আগষ্ট ২৫-৩১
হিতোপদেশ ২৮
গীত নং ১৫০ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. দুষ্ট আৰু নম্ৰ লোকৰ মাজত পাৰ্থক্য
(১০ মি.)
দুষ্টলোক ভয়াতুৰ; কিন্তু নম্ৰ লোকসকল সাহসী (হিতো ২৮:১; w৯৩-E ৫/১৫ ২৬ ¶২)
দুষ্টলোকে কোনো এটা বিষয়ক সঠিক দৃষ্টিৰে চাব নোৱাৰে, কিন্তু নম্ৰ লোকসকলে সঠিক নিৰ্ণয় লʼব পাৰে (হিতো ২৮:৫; it-২-E ১১৩৯ ¶৩)
দুষ্ট লোকসকল যদিও ধনী, কিন্তু নম্ৰ লোকসকল দৰিদ্ৰ হৈয়ো মূল্যৱান (হিতো ২৮:৬; it-১-E ১২১১ ¶৪)
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
হিতো ২৮:১৪—যদি আপুনি কোনো এটা দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিব পৰা নাই, তেনেহʼলে আপুনি কি কৰিব পাৰে? (w২৪.০৭ ১৯ ¶১৯)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) হিতো ২৮:১-১৭ (শিক্ষা অধ্যায় ১০)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যুদ্ধ আৰু হিংসাৰ অন্তৰ বিষয়ে কথা পাতক। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৫)
৫. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যুদ্ধ আৰু হিংসাৰ অন্তৰ বিষয়ে কথা পাতক। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৪)
৬. কথা-বতৰা আৰম্ভ কৰক
(২ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। যুদ্ধ আৰু হিংসাৰ অন্তৰ বিষয়ে কথা পাতক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৪)
৭. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। যুদ্ধ আৰু হিংসাৰ অন্তৰ বিষয়ে কথা পাতক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৪)
গীত নং ১৫৭
৮. আপুনি হিংসাক ঘৃণা কৰেনে?
(৬ মি.) আলোচনা।
হিংসাৰ আৰম্ভণি চয়তানে কৰিছিল। যীচুৱে কৈছিল যে সি “হত্যাকাৰী” হয়। (যোহ ৮:৪৪) যেতিয়া দুষ্ট স্বৰ্গদূতসকলে চয়তানৰ বিদ্ৰোহক সহযোগ কৰিবলৈ ধৰিলে, তেতিয়া জগতত অত্যাচাৰ ইমানে বাঢ়িবলৈ ধৰিলে যে ঈশ্বৰৰ দৃষ্টিত এয়া ভ্ৰষ্ট হৈ পৰিল। (আদি ৬:১১) চয়তানৰ দুষ্ট জগতৰ অন্ত ওচৰ চপাৰ লগে লগে বহুতো লোকে হিংস্ৰ হʼবলৈ ধৰিছে আৰু নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাই।—২তীম ৩:১, ৩.
গীতমালা ১১:৫ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:
হিংসাক প্ৰেম কৰা লোকসকলৰ প্ৰতি যিহোৱাই কেনে অনুভৱ কৰে আৰু কিয়?
হিংসাৰ প্ৰতি লোকসকলৰ আগ্ৰহ বাঢ়িবলৈ ধৰিছে বুলি কিছুমান খেল আৰু মনোৰঞ্জনৰ পৰা কেনেকৈ জানিব পাৰি?
হিতোপদেশ ২২:২৪, ২৫ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:
আমি যি ধৰণৰ মনোৰঞ্জন কৰোঁ আৰু লোকসকলৰ লগত সময় অতিবাহিত কৰোঁ, ইয়ে আমাৰ হিংসাৰ প্ৰতি থকা দৃষ্টিভংগীৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে?
আমি হিংসাক প্ৰেম কৰোঁ নে নকৰোঁ, সেয়া আমাৰ মনোৰঞ্জনৰ পৰা কেনেকৈ জানিব পাৰি?
৯. ছেপ্টেম্বৰ মাহৰ বিশেষ অভিযান
(৯ মি.)
এই ভাষণ প্ৰচাৰ সমূহৰ অধ্যক্ষই দিব। এই অভিযানৰ বাবে ভাই-ভনীসকলক উৎসাহিত কৰক আৰু আপোনাৰ মণ্ডলীৰ এলেকাত এই অভিযান কেনেকৈ কৰা হʼব জনাওক।
চিৰ শান্তি! (২০২২ চনৰ অধিৱেশনৰ গীত) ভিডিঅʼখন দেখুৱাওক।
১০. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) বাইবেলৰ পৰা শিকোঁ পাঠ ১২-১৩