰ মনলৈ যি আহে তাকে কৰোঁ, তেনেহʼলে আমি যিহোৱাৰ অনুমোদন হেৰুৱাব পাৰোঁ। যেনে, কিছুমান লোকৰ বাবে খোৱা-বোৱা, ঘৰ-বাৰী আৰু কাপোৰ-কানি ইত্যাদি অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে ঈশ্বৰতকৈ এই বস্তুবোৰক বেছি প্ৰেম কৰে। কিছুমান লোকে ঈশ্বৰৰ মানদণ্ডৰ বিষয়ে চিন্তাই নকৰে আৰু ভুল পদ্ধতিৰে নিজৰ যৌন-ইচ্ছাবোৰ পূৰ কৰে। (ৰোম ১:২৬, ২৭) এনে কিছুমান লোক আছে, যিসকলে আনৰ দৃষ্টিত ভাল হʼবলৈ বিচাৰে, সেইবাবে তেওঁলোকে আনৰ কথা শুনি বেয়া কাম কৰে।—যাত্ৰা ২৩:২.

আমি আমাৰ ইচ্ছাবোৰক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ? যি কথাবোৰৰ পৰা যিহোৱাই আনন্দিত হয়, আমি সেইবোৰলৈ ধ্যান দিয়া উচিত। (মথি ৪:৪) ইয়াৰ উপৰিও আমি নিজৰ ইচ্ছাবোৰক নিয়ন্ত্ৰণ কৰিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। কিয় বাৰু? কিয়নো যিহোৱাই জানে যে আমাৰ বাবে কি ভাল আৰু আমাৰ সঠিক ইচ্ছাবোৰ তেওঁ পূৰ কৰিব পাৰে।—গীত ১৪৫:১৬.

নিজৰ জীৱনটো ধোঁৱাত উৰাই নিদিব নামৰ ভিডিঅʼখন চাওক আৰু তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • “নিজৰ জীৱনটো ধোঁৱাত উৰাই নিদিব” নামৰ ভিডিঅʼখনৰ দৃশ্য। এনে এটা ফেক্টৰী যʼত পুতলা বনোৱা হৈছে আৰু তাৰ প্ৰতিটো পুতলাই চিগাৰেট খাইছে।

    কিছুমান লোকে কিয় চিগাৰেট খায়?

  • “নিজৰ জীৱনটো ধোঁৱাত উৰাই নিদিব” নামৰ ভিডিঅʼখনৰ দৃশ্য। ধূমপান কৰা ব্যক্তিজনৰ হাওঁফাওঁয়ে বৰকৈ কাহিছে।

    চিগাৰেট খালে আপোনাৰ কি ক্ষতি হʼব?

  • “নিজৰ জীৱনটো ধোঁৱাত উৰাই নিদিব” নামৰ ভিডিঅʼখনৰ দৃশ্য। এজন অতি ধনী ব্যৱসায়ীয়ে ইলেকট্ৰনিক চিগাৰেট খাই আছে আৰু এগৰাকী মহিলাক আকৰ্ষিত কৰিবলৈ টোপ ব্যৱহাৰ কৰিছে।

    হোকা আৰু ইলেকট্ৰনিক চিগাৰেট খোৱাটো কিয় ভুল হয়?—২ কৰি ৭:১.

  • “নিজৰ জীৱনটো ধোঁৱাত উৰাই নিদিব” নামৰ ভিডিঅʼখনৰ দৃশ্য। এগৰাকী যুৱতিয়ে ঘৰৰ চাদৰ পৰা মুকলি আকাশখন চাই আছে।

    আপুনি চিগাৰেট খোৱাৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰিব পাৰিব!

    চিগাৰেট খোৱাৰ পৰা আপুনি নিজকে কেনেকৈ বচাব পাৰে? এই অভ্যাসটো আপুনি কেনেকৈ এৰিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক