ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 জুলাই পৃষ্ঠা ৩১
  • আপুনি জানেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি জানেনে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • মিল থকা বিষয়
  • যিহোৱাৰ মহান লাক্ষণিক মন্দিৰত উপাসনা কৰিবলৈ বিশেষ সুযোগ পোৱাৰ বাবে কৃতজ্ঞ হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 জুলাই পৃষ্ঠা ৩১
পুৰোহিতেমন্দিৰৰ বেদীত জীৱ-জন্তুৰ বলিদান দি আছে।

আপুনি জানেনে?

প্ৰথম শতিকাত মন্দিৰত যিবোৰ জীৱ-জন্তুৰ বলিদান দিয়া হৈছিল, পুৰোহিতসকলে সেইবোৰৰ তেজ কি কৰিছিল?

প্ৰাচীন সময়ত ইস্ৰায়েলত পুৰোহিতসকলে প্ৰতি বছৰে মন্দিৰৰ বেদীত লাখ লাখ জীৱ-জন্তুৰ বলিদান দিছিল। প্ৰথম শতিকাৰ যিহূদী ইতিহাসবিদ যোচিফচে কয় যে নিস্তাৰ পৰ্বৰ দিনাখন ২,৫০,০০০-তকৈ বেছি ভেড়া পোৱালি বলিদান দিয়া হৈছিল। গতিকে বেদীত বহুত তেজ ঢলা হৈছিল। (লেবী পুস্তক ১:১০, ১১; গণ. ২৮:১৬, ১৯) তেনেহʼলে সেই তেজৰ কি হৈছিল?

যেতিয়া অনুসন্ধানকাৰীসকলে হেৰোদে বনোৱা মন্দিৰৰ আশে-পাশে খনন কৰিলে, তেতিয়া তেওঁলোকে বহুতো নলা পালে, যিবোৰ এটাই-আনটোৰ লগত মিলি আছিল। এই নলাবোৰ ৭০ খ্ৰীষ্টাব্দত মন্দিৰ নাশ হোৱা সময়লৈকে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পৰা জানিব পাৰি যে বেদীত যি তেজ ঢলা হৈছিল, সেইবোৰ এই নলাৰ মাজেদিয়ে মন্দিৰৰ বাহিৰলৈ গৈছিল।

নলাৰ এই ব্যৱস্থাৰ বিষয়ে দুটা কথালৈ মন কৰক:

  • বেদীৰ তলত ফুটা: বেদীৰ বাবে নলাবোৰৰ যি ব্যৱস্থা আছিল, তাৰ বিষয়ে মিস্না a নামৰ কিতাপখনত বুজোৱা হৈছে। ইয়াত এইদৰে লিখা আছে, “বেদীৰ দক্ষিণ-পশ্চিম কিনাৰত দুটা ফুটা আছিল . . . বেদীৰ দক্ষিণ আৰু পশ্চিমৰ ফালে যি তেজ ঢলা হৈছিল আৰু বেদী চফা কৰিবলৈ যি পানী ব্যৱহাৰ কৰা হৈছিল, সেইবোৰ এই ফুটাৰ মাজেদি কিদ্ৰোণ উপত্যকালৈ গৈছিল।”

    অনুসন্ধানকাৰীসকলে খনন কৰি যি প্ৰমাণ পালে, তাৰ বাবে তেওঁলোকেও বিশ্বাস কৰে যে প্ৰাচীন সময়ত বেদীৰ ওচৰত ফুটা আছিল। যিহূদী ইতিহাসৰ বিষয়ে লিখা এখন কিতাপতো কোৱা হৈছে যে মন্দিৰৰ ওচৰত “বহুতো নলাৰ ব্যৱস্থা” থকাৰ প্ৰমাণ পোৱা গৈছে। তাত লিখা আছে, “মন্দিৰত ব্যৱহাৰ হোৱা পানী আৰু বলিদান দিয়া জন্তুৰ তেজ হয়তো এই নলাবোৰেৰে বাহিৰলৈ ওলাই গৈছিল।”

  • ভৰপূৰ মাত্ৰাত পানীৰ ব্যৱস্থা। বেদী আৰু তেজ বৈ যোৱা নলা চফা কৰি ৰাখিবলৈ পুৰোহিতসকলক বহুত পানীৰ প্ৰয়োজন হৈছিল। এই গুৰুত্বপূৰ্ণ কাম কৰিবলৈ তেওঁলোকে নিয়মীয়াকৈ চহৰৰ পৰা চফা পানী পাইছিল। কেনেকৈ বাৰু? তাত নলাবোৰ আছিল আৰু এনে দলং আছিল, যাৰ তলৰ পৰা পানী বৈ চহৰলৈ আহিছিল। ইয়াৰ উপৰিও বহুতো নাদ আৰু পুখুৰী আছিল, যʼৰ পৰা পানী অনা হৈছিল। অনুসন্ধানকাৰী জোচেফ পেট্ৰিকে কৈছে, “এই মন্দিৰত পানী পোৱাবলৈ, মন্দিৰক চফা কৰি ৰাখিবলৈ আৰু পানী উলিয়াবলৈ যি ভাল ব্যৱস্থা কৰা হৈছিল, সেয়া সেই সময়ৰ আন কোনো মন্দিৰত নাছিল।”

a তৃতীয় শতিকাৰ আৰম্ভণিত লিখা এই কিতাপত যিহূদীসকলক মৌখিকভাৱে দিয়া নিয়ম লিখা আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক