ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 জুন পৃষ্ঠা ৩২
  • পদবোৰ কেনেকৈ মনত ৰাখিব পাৰোঁ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পদবোৰ কেনেকৈ মনত ৰাখিব পাৰোঁ?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • মিল থকা বিষয়
  • প্ৰভাৱকাৰীৰূপে শাস্ত্ৰপদৰ পৰিচয় দিয়ক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • “কিয়নো ঈশ্বৰৰ বাক্য . . . কাৰ্য্য-সাধক”
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 জুন পৃষ্ঠা ৩২

অধ্যয়নৰ উপায়

পদবোৰ কেনেকৈ মনত ৰাখিব পাৰোঁ?

ভাল লগা পদবোৰ মনত ৰাখিবলৈ আপোনাৰ কঠিন হয় নে? এই পদবোৰৰ পৰা হয়তো আপুনি শান্ত্বনা লাভ কৰে, বেয়া ভাৱনাবোৰৰ পৰা ওলাব পাৰে আৰু আনক জনাব বিচাৰে। (গীত. ১১৯:১১, ১১১) আপুনি সেই পদবোৰ কেনেকৈ মনত ৰাখিব পাৰে? ইয়াৰ কিছুমান উপায়ৰ বিষয়ে মন কৰক।

  • JW লাইব্ৰেৰী এপত টেগ ব্যৱহাৰ কৰক। JW লাইব্ৰেৰী এপত যদি আপুনি বাইবেল পঢ়ি আছে আৰু এনে কিবা পদ পালে যি মনত ৰাখিব বিচাৰে, তেনেহʼলে সেয়া টেগa কৰি দিয়ক। আপুনি যদি বিচাৰে সেই টেগৰ নাম “ভাল লগা পদবোৰ” ৰাখিব পাৰে। এইদৰে পাছত আপুনি সহজে সেই পদবোৰ বিচাৰি পাব পাৰে।

  • এনে ঠাইত পদবোৰ লিখি ৰাখক, য’ত আপুনি সহজে চাব পাৰে। আপুনি কাগজত সেই পদ লিখিব পাৰে আৰু সেয়া এনে ঠাইত লগাব পাৰে য’ত আপুনি সহজে দেখা পাব পাৰে। কিছুমান লোকে আইনাত আৰু আন কিছুমানে ফ্ৰিজত লগায়। কিছুমান লোকে পদৰ স্ক্ৰিনশ্বট লয় আৰু তাক নিজৰ কম্পিউটাৰ বা মʼবাইলৰ ওৱালপেপাৰ বনায়।

  • পদবোৰৰ কাৰ্ড বনাওক। কাৰ্ডৰ এফালে পদ লিখক (বাইবেলৰ কিতাপ, অধ্যায় আৰু পদ) আৰু আন ফালে পদত দিয়া কথাখিনি লিখক। পাছত পদ চাই মনত পেলাবলৈ চেষ্টা কৰক যে সেই পদত কি লিখা আছে। বা লিখা কথাখিনি চাই মনত পেলাবলৈ চেষ্টা কৰক যে সেই কথা বাইবেলত কʼত লিখা আছে।

[ফুটনোট]

a এই বিষয়ে বেছিকৈ জানিবলৈ সংগঠনে লাভ কৰা সফলতা:—JW লাইব্ৰেৰী ব্যৱহাৰ কৰাৰ কিছুমান উপায় ভিডিঅʼখন চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক