ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 নৱেম্বৰ পৃষ্ঠা ১৪-১৬
  • ডিচেম্বৰ ৩০, ২০২৪–জানুৱাৰী ৫, ২০২৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ ৩০, ২০২৪–জানুৱাৰী ৫, ২০২৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 নৱেম্বৰ পৃষ্ঠা ১৪-১৬

ডিচেম্বৰ ৩০, ২০২৪–জানুৱাৰী ৫, ২০২৫

গীতমালা ১২০-১২৬

গীত নং ১৪৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

ইস্ৰায়েলীসকলে আনন্দেৰে ঘেঁহু চপাই আছে।

বাবিলৰ পৰা উভতি অহা ইস্ৰায়েলীসকলে আনন্দেৰে দাই আছে, কাৰণ যিহোৱাই তেওঁলোকৰ পৰিশ্ৰমত আশীৰ্বাদ দিছে।

১. তেওঁলোকে কান্দি কান্দি ৰুলে, কিন্তু আনন্দেৰে দালে

(১০ মি.)

যেতিয়া ইস্ৰায়েলীসকলক পুনৰ শুদ্ধ উপাসনা কৰিবলৈ বাবিলৰ পৰা মুকলি কৰা হʼল, তেতিয়া তেওঁলোকে বহুত আনন্দিত হৈছিল (গীত ১২৬:১-৩)

যিহূদিয়ালৈ উভতি অহাৰ পাছত ইস্ৰায়েলীসকলে কঠিন পৰিশ্ৰম কৰিবলগীয়া হʼল। সেইবাবে, তেওঁলোকৰ হয়তো চকুপানী বৈছিল (গীত ১২৬:৫; w০৪ ৬/১ ২৫ ¶১০)

তথাপিও ইস্ৰায়েলীসকলে হাৰ মনা নাছিল আৰু ইয়াৰ বাবে তেওঁলোকে বহুতো আশীৰ্বাদ পালে (গীত ১২৬:৬; w২১.১১ ২৪ ¶১৭; w০১ ৭/১ ২৬-২৭ ¶১৩-১৪; দিয়া ছবিখন চাওক)

ইস্ৰায়েলীসকলে খেতি কৰিবলৈ বহুত পৰিশ্ৰম কৰি আছে। এজন ব্যক্তিয়ে হাল বাই আছে আৰু আনজনে বীজ সিঁচি আছে।

ধ্যানৰ বাবে প্ৰশ্ন: হৰমাগিদোন যুদ্ধৰ পৰা ওলাই নতুন পৃথিৱীত যোৱাৰ পাছত যেতিয়া আমি সকলোবোৰ নতুনকৈ বনাম, তেতিয়া আমাৰ ওচৰত কি কি সমস্যা আহিব? কিন্তু আমি কি কি আশীৰ্বাদ পাম?

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১২৪:২-৫—যিহোৱাই যিদৰে ইস্ৰায়েলী ৰাষ্ট্ৰক ৰক্ষা কৰিছিল, ঠিক সেইদৰে তেওঁ আমাৰ জীৱন ৰক্ষা কৰিব বুলি আমি আশা কৰিব পাৰোঁ নে? (cl-HI ৭৩ ¶১৫)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১২৪:১–১২৬:৬ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৫)

৫. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যোৱাবাৰ গৃহস্থই কৈছিল যে বাইবেলৰ ওপৰত বিশ্বাস কৰিবলৈ তেওঁক কঠিন লাগে। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৫)

৬. বাইবেল অধ্যয়ন কৰক

(৫ মি.) এক অনন্ত জীৱন! পাঠ ১৬ পৰিচয় আৰু ভাগ ১-৩ (লোকসকলক প্ৰেম কৰক পাঠ ১১ ভাগ ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১৫৫

৭. যিহোৱাৰ প্ৰতিজ্ঞাবোৰৰ পৰা আনন্দ পাওক

(১৫ মি.) আলোচনা।

যিহোৱাই বাবিলত বন্দী হৈ থকা ইস্ৰায়েলীসকলক যিমান প্ৰতিজ্ঞা কৰিছিল সেই সকলো পূৰ কৰিলে। তেওঁলোকক বন্দীৰ পৰা মুকলি কৰিলে আৰু তেওঁলোকৰ সকলো পাপ ক্ষমা কৰিলে। (যিচ ৩৩:২৪) যেতিয়া ইস্ৰায়েলীসকলে বন্দী হৈ আছিল, তেতিয়া তেওঁলোকৰ দেশত সিংহ আৰু আন জন্তুবোৰ বহুত বাঢ়ি গৈছিল। সেইবাবে, যেতিয়া ইস্ৰায়েলীসকলে উভতি আহিলে, তেতিয়া তেওঁলোকক আৰু তেওঁলোকৰ জীৱ-জন্তুবোৰক সুৰক্ষাৰ প্ৰয়োজন আছিল। যিহোৱাই প্ৰতিজ্ঞা কৰাৰ দৰে তেওঁলোকক ৰক্ষা কৰিছিল। (যিচ ৬৫:২৫) তেওঁ প্ৰতিজ্ঞা কৰাৰ দৰে ইস্ৰায়েলীসকলে নিজৰ ঘৰত থাকিবলৈ আৰু আঙুৰৰ বাগিছাৰ ফল খাবলৈ সুযোগ পালে। (যিচ ৬৫:২১) ইয়াৰ উপৰিও যিহোৱাই তেওঁলোকৰ পৰিশ্ৰমত আশীৰ্বাদ দিলে আৰু তেওঁলোকে বহু বছৰলৈকে জীয়াই থাকিব পাৰিলে।—যিচ ৬৫:২২, ২৩.

“শান্তিৰ বিষয়ে ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ ওপৰত আনন্দিত হওক —এক আভাস” ভিডিঅʼখনৰ দৃশ্য। ১. কিছুমান ভাই-ভনীয়ে মিলি পিকনিক খাই আছে। ২. পাহাৰ আৰু অৰণ্যৰ ওপৰৰ পৰা লোৱা দৃশ্য। ৩. ভৱিষ্যবক্তা দানিয়েলক আকৌ জীয়াই তোলা হৈছে আৰু তেওঁ অৰণ্যৰ মাজেদি খোজকাঢ়ি গৈছে। ৪. এহাল দম্পতীয়ে নিজৰ ছোৱালীজনীক সাৱটি ধৰিছে, যাক আকৌ জীয়াই তোলা হৈছে। ৫. এখন ডাঙৰ কাঁহীত ফল আৰু শাক-পাচলি ৰখা আছে। ৬. এখন ঝৰণা।

Waterfall: Maridav/stock.adobe.com; mountains: AndreyArmyagov/stock.adobe.com

শান্তিৰ বিষয়ে ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ ওপৰত আনন্দিত হওক —এক আভাস ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • এই ভৱিষ্যবাণীবোৰ আজি কেনেকৈ পূৰ হৈ আছে?

  • নতুন পৃথিৱীত এই ভৱিষ্যবাণীবোৰ কেনেকৈ পূৰ হʼব?

  • আপুনি কি কি ভৱিষ্যবাণী পূৰ হোৱাটো চাবলৈ বিচাৰে?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১০ ২৬-২৮ ¶১০-১৭

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৫৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক