পাঠকসকলৰ প্ৰশ্ন
যীচুৱে কৈছিল “মই পৃথিবীত শান্তি দিবলৈ আহিলোঁ, ইয়াক নাভাবিবা,” এই কথাষাৰৰ অৰ্থ কি আছিল?
যীচুৱে লোকসকলক শিকাইছিল যে তেওঁলোকে সকলোৰে লগত শান্তি বজাই ৰাখিব লাগে। কিন্তু এবাৰ তেওঁ নিজৰ পাঁচনিসকলক এয়াও কৈছিল যে “মই পৃথিবীত শান্তি দিবলৈ আহিলোঁ, ইয়াক নাভাবিবা, শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ। বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ।” (মথি ১০:৩৪, ৩৫) যীচুৱে কোৱা এই কথাষাৰৰ অৰ্থ কি আছিল বাৰু?
লোকসকলৰ পৰিয়াল ভাঙি যোৱাটো যীচুৱে বিচৰা নাছিল। কিন্তু তেওঁ জানিছিল যে যেতিয়া লোকসকলে তেওঁৰ শিক্ষা পালন কৰিব, তেতিয়া তেওঁলোকৰ পৰিয়ালক এয়া ভাল নালাগিবও পাৰে আৰু তেওঁলোকৰ সম্পৰ্কতো বিভেদ সৃষ্টি হʼব পাৰে। কাৰোবাৰ জীৱন সংগী বা তেওঁৰ পৰিয়ালে হয়তো তেওঁৰ বিৰোধ কৰিব পাৰে, গতিকে এনে পৰিস্থিতিত যীচুৰ শিক্ষা পালন কৰিবলৈ তেওঁৰ বাবে কঠিন হʼব পাৰে। সেইবাবে যদি এজন ব্যক্তিয়ে যীচুৰ শিষ্য হʼব বিচাৰে আৰু বাপ্তিষ্মা লʼব বিচাৰে, তেনেহʼলে তেওঁৰ লগতো হয়তো এইদৰে হʼব পাৰে বুলি সেই ব্যক্তিজনে বুজি পোৱাটো যীচুৱে বিচাৰিছিল।
বাইবেলে সত্য খ্ৰীষ্টানসকলক ‘সকলো মানুহে সৈতে মিলেৰে থাকিবলৈ’ উৎসাহিত কৰিছে। (ৰোম. ১২:১৮) কিন্তু বহু বাৰ যেতিয়া পৰিয়ালত এজন ব্যক্তিয়ে যীচুৰ শিক্ষা পালন কৰিবলৈ ধৰে, তেতিয়া পৰিয়ালৰ আন লোকক এই কথা ভাল নালাগে আৰু তেওঁলোকে সেই ব্যক্তিজনৰ বিৰোধ কৰে। এইদৰে যীচুৰ শিক্ষাই এটা পৰিয়ালক ‘তৰোৱালৰ’ দৰে ভাগ কৰি দিয়ে আৰু এজন ব্যক্তিৰ নিজৰ পৰিয়ালেই তেওঁৰ “শত্ৰু” যেন হৈ পৰে।—মথি ১০:৩৬.
আজি যীচুৰ বহুতো শিষ্যৰ পৰিয়াল যিহোৱাৰ সাক্ষী নহয়। তেওঁলোকৰ পৰিয়ালে হয়তো তেওঁলোকক এনে কাম কৰিবলৈ কয়, যি যিহোৱাৰ দৃষ্টিত সঠিক নহয়। যেনে, পৰিয়ালৰ লোকসকলে তেওঁলোকৰ লগত মিলি কিবা উৎসৱ পালন কৰিবলৈ তেওঁক হেঁচা দিব পাৰে। এনে পৰিস্থিতিত তেওঁক নিৰ্ণয় লʼব লাগিব যে তেওঁ কাক আনন্দিত কৰিব, যিহোৱা আৰু যীচুক নে নিজৰ পৰিয়ালৰ লোকসকলক? যীচুৱে এইদৰে কৈছিল, “যি কোনোৱে নিজৰ পিতৃ বা মাতৃক মোতকৈ অধিক প্ৰীতি কৰে, তেওঁ মোৰ যোগ্য নহয়।” (মথি ১০:৩৭) যীচুৱে কোৱাৰ অৰ্থ এয়া নাছিল যে তেওঁৰ শিষ্যসকলে নিজৰ পিতৃ-মাতৃক প্ৰেম কৰিব নালাগে আৰু তেওঁলোকৰ লগত কোনো সম্পৰ্ক ৰাখিব নালাগে। ইয়াৰ পৰিৱৰ্তে যীচুৱে আমাক শিকাব বিচাৰিছিল যে আমাৰ বাবে কি কথা আটাইতকৈ গুৰুত্বপূৰ্ণ, সেয়া মনত ৰখা উচিত। যদি কোনো এজন ব্যক্তিৰ পৰিয়ালে তেওঁক যিহোৱাৰ সেৱা কৰিবলৈ বাধা দিছে, তথাপি তেওঁ নিজৰ পৰিয়ালক প্ৰেম কৰিব লাগিব। কিন্তু তেওঁ সকলোতকৈ বেছি যিহোৱাক প্ৰেম কৰিব লাগিব।
যেতিয়া আমাৰ পৰিয়ালে আমাৰ বিৰোধ কৰে, তেতিয়া আমাৰ বহুত দুখ লাগে। কিন্তু সেই সময়ত আমি যীচুৱে কোৱা এই কথাষাৰ মনত ৰাখিব পাৰোঁ, “যি কোনোৱে নিজৰ ক্ৰুচ [যাতনাৰ কাঠ] লৈ মোৰ পাছে পাছে নাহে; তেৱোঁ মোৰ যোগ্য নহয়।” (মথি ১০:৩৮) আমি জানোঁ যে যীচুৰ শিষ্য হোৱাৰ বাবে আমি বহুতো সমস্যাৰ সন্মুখীন হʼব লাগিব আৰু বহু বাৰ আমাৰ পৰিয়ালৰ লোকসকলেই আমাৰ বিৰোধ কৰিব। কিন্তু বিৰোধৰ সত্ত্বেও আমি তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰা উচিত। এনে কৰিলে তেওঁলোকে আমাৰ ভাল ব্যৱহাৰ দেখি এদিন নহয় এদিন নিশ্চয় বাইবেলৰ বিষয়ে শিকিবলৈ বিচাৰিব পাৰে।—১ পিত. ৩:১, ২.