জীৱন কাহিনী
যিহোৱাৰ সহায়ত ‘আমাক যʼতেই ৰোৱা হʼল, তাতেই ফুলিলোঁ’
“যʼত ৰোৱা হৈছে, তাত ফুলি থাকক।” এই কথা শুনি আপুনি হয়তো আচৰিত হʼব পাৰে, কিন্তু ছুইডেনত থকা মেট্চ আৰু এন কেথৰিনে এই পৰামৰ্শ কেনেকৈ পালন কৰিলে আৰু ইয়াৰ পৰা তেওঁলোকৰ কি লাভ হʼল আহক চাওঁ।
মেট্চ আৰু এন কেথৰিনে ১৯৭৯ চনত গিলিয়াড স্কুললৈ গৈছিল। তাত গিলিয়াডৰ ইন্সটাক্টৰ ভাই জেক ৰাডাৰফৰ্ডে তেওঁলোকক এই পৰামৰ্শ দিছিল। তাৰ পাছত তেওঁলোকক ইৰাণ, মৰিছাছ, ম্যানমাৰ, তাঞ্জানিয়া, উগাণ্ডা আৰু জায়িৰত পঠিওৱা হʼল। তেওঁলোকে এনে পুলিৰ নিচিনা আছিল, যাক বহুবাৰ এঠাইৰ পৰা উঘালি আন ঠাইত ৰোৱা হৈছিল। কিন্তু তেওঁলোকক যʼতেই ৰোৱা হৈছিল, তাতেই তেওঁলোকে ফুলিবলৈ ধৰিলে। আহক তেওঁলোকৰ কাহিনী তেওঁলোকৰ পৰা শুনোঁ।
আপোনালোকে সত্য কেনেকৈ পালে আমাক জনাব নে?
মেট্চ: দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ছোৱাত আমি পোলেণ্ডত আছিলোঁ। সেই সময়ত মোৰ দেউতা কেথলিক চাৰ্চলৈ গৈছিল। তাত লোকসকলে যি শিকাইছিল আৰু তেওঁলোকে যি কৰিছিল, তাৰ মাজত দেউতাই বহুত পাৰ্থক্য দেখিবলৈ পালে। তথাপি দেউতাই ভাবিছিল যে কʼৰবাত নহয় কʼৰবাত সত্য নিশ্চয় আছে। কিছু সময়ৰ পাছত মোৰ বিশ্বাস হʼল যে দেউতাই ঠিকেই কৈছিল। এবাৰ মই পুৰণি বহুতো কিতাপ পঢ়িবলৈ কিনি আনিলোঁ, তাৰে মাজত নীলা ৰঙৰ এখন কিতাপৰ নাম আছিলসত্য যি অনন্ত জীৱনলৈ লৈ যায়। এই কিতাপখনৰ নাম মোক বহুত আকৰ্ষণীয় লাগিল। যিদিনাখন মই সেই কিতাপখন আনিলোঁ, সেই ৰাতিয়েই মই সেইখন পঢ়ি শেষ কৰিলোঁ। এয়াই সত্য হয় বুলি ৰাতিপুৱালৈকে মোৰ বিশ্বাস হʼল।
এপ্ৰিল ১৯৭২ চনৰ পাছত মই যিহোৱাৰ সাক্ষীসকলৰ বহুতো কিতাপ-পত্ৰিকা পঢ়িলোঁ। মোৰ মনত বাইবেলৰ বিষয়ে যিবোৰ প্ৰশ্ন আছিল, সেই সকলো প্ৰশ্নৰ উত্তৰ পালোঁ। মই যীচুৰ উদাহৰণত কোৱা সেই ব্যৱসায়ীৰ দৰে অনুভৱ কৰিলোঁ, যিজনে বহুমূলীয়া মুকুতা বিচাৰি ফুৰিছিল। যেতিয়া তেওঁ সেই মুকুতা পালে, তেতিয়া তেওঁ নিজৰ সকলোবোৰ বেচি দিলে আৰু সেই মুকুতা কিনিলে। যেতিয়া ময়ো সত্যৰ মুকুতা পালোঁ, তেতিয়া মই বিশ্ববিদ্যালয়ত পঢ়াৰ সুযোগ আৰু ডাক্তৰ হোৱাৰ কেৰিয়াৰ যেন বেচি দিলোঁ আৰু সেই “মুকুতা” কিনিলোঁ। (মথি ১৩:৪৫, ৪৬) মই ১৯৭২ চনৰ ১০ ডিচেম্বৰত বাপ্তিষ্মা লʼলোঁ।
এবছৰৰ ভিতৰতে মোৰ মা-দেউতা আৰু ভাইটিয়ে অধ্যয়ন কৰিবলৈ ধৰিলে আৰু তেওঁলোকেও বাপ্তিষ্মা লʼলে। জুলাই ১৯৭৩ চনত মই পূৰ্ণ সময়ৰ সেৱা আৰম্ভ কৰিলোঁ। আমাৰ মণ্ডলীত বহুতো অগ্ৰগামী সেৱা কৰা উৎসাহী ভাই-ভনী আছিল, তেওঁলোকৰ মাজৰ এজনী ভনী আছিল এন কেথৰিন। তাইৰ স্বভাৱ বহুত ভাল আছিল আৰু তাই যিহোৱাক বহুত প্ৰেম কৰিছিল। আমি এজনে-আনজনক ভাল পাবলৈ ধৰিলোঁ। পাছত ১৯৭৫ চনত আমি বিয়া পাতিলোঁ। ইয়াৰ পাছত চাৰি বছৰলৈকে আমি ছুইডনৰ স্টমছণ্ড চহৰত সেৱা কৰিলোঁ। এই চহৰখন বহুত ধুনীয়া আছিল আৰু তাত বহুতো লোকে বাইবেলৰ বাৰ্তা শুনিছিল।
এন কেথৰিন: মোৰ দেউতা ষ্টকহʼমত বিশ্ব বিদ্যালয়ৰ পঢ়া শেষ কৰাৰ সময়ত সত্য শিকিলে। সেই সময়ত মই কেৱল তিনি মাহৰ আছিলোঁ। তথাপি দেউতাই মোক সভা আৰু প্ৰচাৰলৈ নিছিল। মোৰ মাক এই কথা ভাল লগা নাছিল আৰু তেওঁ সাক্ষীসকলক ভুল বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে হʼল। কিছু সময়ৰ পাছত তেওঁ সত্য শিকিলে আৰু বাপ্তিষ্মা লʼলে। তাৰ পাছত ময়ো ১৩ বছৰত বাপ্তিষ্মা লʼলোঁ আৰু ১৬ বছৰত অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ। পাছত মই ওমাঅʼৰ এখন ঠাইত সেৱা কৰিবলৈ ধৰিলোঁ যʼত প্ৰচাৰকৰ বহুত প্ৰয়োজন আছিল। ইয়াৰ পাছত মই বিশেষ অগ্ৰগামী হিচাপে সেৱা কৰাৰ সুযোগ পালোঁ।
বিয়াৰ পাছত মই আৰু মেট্চে বহুতো লোকক সত্য শিকাবলৈ সুযোগ পালোঁ। তেওঁলোকৰ মাজত এজনী যুৱতী আছিল মীৱৰ। তাই স্পৰ্টচত নিজৰ কেৰিয়াৰ বনোৱাৰ পৰিৱৰ্তে অগ্ৰগামী সেৱা কৰাৰ নিৰ্ণয় লʼলে। তাই আৰু মোৰ ভন্টীয়ে একেলগে মিলি অগ্ৰগামী সেৱা কৰিছিল। ১৯৮৪ চনত তেওঁলোকে গিলিয়াড স্কুললৈ যোৱাৰ সুযোগ পালে আৰু এতিয়া ইকুৱেডৰত মিচনেৰী হিচাপে সেৱা কৰি আছে।
আপোনালোকে বহুতো দেশত মিচনেৰী হিচাপে সেৱা কৰিলে, সেই সময়ছোৱাত “যʼত ৰোৱা হৈছে, তাত ফুলি থাকক” এই পৰামৰ্শ কেনেকৈ পালন কৰিলে?
মেট্চ: আমাক বাৰে বাৰে এঠাইৰ পৰা উঘালি আন ঠাইত ৰোৱা হʼল অৰ্থাৎ আমাক বেলেগ বেলেগ ঠাইত সেৱা কৰিবলৈ পঠিওৱা হʼল। আমি যীচুত “দৃঢ়” হʼবলৈ অৰ্থাৎ তেওঁৰ দৰে নম্ৰ হʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিলোঁ। (কল. ২:৬, ৭) যেনে, সেই ঠাইৰ ভাই-ভনীসকলে আমাৰ উপায়েৰে কাম কৰিব বুলি আমি আশা নকৰিলোঁ। ইয়াৰ পৰিৱৰ্তে আমি তেওঁলোকৰ আৰু তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ। যেনে, তেওঁলোকে কেনেধৰণে চিন্তা কৰে, কেনেদৰে কাম কৰে আৰু ইয়াৰ আঁৰত কি কাৰণ আছে। এইবোৰ কৰাৰ বাবে আমাৰ বহুতো লাভ হʼল। আমাক বৈ থকা পানীৰ ওচৰত ৰোৱা যেন আমি অনুভৱ কৰিলোঁ। ইয়াৰ বাবে আমাক যʼতে পঠিওৱা হʼল, তাতে আমি আনন্দেৰে সেৱা কৰিব পাৰিলোঁ।—গীত. ১:২, ৩.
মণ্ডলীবোৰৰ সাক্ষাৎ কৰাৰ সময়ত আমি প্ৰায়ে এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰিছিলোঁ
এন কেথৰিন: যেতিয়া এটি পুলিক আন ঠাইত ৰোৱা হয়, তেতিয়া তাক বাঢ়িবলৈ সূৰ্য্যৰ পোহৰৰ প্ৰয়োজন হয়। যিহোৱাই আমাৰ বাবে ‘সূৰ্য্যৰ’ দৰে কাম কৰিলে। (গীত. ৮৪:১১) তেওঁ ভাই-ভনীসকলৰ যোগেদি যি মৰম দেখুৱালে, সেয়া আমাৰ বাবে সূৰ্য্যৰ পোহৰৰ দৰে আছিল। যেনে, ইৰাণৰ এখন সৰু মণ্ডলী টেহৰাণৰ ভাই-ভনীসকলে আমাক অতিথি সৎকাৰ দেখুৱালে। এইবোৰ দেখি আমাৰ বাইবেলৰ সেই লোকসকলৰ কথা মনত পৰিল, যিসকল অতিথি সৎকাৰৰ বাবে জনাজাত। আমি ইৰাণতে থাকি সেৱা কৰিব বিচাৰিছিলোঁ। কিন্তু জুলাই ১৯৮০ চনত চৰকাৰে যিহোৱাৰ সাক্ষীসকলৰ কামক নিষেধ কৰিলে আৰু আমাক তাৰ পৰা ৪৮ ঘন্টাৰ ভিতৰতে ওলাই যাবলৈ কʼলে। তাৰ পাছত আমাক আফ্ৰিকাৰ জায়িৰ দেশত পঠিওৱা হʼল, যি আজি কংগো নামেৰে জনাজাত।
১৯৮২ চনত জায়িৰত কিছুমান ভাল স্মৃতি
যেতিয়া আমি প্ৰথমবাৰ শুনিলোঁ যে আমি আফ্ৰিকাত গৈ সেৱা কৰিব লাগিব, তেতিয়া মই কান্দিবলৈ ধৰিলোঁ। তাৰ সাপ আৰু বেমাৰবোৰৰ বিষয়ে মই যি শুনিছিলোঁ, তাৰ বিষয়ে ভাবি মই বহুত ভয় খালোঁ। কিন্তু আমাৰ দুজন ভাল বন্ধু বহু সময়ৰ পৰা তাত সেৱা কৰি আছিল, তেওঁলোকে আমাক কʼলে, “এতিয়ালৈকে আপোনালোকে আফ্ৰিকালৈ অহা নাই। এবাৰ আহি চাওক। আপোনালোকক আফ্ৰিকা ভাল লাগিবলৈ ধৰিব।” তেওঁলোকে কোৱাৰ দৰেই হʼল। তাত ভাই-ভনীসকলে আমাক বহুত প্ৰেম কৰিলে। ছয় বছৰৰ পাছত যেতিয়া জায়িৰ দেশত আমাৰ কাম নিষেধ কৰা হʼল আৰু আমাক তাৰ পৰা যাবলৈ কোৱা হʼল, তেতিয়া মই নিজৰ ওপৰত হাঁহিবলৈ ধৰিলোঁ। কাৰণ এতিয়া মই প্ৰাৰ্থনা কৰি আছিলোঁ যে প্লীজ! যিহোৱা আমাক ইয়াৰ পৰা নপঠিয়াব, আমি ইয়াতেই থাকিব বিচাৰোঁ।
ইমান বছৰ ধৰি আপোনালোকে যি সেৱা কৰিলে, তাৰ বাবে কি কি আশীৰ্বাদ পালে?
১৯৮৮ চনত তাঞ্জানিয়াত আমাৰ সৰু ঘৰ
মেট্চ: মিচনেৰী হিচাপে সেৱা কৰাৰ বাবে আমি বহুতো ভাল বন্ধু বনাব পাৰিলোঁ। আমি বেলেগ বেলেগ দেশ আৰু সংস্কৃতিৰ মিচনেৰীসকলৰ লগত বহুত সময় কটাব পাৰিলোঁ। কিছুমান ঠাইত আমি বহুতো লোকৰ বাইবেল অধ্যয়ন কৰাৰ সুযোগ পালোঁ। কেতিয়াবা কেতিয়াবা আমাৰ দুয়োজনৰ ওচৰত ২০ টা ২০ টা অধ্যয়ন থাকিছিল। ইয়াৰ পৰা আমি যি আনন্দ লাভ কৰিছিলোঁ, সেয়া শব্দেৰে প্ৰকাশ কৰিব নোৱাৰি। আফ্ৰিকাত আমাৰ ভাই-ভনীসকলে আমাক যি প্ৰেম কৰিলে আৰু যি অতিথি সৎকাৰ দেখুৱালে, সেয়া আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। যেতিয়া আমি তাঞ্জানিয়াৰ মণ্ডলীবোৰত সাক্ষাৎ কৰিবলৈ গৈছিলোঁ, তেতিয়া তাত থকা আমাৰ বন্ধুসকলে ‘নিজৰ সামৰ্থতকৈয়ো বেছি’ আমাৰ বাবে কৰিলে। (২ কৰি. ৮:৩) যেতিয়া আমি তেওঁলোকৰ ঘৰৰ ওচৰত আমাৰ ৱক্সবেগন কম্বী ভেন থিয় কৰিছিলোঁ যʼত আমি শুইছিলোঁ, তেতিয়া আমাৰ যাতে কোনো বস্তুৰ অভাৱ নহয়, তাৰ প্ৰতি তেওঁলোকে সম্পূৰ্ণ ধ্যান দিছিল। আমাৰ দুয়োজনৰ বাবে আৰু এটা কথা বিশেষ আছিল, সেয়া হৈছে সন্ধিয়াৰ সময়, যাক আমি “ষ্টৰী টাইম” বুলি কৈছিলোঁ। সেই সময়ত আমি একেলেগে বহিছিলোঁ আৰু গোটেই দিন কি কি কৰিলোঁ, তাৰ বিষয়ে কথা পাতিছিলোঁ আৰু গোটেই দিন যিহোৱাই আমাৰ যত্ন লোৱাৰ বাবে তেওঁক ধন্যবাদো দিছিলোঁ।
এন কেথৰিন: আমি বেলেগ বেলেগ দেশৰ ভাই-ভনীসকলৰ লগত থাকিব পাৰিলোঁ। এয়া মোৰ বাবে আনন্দৰ কথা আছিল। আমি বহুতো ভাষা শিকিলোঁ, যেনে ফৰাচী, ফ্ৰেন্স, লুগাণ্ডা আৰু স্বাহিলী। আমি বেলেগ বেলেগ সংস্কৃতিৰ বিষয়ে বহুতো কথা জানিব পাৰিলোঁ। আমি বহুতো লোকক যীচুৰ শিষ্য হʼবলৈ সহায় কৰিব পাৰিলোঁ। আমি বহুতো ভাল বন্ধু বনাব পাৰিলোঁ আৰু তেওঁলোকৰ লগত “একে মনেৰে” যিহোৱাৰ সেৱা কৰিব পাৰিলোঁ।—চফ. ৩:৯.
আমি যিহোৱাৰ সৃষ্টিত বহুতো ধুনীয়া ধুনীয়া বস্তু দেখিলোঁ। আমাক যেতিয়াই আন এখন ঠাইত যিহোৱাৰ সেৱা কৰিবলৈ পঠিওৱা হৈছিল, তেতিয়া আমাৰ এনে অনুভৱ হৈছিল যেন যিহোৱা আমাৰ গাইড হয় আৰু তেওঁ আমাৰ লগত যাত্ৰা কৰি আছে। ইয়াৰ বাবে আমি এনে বস্তুবোৰৰ অনুভৱ কৰিব পাৰিলোঁ, যি আমি হয়তো নিজে কেতিয়াও অনুভৱ কৰিব নোৱাৰিলোঁহেঁতেন।
তাঞ্জানিয়াৰ বেলেগ বেলেগ এলেকাত প্ৰচাৰ কৰি থকাৰ সময়ত
আপোনালোকে কি কি সমস্যাৰ সন্মুখীন হৈছিল আৰু সেইবোৰ কেনেকৈ পাৰ কৰিলে?
মেট্চ: এই বছৰবোৰত আমি বহুতো বেমাৰৰ লগত যুজিবলগীয়া হʼল, যেনে মেলেৰিয়া আৰু এন কেথৰিনক হঠাতে বহুতো চাৰ্জাৰি কৰিবলগীয়া হʼল। আমি আমাৰ মা-দেউতাৰ বিষয়ে ভাবিও চিন্তিত হৈ পৰিছিলোঁ। কাৰণ তেওঁলোক বৃদ্ধ হৈ পৰিছিল। কিন্তু আনন্দৰ বিষয় যে মোৰ ভাইটি আৰু এন কেথৰিনৰ ভাই-ভনীসকলে তেওঁলোকৰ বহুত ভালদৰে যত্ন লʼলে। তেওঁলোকে বহুত ধৈৰ্য্য ধৰিলে আৰু আনন্দেৰে আৰু মৰমেৰে তেওঁলোকৰ চোৱা-চিতা কৰিলে। (১ তীম. ৫:৪) তথাপিও কেতিয়াবা কেতিয়াবা আমাৰ দুখ লাগিছিল। আমি ভাবিছিলোঁ আমি তেওঁলোকৰ লগত থকা হʼলে কিমান ভাল আছিল! আমি আৰু ভালদৰে তেওঁলোকৰ যত্ন লʼব পাৰিলোঁহেঁতেন!
এন কেথৰিন: ১৯৮৩ চনত যেতিয়া আমি জায়িৰত সেৱা কৰি আছিলোঁ, তেতিয়া এবাৰ মোৰ বেয়াকৈ কলেৰা হৈছিল। যেতিয়া মেট্চে মোক ডাক্তৰৰ ওচৰলৈ লৈ গʼল, তেতিয়া ডাক্তৰে কʼলে, “আপুনি তাইক এই দেশৰ পৰা আজিয়েই লৈ যোৱাটো ভাল হʼব।” তাৰ পাছদিনাখন আমি কাৰ্গ প্লেনেৰে লগে লগে ছুইডেনলৈ গʼলোঁ, কাৰণ সেই সময়ত তাত কেৱল এইখনেই উৰাজাহাজ আছিল।
মেট্চ: আমি ভাবিলোঁ যে আমাৰ মিচনেৰী সেৱা ইমানতেই শেষ হৈ যাব। সেইবাবে, আমি বহুত কান্দিলোঁ। ডাক্তৰে ভাবিছিল যে এন কেথৰিনৰ বেমাৰ ভাল হোৱাটো অসম্ভৱ। কিন্তু লাহে লাহে তাই সুস্থ হʼল। ইয়াৰ এবছৰৰ পাছত আমি জায়িৰলৈ উভতি গʼলোঁ। এইবাৰ আমি লুবুম্বাছী চহৰৰ স্বাহিলী ভাষা কোৱা এখন সৰু মণ্ডলীত গʼলোঁ।
এন কেথৰিন: যেতিয়া আমি লুবুম্বাছীত আছিলোঁ, তেতিয়া আমি গʼম পালোঁ যে মই গৰ্ভৱতী আছোঁ। কিন্তু দুখৰ বিষয় যে আমাৰ সন্তানটি জন্ম হোৱাৰ আগতেই আমি তাক মৃত্যুত হেৰুৱালোঁ। যদিও আমি সন্তানৰ বিষয়ে ভবা নাছিলোঁ, কিন্তু যেতিয়া আমি আমাৰ সন্তানটি হেৰুৱালোঁ, তেতিয়া এয়া সহন কৰাটো মোৰ বাবে বহুত কঠিন আছিল। কিন্তু সেই সময়ত যিহোৱাই মোক বহুতো আশীৰ্বাদ দিলে, যাৰ মই আশাও কৰা নাছিলোঁ। হঠাতে আমি ইমানেই বাইবেল অধ্যয়ন পালোঁ, যিমান আগতে কেতিয়াও পোৱা নাছিলোঁ। এবছৰৰ ভিতৰতে মণ্ডলীৰ প্ৰচাৰক সংখ্যা ৩৫-ৰ পৰা বাঢ়ি ৭০ হʼল আৰু সভাৰ উপস্থিতিৰ সংখ্যা ৪০-ৰ পৰা বাঢ়ি ২২০ হʼল। আমি প্ৰচাৰ কাম আৰু অধ্যয়নত বহুত ব্যস্ত হৈ পৰিলোঁ। সঁচাকৈ, এয়া যিহোৱাৰ ফালৰ পৰা এনে এটা আশীৰ্বাদ আছিল, যাৰ পৰা আমি বহুত শান্ত্বনা পালোঁ। আজিও আমি আমাৰ সেই সন্তানটিৰ বিষয়ে চিন্তা কৰোঁ আৰু তাৰ বিষয়ে কথা পাতোঁ। আমি সেই দিনৰ বাবে আগ্ৰহেৰে বাট চাই আছোঁ, যেতিয়া যিহোৱাই আমি মনত পোৱা আঘাত সম্পূৰ্ণৰূপে ঠিক কৰিব।
মেট্চ: এনে এটা সময় আহিল, যেতিয়া কেথৰিনে বহুত দুৰ্বল অনুভৱ কৰিছিলোঁ আৰু সোনকালে ভাগৰি পৰিছিল। মোৰো ফৰ্থ ষ্টেজ কʼলʼণ কেন্সাৰ (মলাশয় কেন্সাৰ) হৈছিল। ইয়াৰ বাবে মোৰ বহুত ডাঙৰ অপাৰেশ্ব্যন কৰিবলগীয়া হʼল। কিন্তু এতিয়া মই সম্পূৰ্ণৰূপে সুস্থ আছোঁ আৰু কেথৰিনেও যিহোৱাৰ সেৱা ভালদৰে কৰিব পাৰিছে।
কিন্তু আমি অকলেই এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ এনে নহয়। আমাৰ আন ভাই-ভনীসকলেও সমস্যাৰ সন্মুখীন হৈ আছিল। ১৯৯৪ চনত উগাণ্ডাত বহুতো লোকক হত্যা কৰা হৈছিল। এই ঘটনাৰ পাছত আমাৰ কিছুমান বন্ধুক লগ কৰিবলৈ আমি শৰণাৰ্থী শিবিৰত গʼলোঁ। আমি দেখিলোঁ যে তেওঁলোকৰ বিশ্বাস বহুত মজবুত আছে, তেওঁলোকে কেনেকৈ ধৈৰ্য্যেৰে সকলোবোৰ সহন কৰি আছে আৰু কঠিন পৰিস্থিতিতো অতিথি সৎকাৰ দেখুৱাই আছে। এই সকলোবোৰ দেখি আমাৰ বিশ্বাস হʼল যে যিমানেই কঠিন পৰিস্থিতি নাহক কিয়, যিহোৱাই নিজৰ লোকসকলক চম্ভালিব পাৰে।—গীত. ৫৫:২২.
এন কেথৰিন: ২০০৭ চনত আমি আৰু এটা সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼল। আমি উগাণ্ডা শাখা কাৰ্য্যালয়ৰ সমৰ্পণৰ বাবে গৈছিলোঁ। কাৰ্য্যক্ৰম শেষ হোৱাৰ পাছত আমি কেনিয়াৰ নাইৰোবি চহৰলৈ গৈ আছিলোঁ। আমি প্ৰায় ২৫ জন ভাই-ভনী আছিলোঁ, তাৰে মাজৰ কিছুমান বেথেলৰ ভাই-ভনী আছিল আৰু কিছুমান মিচনেৰী। কিন্তু কেনিয়া বৰ্ডাৰ পোৱাৰ আগতেই আমাৰ লগত এটা দুৰ্ঘটনা হʼল। আগফালৰ পৰা এখন ট্ৰাক আহি আছিল যি হঠাতে আমাৰ লাইনত আহি আমাৰ বাছখনক খুন্দা মাৰিলে, যাৰ বাবে ড্ৰাইভাৰ আৰু আমাৰ পাঁচজন ভাই-ভনীৰ লগে লগে মৃত্যু হʼল। পাছত আৰু এজনী ভনীৰ হস্পিতালত মৃত্যু হʼল। আমি সেই দিনৰ বাবে আগ্ৰহেৰে বাট চাই আছোঁ, যেতিয়া আমি সেই ভাই-ভনীসকলক আকৌ লগ পাম।—ইয়ো. ১৪:১৩-১৫.
এই দুৰ্ঘটনাত মই যি আঘাত পাইছিলোঁ, সেয়া লাহে লাহে ঠিক হৈ গʼল। কিন্তু মই, মেট্চ আৰু আন ভাই-ভনীসকলে এই দুৰ্ঘটনাৰ পাছত এক প্ৰকাৰৰ মানসিক সমস্যাৰ লগত যুঁজিবলগীয়া হʼল। মই ৰাতি হঠাতে ব্যাকুল হৈ পৰিছিলোঁ আৰু উঠি বহিছিলোঁ। এনে লাগিছিল যে মোৰ হাৰ্ট এটেক হʼব। মই বহুত ভয় খাইছিলোঁ। কিন্তু পাছত আমি যিহোৱালৈ কাকূতি-মিনতি কৰিছিলোঁ আৰু আমি ভাল পোৱা পদবোৰ মনত পেলাইছিলোঁ। এইদৰে কৰাৰ বাবে আমি বহুত শান্ত্বনা পাইছিলোঁ। আমি ডাক্তৰৰো সহায় লʼলোঁ আৰু তাৰ পৰাও বহুত সহায় পালোঁ। এতিয়া আমি আগতকৈ বহুত ভাল অনুভৱ কৰি আছোঁ আৰু সেই লোকসকলৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, যিসকলে আমাৰ নিচিনা পৰিস্থিতিৰ মাজেদি পাৰ হৈ আছে।
যেতিয়া আপুনি জনাই আছিল যে আপোনালোকে কেনেকৈ সমস্যাৰ সন্মুখীন হʼল, তেতিয়া আপুনি কৈছিল যে যিহোৱাই আপোনালোকক এনেদৰে চম্ভালিলে, যিদৰে কোনোবাই কেঁচা কণীক চম্ভালি উঠায়। এই বিষয়ে আপোনালোকে বহলাই কʼব নে?
মেট্চ: স্বাহিলী ভাষাত এটা ইডিয়ম আছে, যাৰ অৰ্থ হৈছে ‘আমাক কেঁচা কণীৰ দৰে উঠোৱা হʼল।’ যেনেকৈ কোনোবাই কেঁচা কণীক বহুত সাৱধাণেৰে উঠাই যাতে এয়া ভাঙি নাযায়। ঠিক সেইদৰে যিহোৱাও আমাক বহুত মৰমেৰে চম্ভালিলে। আমি বহুতো ঠাইত সেৱা কৰিবলৈ গʼলোঁ আৰু তাত যিহোৱাই আমাক বহুত ভালদৰে যত্ন লʼলে। তেওঁ সদায় আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিলে, আন কি আমাৰ প্ৰয়োজনতকৈ বেছি আমাক দিলে। প্ৰশাসন গোষ্ঠীয়ে আমাক যিদৰে সহানুভূতি দেখুৱালে আৰু সহায় কৰিলে, তাৰ পৰা আমাৰ অনুভৱ হʼল যে যিহোৱাই আমাৰ লগত আছে আৰু আমাক বহুত প্ৰেম কৰে।
এন কেথৰিন: মই আৰু এটা ঘটনাৰ বিষয়ে জনাব বিচাৰোঁ যেতিয়া যিহোৱাই আমাক বহুত মৰমেৰে চম্ভালিলে। এদিন ছুইডেনৰ পৰা মোৰ ওচৰত এটা ফোন আহিলে আৰু মই গʼম পালোঁ যে মোৰ দেউতাৰ বহুত বেমাৰ হৈছে। তেওঁক হস্পিতালত ভৰ্তি কৰা হৈছে আৰু তেওঁৰ পৰিস্থিতি বহুত বেয়া আছে। মেট্চৰ মেলেৰিয়া হৈছিল আৰু অলপতে তেওঁ ভাল পাইছিল। আমাৰ ওচৰত ইমান টকা নাছিল যে আমি ঘৰলৈ যাবলৈ ফ্লাইটৰ টিকেট লʼব পাৰোঁ। সেইবাবে, আমি আমাৰ গাড়ী বিক্ৰী কৰাৰ বিষয়ে ভাবিলোঁ। তেতিয়াই আমাৰ ওচৰত আৰু দুটা ফোন আহিলে। যেতিয়া আমাৰ পৰিস্থিতিৰ বিষয়ে এহাল দম্পতীয়ে গʼম পালে, তেতিয়া তেওঁলোকে আমাক ফোন কৰিলে আৰু জনালে যে তেওঁলোকে আমাৰ এটা টিকেটৰ পইচা দিব। আন এটা ফোন এজনী বৃদ্ধ ভনীৰ পৰা আহিছিল। তাই জনালে যে এটা বক্সত তাই অলপ টকা সাঁচি থৈছে আৰু তাত লিখা আছে “প্ৰয়োজন হোৱা লোকৰ বাবে।” এইদৰে অলপ সময়ৰ ভিতৰতে যিহোৱাই আমাক এই সমস্যাৰ পৰা উলিয়াই আনিলে।—ইব্ৰী ১৩:৬.
পূৰ্ণ সময়ৰ সেৱা কৰি আপোনালোকৰ ৫০ বছৰ হৈ গʼল, এই সময়ছোৱাত আপোনালোকে কি শিকিলে জনাব নে?
ম্যানমাৰ বেথেলত সেৱা কৰি থকাৰ সময়ত
এন কেথৰিন: মই শিকিলোঁ যে যেতিয়া আমি ‘শান্ত হৈ থাকোঁ আৰু যিহোৱাৰ ওপৰত বিশ্বাস কৰোঁ,’ তেতিয়া তেওঁ আমাক সমস্যাৰ লগত যুঁজিবলৈ শক্তি দিয়ে। আচলতে যেতিয়া আমি যিহোৱাৰ ওপৰত বিশ্বাস কৰোঁ, তেতিয়া তেওঁ যেন আমাৰ ফলীয়া হৈ সমস্যাবোৰৰ লগত যুঁজে। (যিচ. ৩০:১৫; ২ বং. ২০:১৫, ১৭) আমি যʼতেই গʼলোঁ, তাতেই মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিলোঁ। ইয়াৰ বাবে আমি ইমানে আশীৰ্বাদ পালোঁ, যিমান বেলেগ কাম কৰা হʼলে নাপালোঁহেঁতেন।
মেট্চ: এটা গুৰুত্বপূৰ্ণ কথা মই শিকিলোঁ সেয়া হৈছে পৰিস্থিতি যিয়ে নহওক কিয়, আমি সকলোবোৰ যিহোৱাৰ হাতত এৰি দিয়া উচিত আৰু চোৱা উচিত যে তেওঁ আমাৰ বাবে কেনেকৈ পদক্ষেপ লʼব। (গীত. ৩৭:৫) তেওঁ প্ৰতিজ্ঞা কৰিছে যে তেওঁ সদায় আমাৰ যত্ন লʼব আৰু এই প্ৰতিজ্ঞা তেওঁ পূৰ কৰিলে। আজিও আমি ম্যানমাৰ বেথেলত সেৱা কৰি থকাৰ সময়ত মন কৰিছোঁ যে তেওঁ নিজৰ এই প্ৰতিজ্ঞা কেনেকৈ পূৰ কৰি আছে।
আমি আশা কৰোঁ যে যিসকল ডেকাই যিহোৱাৰ সেৱাত বেছিকৈ কৰিব বিচাৰে, তেওঁলোকে যিহোৱাৰ অটুট প্ৰেম অনুভৱ কৰিব পাৰিব, যেনেকৈ আমি কৰিব পাৰিলোঁ। আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁলোকে যদি যিহোৱাৰ সহায় লয়, তেনেহʼলে তেওঁলোকক যʼতে ৰোৱা হʼব তাতে ফুলিব।