আপুনি জানেনে?
ইস্ৰায়েলীসকলে কপৌ বা পাৰ চৰাইৰ মাজত যিকোনো এটা বলিদান দিব পাৰে বুলি যিহোৱাই কিয় কৈছিল?
মোচিৰ নিয়মত কপৌ আৰু পাৰ চৰাই সদায় একেলগে উল্লেখ কৰা হৈছে। ইস্ৰায়েলীসকলক কোৱা হৈছিল যে তেওঁলোকে দুইজনী চৰাইৰ মাজত যিকোনো এজনী চৰাই বলিদান দিব পাৰে। (লেবী. ১:১৪; ১২:৮; ১৪:৩০) এই ব্যৱস্থাটো কিয় ভাল আছিল। ইয়াৰ এটা কাৰণ হৈছে কপৌ চৰাই সদায় পোৱা নগৈছিল। কিয় বাৰু?
কপৌ
কপৌ চৰাই এঠাইৰপৰা আন ঠাইলৈ পৰিভ্ৰমণ কৰি থাকে। সিহঁতে কেৱল গৰমৰ দিনত ইস্ৰায়েল দেশত থাকে। প্ৰতিবছৰ অক্টোবৰ মাহত সিহঁতে আন গৰম দেশলৈ গুচি যায় আৰু বসন্ত কালত আকৌ উভতি আহে। (পৰ. ২:১১, ১২; যিৰি. ৮:৫) সেয়েহে, ইস্ৰায়েলীসকলৰ বাবে ঠাণ্ডাৰ দিনত কপৌ চৰাই বলিদান দিবলৈ বিচাৰি পোৱাটো কঠিন আছিল।
পাৰ
কিন্তু পাৰ চৰাই একে ঠাইতে থাকে। সেইবাবে, ইস্ৰায়েলত গোটেই বছৰতে পাৰ চৰাই পোৱা গৈছিল। ইয়াৰ উপৰিও লোকসকলে পাৰ চৰাই পুহিছিল। (যোহ. ২:১৪, ১৬ পদৰ লগত তুলনা কৰক।) বাইবেলত কোৱা গছ গছনি আৰু জীৱ-জন্তু (ইংৰাজী) নামৰ কিতাপখনত এইদৰে লিখা আছে, “পেলেষ্টাইনৰ সকলো গাওঁ আৰু চহৰৰ লোকসকলে পাৰ চৰাই পুহিছিল। তেওঁলোকে ঘৰৰ দেৱালত ফুটা কৰি পাৰ চৰাইৰ বাবে বাহ সাজিছিল।”—যিচয়া ৬০:৮ পদৰ লগত তুলনা কৰক।
পাৰ চৰাইৰ বাহত বহা এজনী পাৰ
ইস্ৰায়েল দেশত বছৰৰ যিকোনো সময়তে বিচাৰি পোৱা চৰাই বলিদান দিবলৈ যিহোৱাই ইস্ৰায়েলীসকলক স্বাধীনতা দিছিল। ইয়াৰ যোগেদি তেওঁ প্ৰেম কৰোঁতা আৰু দয়ালু ঈশ্বৰ হয় বুলি দেখুওৱালে।