ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w22 জুন পৃষ্ঠা ২৯
  • আপুনি জানেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি জানেনে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
w22 জুন পৃষ্ঠা ২৯

আপুনি জানেনে?

যীচুৰ দৰে যিসকল লোকক কাঠত আঁৰি মৃত্যুদণ্ড দিয়া হৈছিল, তেওঁলোকৰ মৃতদেহক কবৰ দিবলৈ ৰোমী চৰকাৰে অনুমতি দিছিলনে?

যীচুৰ শিষ্যসকলে তেওঁৰ মৃতদেহক কাঠৰ পৰা নমাই এখন কাপোৰেৰে মেৰিয়াই আছে।

বাইবেলত কোৱা হৈছে যে যীচুক দুজন অপৰাধীৰ সৈতে কাঠত আঁৰি মৃত্যুদণ্ড দিয়া হৈছিল। বহুতোলোকে এই কথাৰ ওপৰত বিশ্বাস কৰে। (মথি ২৭:৩৫-৩৮) বাইবেলত এয়াও উল্লেখ আছে যে যীচুৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ মৃতদেহক কবৰ দিয়া হৈছিল। কিন্তু বহুতোলোকে এতিয়াও প্ৰশ্ন কৰে যে এই ঘটনাবোৰ সঁচাকৈ ঘটিছিলনে?—মাৰ্ক ১৫:৪২-৪৬.

কিছুমান লোকে বিশ্বাস কৰিছিল যে যিসকল লোকক কাঠত আঁৰি মৃত্যুদণ্ড দিয়া হৈছিল, তেওঁলোকৰ মৃতদেহক কবৰ দিয়া নহৈছিল। ইয়াৰ বিষয়ে এৰিয়েল চবাৰ নামৰ সাংবাদিকজনে স্মিথচʼনিয়ান নামৰ আলোচনীত এইদৰে লিখিছিল, “সেই সময়ত অপৰাধীসকলক এইদৰেই শাস্তি দিয়া হৈছিল, সেইবাবে কিছুমান বিদ্বানে কয় যে সেই অপৰাধীসকলক হয়তো সন্মানেৰে কবৰ দিয়া নহৈছিল।” সেই অপৰাধীসকলৰ সকলোৰে আগত অপমান হোৱাটো ৰোমী লোকসকলে বিচাৰিছিল। হয়তো তেওঁলোকৰ মৃত্যুৰ পাছত তেওঁলোকৰ মৃতদেহ সেই কাঠতে থোৱা হৈছিল, যাতে জীৱ-জন্তু বা চৰাই-চিৰিকটি আহি তেওঁলোকৰ মাংস খায়। কিছু সময়ৰ পাছত তেওঁলোকৰ মৃতদেহ আন অপৰাধীসকলৰ লগতে পেলাই দিয়া হৈছিল।

কিন্তু ইয়াৰ অৰ্থ এয়া নেকি যে সকলো যিহূদী অপৰাধীক সন্মানেৰে কবৰ দিয়া নহৈছিল। ১৯৬৮ চনত কিছুমান অনুসন্ধানকাৰীয়ে যিৰূচালেমৰ ওচৰত অনুসন্ধান কৰাৰ সময়ত তেওঁলোকে এটা অদ্ভুদ বস্তু পাইছিল। তেওঁলোকে যিহূদী বংশৰ কবৰত এখন বাকচ পাইছিল, যʼত এজন ব্যক্তিৰ হাড়বোৰ ৰখা হৈছিল। সেই ব্যক্তিজনক প্ৰথম শতিকাতে মৃত্যুদণ্ড দিয়া হৈছিল, তাৰ পাছত তেওঁক কবৰ দিয়া হৈছিল। তেওঁলোকে সেই বাকচত সেই মৃতদেহৰ গোৰোৱাৰ হাড় পালে, যʼত ৪.৫ ইঞ্চিৰ (১১.৫ চেন্টিমিটাৰ) গজাল আছিল আৰু সেই গজাল কাঠত মাৰি থোৱা হৈছিল। ইয়াৰ বিষয়ে এৰিয়েল চবাৰে লিখিছে যে ‘বহুবছৰৰ পৰা বিদ্বানসকলে তৰ্ক বিতৰ্ক কৰি আছিল যে যীচুক কবৰ দিয়া হৈছিল নে নাই। তাৰ পাছত ইয়েহʼখনেন নামৰ এজন ব্যক্তিৰ গোৰোৱাৰ হাড় পোৱা গʼল, যিজনক যীচুৰ সময়তে ক্ৰুচত আঁৰি মৃত্যুদণ্ড দিয়া হৈছিল। ইয়াৰ পৰা স্পষ্ট হয় যে বাইবেলত যীচুক কবৰ দিয়াৰ বিষয়ে যি লিখা আছে, সেয়া একেবাৰে সঠিক হয়। আমি কʼব পাৰোঁ যে ৰোমীসকলে কিছুমান যিহূদী অপৰাধীক কবৰ দিবলৈ অনুমতি দিছিল।’

ইয়েহʼখনেনৰ হাড়বোৰৰ পৰা এয়া অনুমান কৰিব নোৱাৰি যে যীচুক ঠিক কেনেদৰে কাঠত আঁৰি মৃত্যুদণ্ড দিয়া হৈছিল। এই বিষয়ে বহুতো বিদ্বানে এতিয়াও বেলেগ বেলেগ মন্তব্য দিয়ে। কিন্তু ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে প্ৰাচীন সময়ত কিছুমান অপৰাধীক আন অপৰাধীসকলৰ লগত পেলাই দিয়া নহৈছিল। ইয়াৰ পৰিৱৰ্তে সন্মানেৰে কবৰ দিয়া হৈছিল। বাইবেলত যীচুক মৈদাম অৰ্থাৎ কবৰ দিয়াৰ বিষয়ে যি লিখা আছে, তাৰ ওপৰত আমি বিশ্বাস কৰিব পাৰোঁ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হʼল যে যিহোৱাই আগতেই কৈছিল যীচুক ধনীসকলৰ লগত কবৰ দিয়া হʼব আৰু যিহোৱাৰ কথা সদায় পূৰ হয়।—যিচ. ৫৩:৯; ৫৫:১১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক